অসম

assam

আৰাকু কফিৰ প্ৰশংসাত পুনৰ পঞ্চমুখ প্ৰধানমন্ত্ৰী মোদী - Araku Coffee in Mann ki Baat

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 10:47 AM IST

PM Modi praises Araku Coffee: পুনৰ প্ৰধানমন্ত্ৰী মোদীৰ মুখত আৰাকু কফিৰ প্ৰসংগ ৷ মন কি বাতত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে অন্ধ্ৰ প্ৰদেশৰ আৰাকু কফিৰ প্ৰসংগ । আৰাকু কফিৰ মহত্ব স্মৰণ কৰি টুইট কৰে মোদীয়ে । ইয়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৰ সৈতে আৰাকু কফি খোৱাৰ ফটো X যোগে শ্বেয়াৰ কৰে ।

PM Modi once again praises Araku Coffee in Mann ki Baat programme
আৰাকু কফিৰ প্ৰশংসাত পুনৰ পঞ্চমুখ প্ৰধানমন্ত্ৰী মোদী (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 1 জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ আৰম্ভ কৰিছে প্ৰতি মাহৰ শেষৰ দেওবাৰে আয়োজন কৰা মন কি বাত কাৰ্যসূচীৰ ৷ একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে ৰেডিঅ’যোগে দেশবাসীক সম্বোধন কৰে মোদীয়ে । সমান্তৰালভাৱে দেশবাসীক এন ডি এ চৰকাৰক পুনৰ এবাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনায় ৷

‘মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ভাৰতীয় সামগ্ৰীৰ চাহিদা বিশ্বজুৰি ভাল আৰু অন্ধ্ৰ প্ৰদেশৰ আৰাকুত উৎপাদিত কফি তাৰ ভিতৰত অন্যতম । 2016 চনত এবাৰ বিশাখাপট্টনমত মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৰ সৈতে এই কফিৰ সোৱাদ লোৱাৰ সুযোগ পাইছিলো । ইয়াৰ সোৱাদ অপূৰ্ব ৷"

ইয়াৰ পাচতে প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৰ সৈতে আৰাকু কফি খোৱা এখন ফটো Xযোগেপোষ্ট কৰে । মোদীয়ে পুনৰ কয়, "দিল্লীত অনুষ্ঠিত জি-20 শীৰ্ষ সন্মিলনতো আৰাকু কফিৰ প্ৰশংসা কৰা হৈছিল । এই কফি খেতি জনজাতীয় লোকসকল সবলীকৰণৰ সৈতে জড়িত । একেদৰে যদি আপুনি বিশ্বৰ যিকোনো প্ৰান্তৰ কফি প্ৰেমী হয় তেন্তে অন্ধ্ৰ প্ৰদেশৰ আৰাকুৰ কফিৰ সোৱাদ লোৱা উচিত ।"

টুইটটো (ETV Bharat Assam)

লগতে পঢ়ক:কি হয় আৰাকু কফি ? যাৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোদীও - Mann Ki Baat

মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য সন্দৰ্ভত আনন্দ প্ৰকাশ কৰি কয়, "মই আকৌ এবাৰ মোদীৰ সৈতে আৰাকু কফি খাবলৈ আগ্ৰহী । আৰাকু কফিৰ খেতি আদিবাসী ভগ্নীসকলে মৰম আৰু ভক্তিৰে কৰে বুলি কোৱা হয় । ইয়াক ৰাজ্যবাসীৰ সীমাহীন সম্ভাৱনাৰ প্ৰতিফলন বুলি কোৱা হয় ।" মুখ্যমন্ত্ৰীগৰাকীয়ে আৰাকু কফিক মেড ইন অন্ধ্ৰ প্ৰডাক্ট হিচাপে অনুমোদন জনোৱাৰ বাবে মোদীক ধন্যবাদ জনায় ।

আনহাতে, দেশৰ 12 খন ৰাজ্যই কফি উৎপাদন কৰে । তাৰ ভিতৰত অন্ধ্ৰ প্ৰদেশ অন্যতম । অন্ধ্ৰ প্ৰদেশত আল্লুৰী সীতাৰামাৰাজু জিলাত প্ৰায় এক লাখ একৰ ভূমিত কফি বাগিচা আছে । ইয়াত উচ্চমানৰ কফিৰ বীন উৎপাদন কৰা হয় । সেইবাবেই আৰাকু কফিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে । ইয়াৰ কফিৰ চাহিদা বেছি কাৰণ ইয়াক জৈৱিক পদ্ধতিৰে উৎপাদন কৰা হয় ।

লগতে পঢ়ক:আকৌ অন্ধ্ৰ প্ৰদেশৰ ভাৰ নিজ কান্ধত তুলি ল’লে চন্দ্ৰবাবু নাইডুৱে - Chandrababu Swearing in Ceremony

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : বিশ্বজুৰি যোগৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ - International Yoga Day 2024

চন্দ্ৰবাবু নাইডুৰ শপতগ্ৰহণত অংশগ্ৰহণৰ বাবে আহিল মেগাষ্টাৰ ৰজনীকান্ত - AP CM oath taking ceremony

ABOUT THE AUTHOR

...view details