তেজপুৰ, ২৮ ফেব্ৰুৱাৰী :আৰক্ষীয়ে অস্ত্ৰ সম্বৰণ কৰা কথা শুনিছেনে কেতিয়াবা বা দেখিছেনে তেনেকুৱা দৃশ্য ? কিমান হাৰাশাস্তি আৰু অসুবিধাৰ সন্মুখীন হোৱাৰ পিচত এই ধৰণৰ ঘটনা সংঘটিত হ’ব পাৰে ভাবি চাওক ।
বিগত বছৰটোতেই স্বাভাৱিক পৰিস্থিতি ব্যাহত হৈ পৰা মণিপুৰত আজিও জ্বলি আছে হিংসাৰ জুই ৷ মণিপুৰৰ চাৰিখন জিলাত বুধবাৰে মণিপুৰ আৰক্ষী আৰু আৰক্ষীৰ কামাণ্ডো বাহিনীয়ে নিজৰ নিজৰ অস্ত্ৰ সম্বৰণ কৰা এক নজিৰবিহীন ঘটনা দেখিবলৈ পোৱা গৈছে ৷
ৰাজ্যখনত যে এতিয়া আৰক্ষী বিষয়া বা কনিষ্টবলসকল সুৰক্ষিত নহয় সেইবাবেই আজি মণিপুৰৰ স্পৰ্শকাতৰ চাৰিখন জিলাৰ আৰক্ষীয়ে নিজৰ নিজৰ অস্ত্ৰ নমাই থৈ প্ৰতিবাদ সাব্যস্ত কৰে । মঙলবাৰে নিশা মণিপুৰ পশ্চিম জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত সিং আৰু তেওঁৰ সুৰক্ষা কৰ্মীজনক ২০০ জনীয়া অস্ত্ৰধাৰী দল এটাই বন্দী কৰি লৈ গৈছিল ৷ তাৰ পিচত তেওঁলোকক আধা বাটতে এৰি থৈ গুচি যায় ৷ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ তাৎক্ষণিক পদক্ষেপত তেওঁক উদ্ধাৰ কৰা হয় ৷ এই ঘটনাত আৰু দুজন লোক গুৰুতৰভাৱে আহত হৈছিল ৷ জৱাহৰলাল নেহৰু চিকিৎসালয়ত তেওঁলোক চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে জনাইছে ।