নিউজ ডেস্ক, ১১ ফেব্রুৱাৰী: ছিকিমৰ ৰাণীপুল অঞ্চলত শনিবাৰে নিশা ছিকিম মিল্ক ইউনিয়নৰ এখন গাখীৰ টেংকাৰে নিয়ন্ত্ৰণ হেৰুৱাই মেলাত প্ৰৱেশ কৰাত এজন আৰক্ষী বিষয়াকে ধৰি তিনিজন লোকৰ মৃত্যু হয় । গাড়ীৰ চকাৰ তলত পৰি মৃত্যু হয় তিনিওজনৰ । ইফালে এই ঘটনাত শ শ লোক আহত হোৱাৰো কথা জানিব পৰা হৈছে ৷ ইয়াৰে কেইবাজনৰো অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে ।
ছিকিম আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ পৰা জানিব পৰা অনুসৰি শনিবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । ছিকিমৰ ৰাণীপুলৰ সমীপৰ এখন খেলপথাৰত অনুষ্ঠিত হৈছিল টেম্বোলা মেলা । আহতসকলৰ ভিতৰত ২০ জন লোকৰ অৱস্থা সংকটজনক । জানিব পৰা মতে, টেংকাৰখন শিলিগুৰি অভিমুখে গৈ আছিল । স্থানীয় লোকে জনোৱা মতে, টেংকাৰখনে প্ৰথমে মেলা খেলপথাৰৰ কাষতে ৰখাই থোৱা তিনিখন সৰু চাৰিচকীয়া বাহনত খুন্দা মাৰে । তাৰ পাছত মেলাৰ ভিতৰত প্ৰৱেশ কৰে ।