নেশ্যনেল ডেস্ক,২২ আগষ্ট :সমাগত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন । তাৰ পূৰ্বে অঞ্চলটোত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । লোকসভাৰ বিৰোধী দলৰ দলপতি গান্ধীয়ে অহা মাহত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে নেচনেল কনফাৰেন্সৰ সৈতে প্ৰাক-নিৰ্বাচনী মিত্ৰতাৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত উপস্থিত হৈছে । কংগ্ৰেছ নেতাগৰাকীয়ে বুধবাৰে সন্ধিয়া শ্ৰীনগৰৰ এখন বিখ্যাত হোটেলত জনপ্ৰিয় কাশ্মীৰী ৱাজৱান উপভোগ কৰে ।
পৰম্পৰাগত কাশ্মীৰী ৱাজৱানৰ সোৱাদ ল'লে ৰাহুলে
শ্ৰীনগৰলৈ অহাৰ পিচতে ৰাহুল গান্ধীয়ে শ্ৰীনগৰৰ গুপকাৰ ৰোডৰ এখন ব্যক্তিগত বিলাসী হোটেলত নিশা আশ্ৰয় লয় । নিৰাপত্তা আৰু তেওঁৰ সৈতে যোৱা তেওঁৰ দলৰ সহকৰ্মীসকলক আচৰিত কৰি ৰাহুলে লালচকৰ সমীপৰ ৰেচিডেন্সী ৰোডলৈ ভ্ৰমণৰ কৰে য'ত তেওঁ নিশাৰ আহাৰ গ্ৰহণ কৰে আৰু আহদুছ হোটেল আৰু ৰেষ্টুৰেণ্টত কাশ্মীৰী ৱাজৱানৰ জুতি লয় ।
হোটেলৰ মেনেজাৰ আব্দুল হামিদে সংবাদ মাধ্যমক অৱগত কৰে,"ৰাহুল গান্ধীয়ে পৰম্পৰাগত কাশ্মীৰী ৱাজৱান 'ট্ৰামী'ৰ অৰ্ডাৰ দিছিল । ট্ৰামীত পৰম্পৰাগত ৱাজৱান ব্যঞ্জন আছিল যেনে মিথি মাজ, তাবাক মাজ, কাবাব আৰু চিকেন । তাৰ পিচত তেওঁক ৰিষ্টা, ৰোগান জোছ আৰু শেষত গোষ্টাবা পৰিৱেশন কৰোৱা হয় । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও তেওঁৰ সৈতে আছিল । তেওঁ নিৰামিষ আহাৰ গ্ৰহণ কৰিছিল ।"
ৰাহুল গান্ধীৰ এই ভ্ৰমণৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি কংগ্ৰেছে এক্সৰ পোষ্টত লিখিছে, "মধুৰ মিলন আৰু পাহৰিব নোৱাৰা কথোপকথনৰ এক নিশা !"