নেশ্যনেল ডেস্ক, 13 ফেব্ৰুৱাৰী:আবু ধাবিত অনুষ্ঠিত হ’বলগীয়া ‘আহলান মোদী’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে 13 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীত সংযুক্ত আৰব আমিৰশ্বাহীত থাকিবপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ এই সময়ছোৱাত মোদীয়ে সংযুক্ত আৰবৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে কৌশলগত অংশীদাৰিত্ব আগবঢ়োৱা সম্পৰ্কত এক বৈঠকত মিলিত হ’ব । প্ৰধানমন্ত্ৰীয়ে আবুধাবিত অনুষ্ঠিত হ’বলগীয়া সমূহীয়া কাৰ্যসূচীত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰিব ।
‘আহলান মোডী’ শীৰ্ষক অনুষ্ঠানটিৰ বাবে দেশখনত থকা ভাৰতীয় সমাজ অতি উৎসুকতাৰে বাট চোৱা পৰিলক্ষিত হৈছে । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ইণ্ডিয়ান পিপ’ল ফ’ৰামৰ সভাপতি তথা আহলান মোদী কাৰ্যসূচীৰ আয়োজক জিতেন্দ্ৰ বৈদ্যই এই যুগান্তকাৰী অনুষ্ঠানৰ বাবে সুখ আৰু আশা প্ৰকাশ কৰে ।
"আমাৰ গেট এতিয়াও খোলা নাই, কিন্তু ইতিমধ্যে এই ষ্টেডিয়ামৰ প্ৰতিখন গেটত মানুহ থিয় হৈ আছে । এই কথা মই নিশ্চয়তাৰে ক'ব পাৰো যে দেশৰ বাহিৰত প্ৰধানমন্ত্ৰী মোদীৰ কোনো ৰাজহুৱা অনুষ্ঠানৰ বিষয়ে মানুহে মনত পেলালে 'আহলান মোদী' অনুষ্ঠানক এক যুগান্তকাৰী পদক্ষেপ হিচাপে মনত পেলাব । দুপৰীয়া প্ৰায় 12 বজাত (স্থানীয় সময়) এই অনুষ্ঠান আৰম্ভ হ'ব । আজি ইয়াত 800 ৰো অধিক অংশগ্ৰহণকাৰীয়ে অনুষ্ঠান পৰিৱেশন কৰিব ।"
সভাস্থলীত দোকান স্থাপন কৰা ভাৰতীয় বিখ্যাত ৰেষ্টুৰেণ্ট ছপ্পন ভোগ আবুধাবিৰ প্ৰতিনিধি গৌৰৱ বাৰ্মাই এই অনুষ্ঠানৰ বাবে আগ্ৰহী । বাৰ্মাই কয়, " মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে পিএম মোদী ইয়ালৈ আহিব ৷ আমি অতিশয় উৎসাহিত হৈছো । আমাৰ খাদ্য বিপণিখন বিশুদ্ধ নিৰামিষ ৷"