অসম

assam

By ANI

Published : Feb 14, 2024, 9:59 AM IST

Updated : Feb 14, 2024, 3:09 PM IST

ETV Bharat / bharat

ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ মনোনয়ন দাখিল ছোনিয়া গান্ধীৰ

Sonia Gandhi to Rajya Sabha : নিম্ন সদনৰ পৰা এইবাৰ উচ্চ সদনলৈ যোৱাৰ আগ্ৰহ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ । কিছুদিন পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি খবৰ ওলাইছিল । তাৰ মাজতে এইবাৰ ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হ'বলৈ আগবাঢ়িছে ছোনিয়া গান্ধী ।

ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ মনোনয়ন দাখিল ছোনিয়া গান্ধীৰ
ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ মনোনয়ন দাখিল ছোনিয়া গান্ধীৰ

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী : কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰী ছোনিয়া গান্ধীয়ে ৰাজ্যসভাৰ বাবে বুধবাৰে মনোনয়ন দাখিল কৰে । কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে মনোনয়ন প্ৰদানৰ বাবে পুৱা প্ৰায় ৯ বজাত জয়পুৰত উপস্থিত হয় । তেওঁক সংগ দিয়ে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়েও । ছোনিয়া গান্ধীয়ে বৰ্তমান প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ খালী হোৱা আসনখন পূৰণ কৰিবলৈ ৰাজ্যসভালৈ যাব ।

উল্লেখ্য যে ৰাজস্থানৰ তিনিখন আসনত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । ভাৰতীয় জনতা পাৰ্টীয়ে দুখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে । আনহাতে, কংগ্ৰেছে ছোনিয়া গান্ধীক এখন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ৰাজ্যসভাৰ নিৰ্বাচন ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ।

ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট, পিচিচি প্ৰধান গোবিন্দ সিং দোতাচাৰা আৰু বিৰোধী দলৰ নেতা টীকাৰাম জুলিকে ধৰি কেইবাজনো জ্যেষ্ঠ বিধায়কে প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীক ৰাজ্যসভাৰ বাবে প্ৰস্তাৱ কৰে । ইয়াৰ পূৰ্বে জয়পুৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত ছোনিয়া গান্ধীক প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট, চিপি যোশী, গোবিন্দ সিং দোতাচৰা, টীকাৰাম জুলিকে ধৰি বহু ৰাজ্যখনৰ নেতাই আদৰণি জনায় । ইয়াৰ বাবে মঙলবাৰে জয়পুৰত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং দোতাচৰাৰ নেতৃত্বত প্ৰস্তুতি চলোৱা হয় । এই সময়ছোৱাতে গোবিন্দ দোতাচৰাৰ ঘৰত মনোনয়ন প্ৰ-পত্ৰ পূৰণ কৰা হয় । কংগ্ৰেছ নেতাসকলে পূৰণ কৰা মনোনয়ন প্ৰপত্ৰ লৈ হোটেল ৰামবাগত উপস্থিত হয় ।

উল্লেখ্য যে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে বুধবাৰে পুৱা তেওঁৰ বাসগৃহৰ পৰা ৰাজস্থানলৈ ৰাওনা হয় । কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে সংসদৰ উচ্চ সদনত ৰাজস্থানৰ পৰা কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিব । প্ৰণিধানযোগ্য যে ১৯৯৮ চনৰ পৰা ২০২২ চনলৈ প্ৰায় ২২ বছৰ কংগ্ৰেছৰ সভাপতি হৈ থকা ছোনিয়া গান্ধী হৈছে পাঁচবাৰৰ লোকসভাৰ সাংসদ ।

আনহাতে, ৰাজস্থানৰ পৰা অন্তিমবাৰৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে এই বছৰৰ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব । প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীও ৰাজ্যসভাৰ সদস্য আছিল । ছোনিয়া গান্ধী উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীৰ পৰা একেৰাহে লোকসভালৈ নিৰ্বাচিত হৈছে ।

উল্লেখ্য, চলিত বৰ্ষৰ এপ্ৰিল-মে'ত অনুষ্ঠিত হ'বলগা লোকসভা নিৰ্বাচনৰ পূৰ্বে ছোনিয়া গান্ধীৰ ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিলৰ পদক্ষেপটো আহিছে । কংগ্ৰেছে এতিয়াও ১৫ খন ৰাজ্যৰ পৰা ৫৬ খন আসনৰ বাবে দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই । আনহাতে, মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ১৫ ফেব্ৰুৱাৰী ।

নিৰ্বাচন আয়োগে বিগত মাহত ৰাজ্যসভাৰ ৫৬ খন আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে । ভোটগ্ৰহণ ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :বিহাৰ লোকসভাৰ ৪০ খন আসনতেই জয়লাভৰ দাবী নীতিশ কুমাৰৰ

Last Updated : Feb 14, 2024, 3:09 PM IST

ABOUT THE AUTHOR

...view details