অসম

assam

নাবালিকাক ধৰ্ষণ কৰি সামাজিক মাধ্যমত ভিডিঅ’ আপলোড ৬ কিশোৰৰ: তিনি অভিযুক্তক গ্ৰেপ্তাৰ - MINOR RAPE CASE

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 1:29 PM IST

Teenager raped: পুনৰ সংঘটিত হৈছে এটা জঘন্য ধৰ্ষণৰ ঘটনা ৷ ৬ কিশোৰৰ কামনাৰ বলি এগৰাকী কিশোৰী ৷ ধৰ্ষণৰ দৃশ্য অভিযুক্তই আপলোড কৰিলে সামাজিক মাধ্যমত ৷ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি পলাতক আন তিনিজনৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰক্ষীৰ ৷

Minor Rape Case
নাবালিকাক দলবদ্ধ ধৰ্ষণ (ETV Bharat)

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ:কলকাতাৰ অভয়াকাণ্ডৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই ৷ পশ্চিম বংগত এতিয়াও জ্বলি আছে প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে ন্যায় বিচাৰি প্ৰতিবাদ ৷ কাম বন্ধ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে চিকিৎসকে ৷ কৰ্মক্ষেত্ৰত মহিলাৰ সুৰক্ষাক লৈ উত্থাপিত হৈছে বিভিন্ন প্ৰশ্ন ৷ অসমৰ নগাঁও জিলাৰ ধিঙত সংঘটিত কিশোৰী ধৰ্ষণৰ ঘটনাও হয়তো আপুনি পাহৰা নাই ৷ ঘৰে-পৰে এতিয়া মহিলাৰ সুৰক্ষাৰ বিষয়টো যেন চিন্তনীয় হৈ পৰিছে ৷ তাৰ মাজতেই পোহৰলৈ আহিছে আন এক জঘন্য ধৰ্ষণৰ ঘটনা ৷

এইবাৰ ধৰ্ষিতা আৰু ধৰ্ষণকাৰী উভয়েই হৈছে নাবালক-নাবালিকা ৷ অভিযোগ মতে, ৬ টা কিশোৰে দলবদ্ধভাৱে ধৰ্ষণ কৰিছে এগৰাকী নাবালিকাক ৷ কিশোৰীগৰাকীৰ পিতৃয়ে উত্থাপন কৰিছে এই ভয়ংকৰ অভিযোগ ৷ কেৱল ধৰ্ষণ কৰাই নহয়, এই জঘন্যকাণ্ড ভিডিঅ’ কৰি সামাজিক মাধ্যমতো প্ৰচাৰ কৰিছিল কিশোৰৰ দলটোৱে ৷ যাক লৈ আশ্বৰ্যচকিত হৈ পৰিছে সচেতন মহল ৷

নাবালিকাক ধৰ্ষণ কৰি সামাজিক মাধ্যমত আপলোড ভিডিঅ’

আৰক্ষীয়ে জনোৱা মতে যোৱা ৪ ছেপ্টেম্বৰত এই ঘটনাটো সংঘটিত হৈছে । কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা এটা ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰাৰ পিচতে ঘটনাটো পোহৰলৈ আহে । ঘটনাটোত জড়িত ৩ জন কিশোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু বাকী ৩ জনক বিচাৰি অভিযান অব্যাহত ৰাখিছে ।

ইফালে ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিছে । আৰক্ষীয়ে POCSO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিঘটনাৰ তদন্ত আৰম্ভ কৰিছে । প্ৰাথমিক অনুসন্ধানত জানিব পৰা গৈছে যে ৪ ছেপ্টেম্বৰত ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃ পথাৰলৈ ওলাই গৈছিল । সেই সময়তে গাঁৱৰে ৬ জন কিশোৰে তেওঁৰ বাসগৃহত প্ৰৱেশ কৰে আৰু কিশোৰীগৰাকীক ধৰ্ষণ কৰে । এই ঘটনাটো সংঘটিত হৈছে বিহাৰৰ মতিহাৰী জিলাৰ পূব চম্পৰাণত ৷

অভিযুক্ত ৩ কিশোৰ পলাতক

বিজধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত ৰাজীৱ কুমাৰে ঘটনা সন্দৰ্ভত কয়, "এই ঘটনা মানৱ সমাজক কলংকিত কৰা এক ঘটনা । আমি ঘটনা সন্দৰ্ভত ৩ জন কিশোৰক গ্ৰেপ্তাৰ কৰিছো । আমি এতিয়াও ঘটনাটোৰ সৈতে জড়িত আন ৩ জনক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাই আছো । ইতিমধ্যে গোচৰটো মহিলা আৰক্ষী থানালৈ স্থানান্তৰ কৰা হৈছে । মহিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই গোচৰটোৰ তদন্ত কৰি আছে ।" ইফালে ঘটনাটো পোহৰলৈ অহাৰ পিচতে গাঁওখনত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে ।

বিহাৰত মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা

বিহাৰত মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । দুদিন পূৰ্বে অৰ্থাৎ ১১ ছেপ্টেম্বৰত আৰক্ষীয়ে এজন ২৯ বছৰীয়া নিৰ্মাণ শ্ৰমিকক তেওঁৰ বাসগৃহৰ সমীপত ৪ বছৰীয়া ইউৰোপীয় শিশুক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ।

একেদৰে ৩ ছেপ্টেম্বৰত গয়া জিলাত আন এক ঘটনা সংঘটিত হয় । এগৰাকী ৬ বছৰীয়া কিশোৰীক ২ যুৱকে প্ৰথমে অপহৰণ কৰে আৰু পিচত দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰে । আৰক্ষীয়ে উচিৰভান গাঁৱৰ মৰহাৰ নৈৰ পাৰত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ।

লগতে পঢ়ক :চিকিৎসকৰ গুপ্তাংগ কাটিলে নাৰ্ছে - NURSE CUT DOCTOR PRIVATE PART

জোনাইত জঘন্য কাণ্ড, ছাত্ৰীক নিৰ্যাতন চলাই পলায়ন উপাধ্যক্ষৰ স্বামীৰ - Sexual harassment

ৰক্ষকে হ’ল ভক্ষক; নিজ ককাকৰ কামনাৰ বলি হ’ল নাতিনী - Attempt To Rape

ABOUT THE AUTHOR

...view details