নেশ্যনেল ডেস্ক,১৩ মে':ভূমি কেলেংকাৰীৰ গোচৰত বৰ্তমান কাৰাগাৰত থকা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ জামিন আবেদন ৰাঁচীৰ এখন বিশেষ আদালতে নাকচ কৰে । জামিন আবেদনৰ ওপৰত ১ মে'ত শুনানি চলিছিল । ইয়াৰ পিচত ন্যায়াধীশ ৰাজীৱ ৰঞ্জনে দুয়োপক্ষক ৪ মে'ৰ ভিতৰত লিখিত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দি আদেশটো সংৰক্ষিত ৰাখিছিল ।
শুনানিৰ সময়ত, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হেমন্ত ছোৰেনৰ হৈ যুক্তি দৰ্শাইছিল । তেওঁ কৈছিল যে হেমন্ত ছোৰেনৰ বিৰুদ্ধে ইডিয়ে দাখিল কৰা অভিযোগনামাত কোনো প্ৰমাণ উপস্থাপন কৰা হোৱা নাই । এনে পৰিস্থিতিত, তেওঁৰ বিৰুদ্ধে অনুসূচীত অপৰাধৰ গোচৰ কৰা নহয় । ছোৰেনক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে আক্ৰমণ কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে । এনে পৰিস্থিতিত তেওঁক জামিন প্ৰদান কৰা উচিত বুলিও অধিবক্তাগৰাকীয়ে যুক্তি দিয়ে ।