নেশ্যনেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী :ভাৰতৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ কৰিছে । য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । এই বৈঠকত তেওঁলোকে ৮ খন বুজাবুজি চুক্তিত সন্মত হয় ।
বৈঠক সন্দৰ্ভত এক যুটীয়া বিবৃতি প্ৰকাশ কৰা হৈছে য'ত কোৱা হৈছে যে দুয়োগৰাকী নেতাই ভাৰত-ইউএই দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰে । ২০১৭ চনত শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণৰ সময়ত আনুষ্ঠানিকভাৱে এই সম্পৰ্কক এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল । তেওঁলোকে বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ ওপৰত সন্তুষ্টি ব্যক্ত কৰি কয় যে দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব বিগত বছৰবোৰত যথেষ্ট সম্প্ৰসাৰিত হৈ আহিছে ।
ভাৰত আৰু ইউএইৰ মাজত স্বাক্ষৰিত চুক্তিসমূহ হৈছে দ্বিপাক্ষিক বিনিয়োগ চুক্তি, ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইইচি), ডিজিটেল আন্তঃগাঁথনি প্ৰকল্পৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি, বিদ্যুৎ আন্তঃসংযোগ আৰু বাণিজ্যৰ ক্ষেত্ৰত বুজাবুজি চুক্তি, গুজৰাটৰ লোথালৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ সৈতে সহযোগিতাৰ বাবে বুজাবুজি চুক্তি ।
অন্যান্য চুক্তিবোৰ হৈছে ইউএই-ৰ ৰাষ্ট্ৰীয় পুথিভঁৰাল আৰু আৰ্কাইভ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় আৰ্কাইভৰ মাজত সহযোগিতা, ইউ.পি.আই. (ভাৰত) আৰু এ.এ.এন.আই.(ইউএই) আৰু ঘৰুৱা ডেবিট আৰু ক্ৰেডিট কাৰ্ড - ৰুপে (ভাৰত)ক জে.এ.ৱাই.ৱান (ইউএই)ৰ সৈতে আন্তঃসংযোগ কৰাৰ চুক্তি ।
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি আল নাহিয়ানে অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা শক্তিশালী কৰিবলৈ আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰ অন্বেষণ কৰিবলৈ দুয়োপক্ষৰ প্ৰচেষ্টাক সমৰ্থন জনাইছে । তেওঁলোকে সামগ্ৰিক অৰ্থনৈতিক অংশীদাৰী চুক্তি (চিইপিএ) বলবৎ হোৱাৰ পিচত ইউএই-ভাৰত বাণিজ্যিক সম্পৰ্কত হোৱা শক্তিশালী বিকাশক আদৰণি জনায় ।
ইয়াৰ ফলস্বৰূপে, ইউএই হৈছে ২০২২-২৩ বৰ্ষৰ বাবে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আৰু ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ ৰপ্তানি গন্তব্য স্থান । ভাৰত হৈছে ইউএই-ৰ দ্বিতীয় সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ, যাৰ দ্বিপাক্ষিক বাণিজ্য ২০২২-২৩ বৰ্ষত ৮৫ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি হৈছে । এই সন্দৰ্ভত নেতাসকলে দ্বিপাক্ষিক বাণিজ্য ২০৩০ চনৰ লক্ষ্য বৰ্ষতকৈ ১০০ বিলিয়ন আমেৰিকান ডলাৰলৈ উন্নীত কৰাৰ সন্দৰ্ভত আশাবাদী ।