অসম

assam

ETV Bharat / bharat

আৰক্ষী আৰু মাওবাদী বিদ্ৰোহীৰ মাজত অব্যাহত মুখামুখি সংঘৰ্ষ - Maoist

Encounter in kanker hidoor forest: হিদূৰ বনাঞ্চলত আৰক্ষী আৰু মাওবাদী বিদ্ৰোহীৰ মাজত মুখামুখি সংঘৰ্ষ । প্ৰায় এঘণ্টাৰো অধিক সময় ধৰি অব্যাহত এই মুখামুখি সংঘৰ্ষ ।

Police and Naxalites encounter in kanker hidoor forest Chhattisgarh
আৰক্ষী আৰু মাওবাদী বিদ্ৰোহীৰ মাজত অব্যাহত মুখামুখি সংৰ্ঘষ

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 12:51 PM IST

Updated : Mar 3, 2024, 1:42 PM IST

আৰক্ষী আৰু মাওবাদী বিদ্ৰোহীৰ মাজত অব্যাহত মুখামুখি সংৰ্ঘষ

নেশ্যনেল ডেস্ক, 3 মাৰ্চ:ছত্তীশগড়ৰ কাংকেৰ জিলাৰ ছোটাবেঠিয়া থানা এলেকাৰ গাতে লাগি থকা হিদূৰ বনাঞ্চলত আৰক্ষী আৰু মাওবাদী বিদ্ৰোহীৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ । তালাচী অভিযান চলাই থকা সময়তে নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰে মাওবাদী বিদ্ৰোহীয়ে । প্ৰায় এঘণ্টাৰো অধিক সময় ধৰি অব্যাহত এই মুখামুখি সংঘৰ্ষ । কাংকেৰৰ আৰক্ষী অধীক্ষক আই কে এলেচেলাই সংঘৰ্ষৰ ঘটনাক নিশ্চিত কৰিছে ।

জোৱানসকলে তালাচী অভিযানত নামিছিল :

মাওবাদী বিদ্ৰোহীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে তালাচী অভিযানত নামিছিল । ইফালে ইতিমধ্যে এম্বুছ কৰা মাওবাদী বিদ্ৰোহীয়ে জোৱানসকলক আক্ৰমণ কৰে । এই মুখামুখি সংৰ্ঘষ চলি আছে কাংকেৰ ডি আৰ জি আৰক্ষী আৰু নক্সালবাদী বিদ্ৰোহীসকলৰ মাজত । সমীপৱৰ্তী অঞ্চলবোৰত আৰক্ষী বাহিনী, সীমান্ত সুৰক্ষা বাহিনী আৰু ডি আৰ জিয়ে তালাচী অভিযান অব্যাহত ৰাখিছে ।

বীজাপুৰত নিৰাপত্তাৰক্ষীৰ সতৰ্কতাৰ বাবেই মাওবাদী বিদ্ৰোহীৰ এক অভিযান বিফল কৰিবলৈ সক্ষম হৈছিল বিগত 28 ফেব্ৰুৱাৰীৰ দিনা ৷ সেনা জোৱানক লক্ষ্য কৰি মাওবাদী বিদ্ৰোহীয়ে চিন্নগেলুৰ আৰু গুণ্ডেমৰ মাজত টিফিন বোমা (আই ই ডি) আৰু পাইপ বোমা স্থাপন কৰিছিল । তালাচী অভিযান চলোৱা জোৱানসকলে এই বোমা ধৰা পেলায় আৰু দুয়োটা বোমা নিস্ক্ৰিয় কৰিবলৈ সক্ষম হয় ।

আনহাতে জিলাখনৰ জাংলা থানা এলেকাৰ ছোটে টুংগলী বনাঞ্চলত আৰক্ষী আৰু মাওবাদী বিদ্ৰোহীৰ মাজত সংঘটিত হোৱা আন এক সংঘৰ্ষত জোৱানৰ হাতত 4 জনকৈ মাওবাদী বিদ্ৰোহী নিহত হয় ৷ উক্ত স্থানৰ পৰা জোৱানে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক:ছত্তীশগড় সীমান্তত নক্সালবাদীৰ আক্ৰমণ, অসমৰ জোৱান লম্বোদৰ সিংহ শ্বহীদ

Last Updated : Mar 3, 2024, 1:42 PM IST

ABOUT THE AUTHOR

...view details