অসম

assam

ETV Bharat / bharat

যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ সাংসদ প্ৰজ্বল ৰেভান্না - MP Prajwal arrested - MP PRAJWAL ARRESTED

MP Prajwal arrested: যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল হাছানৰ সাংসদ প্ৰজ্বল ৰেভান্না । যোৱা এমাহ ধৰি পলায়ন কৰি আছিল ৰেভান্না । জাৰ্মানীৰ পৰা ভাৰতত উপস্থিত হোৱাৰ পিচতে বিশেষ অনুসন্ধানকাৰী দলে তেওঁক বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে ।

MP Prajwal arrested
গ্ৰেপ্তাৰ হ'ল যৌন নিৰ্যাতনৰ অভিযুক্ত সাংসদ প্ৰজ্বল ৰেভান্না (ETV Bharat)

By ETV Bharat Assamese Team

Published : May 31, 2024, 1:27 PM IST

নেশ্যনেল ডেস্ক, ৩১ মে':যৌন নিৰ্যাতনৰ অভিযুক্ত জেডি(এছ) ৰ নিলম্বিত সাংসদ প্ৰজ্বল ৰেভান্নাক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । যৌন নিৰ্যাতন গোচৰটোৰ তদন্ত কৰি থকা বিশেষ অনুসন্ধানকাৰী দলে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে হাছানৰ সাংসদজনক । মাজনিশা জাৰ্মানীৰ পৰা ভাৰতত অৱতৰণ কৰাৰ কেইমিনিটমান পিচতে তেওঁ গ্ৰেপ্তাৰ কৰে ।

ৰেভান্নাক বিশেষ অনুসন্ধানকাৰী দলটোৱে বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰে । তেওঁক লগে লগে জেৰাৰ বাবে চি আই ডি কাৰ্যালয়লৈ লৈ যোৱা হয় । ইফালে বিমানবন্দৰত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হয় ।

যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ প্ৰায় এমাহ পিচত সাংসদজনে বেংগালুৰুলৈ উভতি আহিছিল । প্ৰথমে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ চোৰাংচোৱাই তেওঁক জিম্মাত লয় আৰু পিচত তেওঁক এছ আই টিৰ হাতত গতাই দিয়া হয় । তেওঁৰ বিৰুদ্ধে আদালতে ৱাৰেণ্ট জাৰি কৰিছিল । সকলো আনুষ্ঠানিকতাৰ পিচত এছ আই টিয়ে তেওঁক নিজৰ জিম্মাত লয় ।

বিষয়াসকলৰ মতে আৰক্ষীয়ে তেওঁৰ নিৰাপত্তাৰ কথা চিন্তা কৰি তেওঁক আন পথেৰে লৈ যোৱা হৈছিল । লক্ষণীয়ভাৱে দেশৰ পৰা পলায়নৰ এমাহৰ পিচত ৰেভান্নাই যোৱা ২৭ মে'ত এটা ভিডিঅ' পোষ্ট কৰিছিল ৷ য'ত তেওঁ ৩১ মে'ত এছ আই টিৰ সন্মুখত হাজিৰ হ'ব বুলি উল্লেখ কৰিছিল ।

উল্লেখ্য যে, হাছান লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ এদিন পিচতে ২৭ এপ্ৰিলত তেওঁ জাৰ্মানীলৈ উৰা মাৰিছিল । চি বি আইৰ জৰিয়তে এছ আই টিৰ অনুৰোধৰ পিচত ইণ্টাৰপ’লৰ দ্বাৰা তেওঁৰ অৱস্থানৰ বিষয়ে তথ্য বিচাৰি এক 'ব্লু কৰ্ণাৰ জাননী' জাৰি কৰা হৈছিল ।

এখন বিশেষ আদালতে এছ আই টিৰ আবেদনৰ ভিত্তিত ৰেভান্নাৰ বিৰুদ্ধে ১৮ মে'ত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল । ইফালে কংগ্ৰেছ নেতৃত্বাধীন কৰ্ণাটক চৰকাৰে কেন্দ্ৰক তেওঁৰ পাছপ'ৰ্ট বাতিল কৰিবলৈ আহ্বান জনাইছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰেভান্নাক এই সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰিছে । আনহাতে সাংসদজনে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগক ভুৱা আখ্যা দিছে । ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও তেওঁ অভিযোগ কৰিছে ।

লগতে পঢ়ক :যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতা দেৱৰাজে গৌড়া - BJP Leader Devaraje Gowda

ABOUT THE AUTHOR

...view details