নেশ্যনেল ডেস্ক,২৯ জানুৱাৰী :অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ ইনাৰ ৰিং ৰোড কেলেংকাৰী গোচৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ এক আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে । উচ্চতম ন্যায়ালয়ে সোমবাৰে অমৰাৱতী ইনাৰ ৰিং ৰোড কেলেংকাৰী গোচৰত টিডিপিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুক প্ৰদান কৰা আগতীয়া জামিনক প্ৰত্যাহ্বান জনাই অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ আবেদন খাৰিজ কৰে । ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে নাইডুক সকাহ দিয়া উচ্চ ন্যায়ালয়ৰ ১০ জানুৱাৰীৰ আদেশক প্ৰত্যাহ্বান জনাই ৰাজ্য চৰকাৰৰ আবেদন খাৰিজ কৰে ।
বিচাৰপীঠে উল্লেখ কৰিছে যে একেখন এজাহাৰৰ পৰা আৰম্ভ হোৱা গোচৰটোৰ আন অভিযুক্তসকলৰ আবেদন যোৱা বছৰ আদালতৰ দ্বাৰা ইতিমধ্যে খাৰিজ কৰা হৈছিল । পূৰ্বৰ আদেশৰ প্ৰতি লক্ষ্য ৰাখি বিচাৰপীঠে ৰাজ্য চৰকাৰৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ।
ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপংকৰ দত্তৰ বিচাৰপীঠে কয় যে ২০২২ চনৰ এজাহাৰত সহ-অভিযুক্তৰ ক্ষেত্ৰত কৰা আবেদনত ২০২২ চনৰ ৭ নৱেম্বৰৰ এক আদেশৰ প্ৰতি আদালতৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে । শুনানিৰ সময়ত নাইডুক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ লুথৰা আৰু ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা ৰঞ্জিত কুমাৰে চন্দ্ৰবাবু নাইডু সম্পৰ্কীয় উচ্চতম ন্যায়ালয়ত বিচাৰাধীন গোচৰসমূহৰ বিষয়ে আদালতক অৱগত কৰে ।