নেশ্যনেল ডেস্ক, 3 জুন :মাফিয়া আতিক আহমেদৰ অবৈধ সম্পত্তিৰ ওপৰত আৰক্ষী-প্ৰশাসনে কঠোৰ পদক্ষেপ হাতত লৈছে ৷ আতিক আহমেদেৰ গ্ৰেটাৰ নয়ডাস্থিত মন্নত ছীল কৰাৰ পাচতেই এইবাৰ প্ৰয়াগৰাজ আৰক্ষীয়ে মাফিয়া আতিক আহমেদৰ তিনিকোটি টকীয়া দুটা ফ্লেট জব্দ কৰিছে ।
গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক বিগত বছৰৰ 15 এপ্ৰিলত গুলীয়াই হত্যা কৰা হৈছিল । তাৰ পাচৰে পৰা প্ৰশাসনে মাফিয়াগৰাকীৰ সৈতে সকলো সম্পত্তি জব্দ কৰিছে । শেহতীয়াকৈ প্ৰয়াগৰাজ আৰক্ষীয়ে আতিকৰ দুটা ফ্লেটৰ বিষয়ে তথ্য লাভ কৰিছে । এই ফ্লেট দুটা লুকাৰগঞ্জত আছে । জানিব পৰা মতে, এইটো এটা অভিজাত এলেকা । ইয়াৰ মূল্য 3 কোটি টকাতকৈও অধিক ।
সূত্ৰ অনুসৰি, মাফিয়া আতিক আহমেদে লুকাৰগঞ্জ অঞ্চলত নিৰ্মিত বিলাসী এপাৰ্টমেণ্টত দুটা ফ্লেট লৈছিল । অৱশ্যে এই ফ্লেট দুটা আতিকে কাৰ নামত ক্ৰয় কৰিছিল সেই কথা এতিয়াও পোহৰলৈ অহা নাই ৷ আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত ফ্লেটকেইটাৰ সম্প্ৰতি কোনে বাস কৰে সেই সন্দৰ্ভত তথ্য বিচাৰি উলিয়াইছে ৷ আৰক্ষীয়ে এতিয়া ফ্লেটকেইটাত বাস কৰা লোকসকলক সোধপোছ কৰি তেওঁলোকৰ আতিকৰ লগত কি সম্পৰ্ক আছে সেয়া নিশ্চিত কৰিব ৷