নিউজ ডেস্ক, ২২ জুলাই:হাৰিয়ানাৰ আম্বালাত সংঘটিত হৈছে এক চাঞ্চল্যৰ হত্যাকাণ্ড ৷ জিলাখনৰ অৱসৰপ্ৰাপ্ত এজন জোৱানে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নিজ মাতৃ-ভাতৃকে ধৰি পৰিয়ালটোৰ মুঠ ৫ জন লোকক নৃশংসভাৱে হত্যা কৰে । নাৰায়ণগড় আৰক্ষী থানাৰ অন্তৰ্গত ৰাতৌৰত দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা ।
এটা পৰিয়ালৰ পাঁচজন লোকক হত্যা: লাভ কৰা তথ্য অনুসৰি নিহতসকল হৈছে ক্ৰমে অভিযুক্তৰ মাতৃ সৰূপী দেৱী (৬৫), ভাতৃ হৰিশ কুমাৰ (৩৫), ভাতৃৰ পত্নী ছোনিয়া (৩২) আৰু তেওঁলোকৰ কন্যা সন্তান যশিকা (৭) আৰু ৬ মহীয়া পুত্ৰ মায়ংক । অভিযুক্ত অৱসৰপ্ৰাপ্ত জোৱানজনে চোকা অস্ত্ৰৰে সকলোকে হত্যা কৰে । প্ৰাথমিক তথ্য অনুসৰি অভিযুক্ত অৱসৰপ্ৰাপ্ত জোৱান ভূষণ কুমাৰে এই অপৰাধ সংঘটিত কৰাৰ পিচত নিশাই মৃতদেহকেইটা জ্বলাই দিয়াৰ চেষ্টা চলাইছিল ।
আৰক্ষীয়ে উদ্ধাৰ কৰিছে আধাজ্বলা মৃতদেহ: ঘটনাৰ কাৰণ দুই ভাতৃৰ মাজৰ ভূমি বিবাদ বুলি জানিব পৰা গৈছে । এই বিষয়ে তথ্য লাভ কৰাৰ পাচত নিশা প্ৰায় ৩ বজাত আম্বালাৰ আৰক্ষী অধীক্ষক সুৰেন্দ্ৰ কুমাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয় । আৰক্ষীয়ে আধাজ্বলা অৱস্থাত মৃতদেহকেইটা উদ্ধাৰ কৰি আম্বালা কেণ্ট হাস্পতাললৈ প্ৰেৰণ কৰে । সমান্তৰালভাৱে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।