নিউজ ডেস্ক, ১৪ মাৰ্চ :সোমবাৰে অধিসূচনা জাৰি কৰা নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু তেওঁৰ দলে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ।
এএনআইৰ সৈতে এক সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতাগৰাকীক ৰাজহুৱা মঞ্চত উপস্থিত হৈ বিষয়টো সন্দৰ্ভত তেওঁৰ দলৰ স্থিতি আগবঢ়াবলৈ প্ৰত্যাহ্বান জনায় ।
"মই আপোনালোকক বিষয়টোৰ বিষয়ে ৰাহুল গান্ধীৰ সাক্ষাৎকাৰ ল'বলৈ আৰু সাধাৰণ ৰাইজক চিএএ-ৰ বিৰোধিতা কৰাৰ কাৰণ ব্যাখ্যা কৰিবলৈ অনুৰোধ জনাইছোঁ । ৰাজনীতিত নিজৰ সিদ্ধান্তবোৰ ন্যায়সঙ্গত কৰাটো নিজৰ দায়িত্ব । যদি চিএএ মোৰ চৰকাৰৰ সিদ্ধান্ত হয়, তেন্তে মই মোৰ দলৰ স্থিতি, চৰকাৰৰ সিদ্ধান্ত আৰু ই কিয় ৰাষ্ট্ৰৰ পক্ষত আছে সেয়া ব্যাখ্যা কৰিব লাগিব । একেদৰে ৰাহুল গান্ধীয়ে যিহেতু আইনখনৰ বিৰোধিতা কৰিছে সেয়ে ইয়াৰ ব্যাখ্যা কৰা উচিত ।"
ইয়াৰ পূৰ্বে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশে নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম জাৰি কৰাৰ সময় সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল । কংগ্ৰেছে অভিযোগ কৰিছিল যে এইখন এখন বিতৰ্কিত আইন, কিয়নো নাগৰিকত্ব কেতিয়াও ধৰ্মৰ ওপৰত ভিত্তি কৰি নহয়, ই সংবিধানবিৰোধী ।
উত্তৰত গৃহ মন্ত্ৰীয়ে কৈছিল যে বিৰোধীয়ে কেৱল মিছাৰ ৰাজনীতিত লিপ্ত হৈছে । কিয়নো চিএএ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰৰ অংশ আছিল আৰু ২০১৯ চনতে ইয়াক সংসদত উত্থাপন কৰা হৈছিল ।
"ৰাহুল গান্ধী, মমতা বা কেজৰিৱালকে ধৰি সকলো বিৰোধী দলে 'ঝুথ কি ৰাজনীতি'ত (মিছাৰ ৰাজনীতি) লিপ্ত হৈ আছে, সেয়েহে সময়ৰ প্ৰশ্ন ইয়াত উত্থাপন নহয় । বিজেপিয়ে ইয়াৰ ২০১৯ ৰ ইস্তাহাৰত স্পষ্ট কৰি দিছে যে দলটোৱে চিএএ আনিব আৰু শৰণাৰ্থীসকলক (পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা) ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব । বিজেপিৰ এটা স্পষ্ট কাৰ্যসূচী আছে আৰু সেই প্ৰতিশ্ৰুতিৰ অধীনত নাগৰিকত্ব (সংশোধনী) বিধেয়কখন 2019 চনত সংসদৰ দুয়োখন সদনত গৃহীত হৈছিল । কোভিডৰ কাৰণে এইটো পলম হৈছিল । দলটোৱে নিৰ্বাচনত জনাদেশ পোৱাৰ আগতেই বিজেপিয়ে ইয়াৰ কাৰ্যসূচী পৰিষ্কাৰ কৰিছিল ।" গৃহ মন্ত্ৰীয়ে কয় ।