অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত 6 সন্ত্ৰাসবাদী: আৰক্ষী সঞ্চালক প্ৰধানে কৰিলে স্পষ্ট - KULGAM ENCOUNTER

KASHMIR ENCOUNTER : কুলগাম জিলাত চলি থকা এনকাউণ্টাৰত ছটা সন্ত্ৰাসবাদী নিহত হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানে ৷ মডেৰগাম গাঁৱত সংঘটিত হয় প্ৰথমটো এনকাউণ্টাৰ ৷

ENCOUNTERS IN JAMMU AND KASHMIR
এনকাউণ্টাৰত ছটা সন্ত্ৰাসবাদী নিহত (ETV BHARAT)

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 4:39 PM IST

নেশ্যনেল ডেস্ক, 7 জুলাই : নিৰাপত্তা বাহিনীৰ সন্ত্ৰাস বিৰোধী অভিযানত নিহত 6 টাকৈ সন্ত্ৰাসবাদী ৷ জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ আৰ শ্বোৱাইনে দেওবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, কুলগাম জিলাত চলি থকা এনকাউণ্টাৰত ছটা সন্ত্ৰাসবাদী নিহত হৈছে ৷

শ্ৰীনগৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আৰক্ষী সঞ্চালক প্ৰধান শ্বোৱাইনে নিশ্চিত কৰে যে জিলাখনৰ দুটা ভিন্ন স্থানত এনকাউণ্টাৰ চলি আছে ৷ তেওঁ কয় "ছটা সন্ত্ৰাসবাদীক নিস্ক্ৰীয় কৰা হৈছে ৷"

ডি জি পি শ্বোৱাইনে এই অভিযানসমূহে গতি লাভ কৰা বুলি আলোকপাত কৰি নিৰাপত্তা পৰিৱেশ শক্তিশালী কৰাৰ ক্ষেত্ৰত এনে সফলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ তেওঁ কয়- "নিঃসন্দেহে নিৰাপত্তাৰক্ষীৰ বাবে এয়া এক উল্লেখযোগ্য মাইলৰ খুঁটি ৷ নিৰাপত্তাৰ পৰিৱেশ সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই সফলতাসমূহ অতি গুৰুত্বপূৰ্ণ ৷"

লগতে পঢ়ক :ন্যস্ত স্বাৰ্থৰে জম্মু অঞ্চললৈ বিদেশী সন্ত্ৰাসবাদীক পঠাইছে পাকিস্তানে: জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান - Reasi bus terror attack

শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে, সন্ত্ৰাসবাদৰ অন্ত পেলাবলৈ জনসাধাৰণ একত্ৰিত হৈছে আৰু অভিযানে গতি লাভ কৰিছে ৷ বৰ্তমান অভিযান এতিয়াও চলি আছে আৰু এতিয়াও সমাপ্ত হোৱা নাই ৷ তেওঁ এই অভিযানত স্থানীয় সন্ত্ৰাসবাদী জড়িত থকাৰ খবৰৰ কথাও উল্লেখ কৰে ৷ "স্থানীয় সন্ত্ৰাসবাদীও জড়িত হোৱাৰ খবৰ পাইছো" বুলি তেওঁ কয় ৷

শনিবাৰে মডেৰগাম গাঁৱত সংঘটিত হয় প্ৰথমটো এনকাউণ্টাৰ ৷ ইয়াৰ পিচতে জিলাখনৰ ফ্ৰিছাল চিন্নিগাম অঞ্চলত আন এক মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, এই সন্ত্ৰাসবাদী আক্ৰমণবোৰ দক্ষিণ কাশ্মীৰত চলি থকা অমৰনাথ যাত্ৰাৰ সময়ত হৈছে ৷ জম্মু আৰু কাশ্মীৰত শেহতীয়া মাহবোৰত সন্ত্ৰাসবাদী আক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :জম্মু-কাশ্মীৰত গুলীয়াগুলী: নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত চাৰি সন্ত্ৰাসবাদী, দুজন জোৱান ছহিদ - KASHMIR ENCOUNTER

ABOUT THE AUTHOR

...view details