নেশ্যনেল ডেস্ক, ১১ মে’ : বাহুবলী মাফিয়া আতিক আহমেদ আৰু তেওঁৰ কনিষ্ঠ ভাতৃ খালিদ আজিম ওৰফে আশ্ৰাফৰ হত্যাকাণ্ডৰ গোচৰত শুকুৰবাৰে আদালতত শুনানি হয় । কিন্তু জিলা আদালতত শুনানিৰ সময়ত এই গোচৰৰ সৈতে জড়িত সাক্ষীহে উপস্থিত হোৱা নাছিল ।
ইয়াৰ পাচতে আদালতে পৰৱৰ্তী শুনানিৰ বাবে ২৪ মে’ দিনটো নিৰ্ধাৰণ কৰে। পৰৱৰ্তী শুনানিত গোচৰটোৰ সৈতে জড়িত সকলো সাক্ষীকে উপস্থিত থাকিবলৈ আদালতে নিৰ্দেশ জাৰি কৰিছে ।
ইতিমধ্যে সকলোৰে জ্ঞাত যে, ২০২৩ চনৰ ১৫ এপ্ৰিলত প্ৰয়াগৰাজৰ মতী লাল নেহৰু কলভিন হাস্পতালত মাফিয়া আতিক আহমেদ আৰু আশ্ৰাফক হত্যা কৰা হৈছিল । সংবাদ মাধ্যম, আৰক্ষীৰ লগতে বহু লোকৰ সন্মুখত ৰাজহুৱাভাৱে সংঘটিত হয় মাফিয়া ভাতৃদ্বয়ৰ হত্যাকাণ্ড । এতিয়া জিলা আদালতত এই গোচৰৰ শুনানি আৰম্ভ হৈছে ।
শুকুৰবাৰে জিলা আদালতৰ ফাষ্ট ট্ৰেক আদালতত দেশবাসীক স্তম্ভিত কৰা এই বিচাৰাধীন গোচৰৰ শুনানি হয় । অৱশ্যে ফাষ্ট ট্ৰেক আদালতত শুনানিৰ সময়ত উপস্থিত নহ’ল সাক্ষী, সেয়েহে আদালতে শুনানিৰ বাবে পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰিছে ।
এতিয়া এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ২৪ মে'ত জিলা আদালতত হ'ব । একেদিনাই আদালতত সাক্ষীক দাখিল কৰিবলৈও নিৰ্দেশ দিছে আদালতে । আতিক আহমেদ আৰু আশ্ৰাফ হত্যাৰ অভিযোগত অভিযুক্ত তিনিজন, লাভলেশ তিৱাৰী, ছানী সিং আৰু অৰুণ মৌৰ্যক চিত্ৰকূট কাৰাগাৰত ভৰ্তি কৰোৱা হৈছে ।