অসম

assam

ETV Bharat / bharat

যাদু চাকি: তেল অবিহনে জ্বলিব 24 ঘণ্টা, ক'ত পাব ?

দীপাৱলীৰ বতৰত বিভিন্ন প্ৰকাৰৰ চাকিৰে বজাৰ ভৰি পৰিছে । কিন্তু এটা অলৌকিক চাকিৰ কথা জানিলে আচৰিত হ'ব ।

Ashok Chakradhary Magic diya
যাদু চাকি : তেল অবিহনে জ্বলিব 24 ঘণ্টা, ক'ত পাব ? (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 6:29 PM IST

কোণ্ডাগাঁও :পোহৰৰ উৎসৱ দীপান্বিতালৈ মাজত মাথোঁ কেইটামান ঘণ্টা বাকী । আন্ধাৰ বিনাশি জগতত পোহৰৰ ৰেঙনি ছটিয়াবলৈ আহি আছে দীপাৱলী । দীপাৱলীৰ আনন্দত এতিয়া চৌদিশে হেঁপাহ আৰু আনন্দৰ উছাহ । বিধে বিধে চাকি, লাইট, ফটকা, আতচবাজীৰে ভৰি পৰিছে বজাৰ । তাৰ মাজতে বিভিন্ন চমক সৃষ্টিকাৰী চাকি-লাইটে সকলোকে আকৰ্ষণ কৰিছে । আনহাতে, আমাৰ পৰম্পৰাগত মৃৎশিল্পীসকলেও থলুৱা মৃৎকৰ্মত নতুনত্বৰ সমাহাৰ কৰিবলৈ চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই ।

তেনে এগৰাকী মৃৎশিল্পী হৈছে ছত্তীশগড়ৰ কোণ্ডাগাঁও বাসিন্দা অশোক কুমাৰ চক্ৰধাৰী । অশোক চক্ৰধাৰীয়ে কোনো অভিযান্ত্ৰিক ডিগ্ৰী অৰ্জন কৰা নাই । কিন্তু তৎসত্ত্বেও তেওঁৰ উদ্ভাৱন-কৰ্ম এগৰাকী অভিযন্তাতকৈ কম নহয় । পেছাত কুমাৰ অশোকে বহু বছৰ ধৰি মাটিৰ চাকি তৈয়াৰ কৰি আহিছে । এইবাৰ দেৱালীত তেওঁ এক প্ৰকাৰৰ অনন্য চাকি তৈয়াৰ কৰিছে ।

যাদু চাকি : তেল অবিহনে জ্বলিব 24 ঘণ্টা, ক'ত পাব ? (ETV Bharat)

অশোকে তৈয়াৰ কৰা এই বিশেষ চাকিটো এবাৰ তেল ভৰালে ২৪ ৰ পৰা ৪৮ ঘণ্টালৈকে জ্বলে । তেওঁ তৈয়াৰ কৰা এই বিশেষ চাকিটোৰ চাহিদা এতিয়া কোণ্ডাগাঁৱত দ্ৰুতগতিত বৃদ্ধি পাইছে । আনহাতে, এই অনন্য চাকিটো চোৱাৰ পিছত সকলোৱে এবাৰ হ'লেও ক'ব যে এই উদ্ভাৱনৰ সন্মুখত চীনৰ প্ৰযুক্তিও হাৰ মানিব ।

চক্ৰধাৰীৰ চমৎকাৰ চাকি

যাদু চাকি (ETV Bharat)

মৃৎশিল্পৰ যাদুকৰ অশোক চক্ৰধাৰীয়ে কয়, "এই চাকিত স্বয়ংক্ৰিয়ভাৱে তেলভৰ্তি কৰাৰ ব্যৱস্থা আছে । চাকিটোত তেল শেষ হ'বলৈ আৰম্ভ কৰাৰ লগে লগে ওপৰৰ অংশৰ পৰা তেল চাকিৰ তললৈ পৰিব । তলৰ অংশটো ভৰ্তি হোৱাৰ লগে লগে তেল স্বয়ংক্ৰিয়ভাৱে ওপৰৰ পৰা অহা বন্ধ হ'ব ।"

চাকি নিৰ্মাণত ব্যস্ত মৃৎশিল্পী (ETV Bharat)

উল্লেখ্য যে এইগৰাকী মাটিৰ যাদুকৰ অশোক চক্ৰধাৰীক তেওঁৰ বিশেষ দক্ষতাৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় মেধা বঁটাৰে সন্মানিত কৰা হৈছে ।

যাদু চাকি (ETV Bharat)

ভূপালৰ পৰা লৈছিল অনুপ্ৰেৰণা

অশোক চক্ৰধাৰীয়ে কয়, "৩৫ বছৰ পূৰ্বে ভূপালৰ প্ৰদৰ্শনীলৈ গৈছিলো । তাত একে ধৰণৰ চাকি দেখিছিলো । চাকিটো দেখি মনতে ভাবিলো, মই এনে চাকি কিয় বনাব নোৱাৰো ।" মনৰ সেই অদম্য আকাংক্ষা পূৰণৰ বাবে অশোকে বোকামাটিক এই আকৃতি দিবলৈ আৰম্ভ কৰে । বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ পিছত অশোকে অৱশেষত একে ধৰণৰ চাকি তৈয়াৰ কৰিবলৈ সক্ষম হয়।

যাদু চাকি (ETV Bharat)

আনহাতে, অশোক চক্ৰধাৰীয়ে তৈয়াৰ কৰা এই চাকিৰ বাবে এতিয়া বহু ৰাজ্যৰ পৰা অৰ্ডাৰ আহিবলৈ আৰম্ভ কৰিছে । অশোকে জনোৱা মতে, প্ৰতিদিনে তেওঁ প্ৰায় ১০০ টা এনে ধৰণৰ চাকি তৈয়াৰ কৰে । অৱশ্যে ইয়াৰ বাবে পৰিশ্ৰম অধিক হোৱাৰ বাবে ইয়াতকৈ অধিক চাকি বনাব নোৱাৰে ।

লগতে পঢ়ক :কলি যুগত ত্ৰেতা যুগৰ পৰিৱেশ সৃষ্টিৰ প্ৰয়াস; ২৮ লাখ বন্তি প্ৰজ্বলেনেৰে নতুন অভিলেখৰ দিশে অযোধ্যা
লগতে পঢ়ক :বৈদ্যুতিক সামগ্ৰীৰ পয়োভৰে বিপদ মাতিছে ক্ষুদ্ৰ মৃৎশিল্পীৰ জীৱন-জীৱিকালৈ

ABOUT THE AUTHOR

...view details