অসম

assam

ETV Bharat / bharat

সংসদৰ শীতকালীন অধিবেশন: অনিৰ্দিষ্ট কালৰ বাবে স্থগিত লোকসভা - LOK SABHA ADJOURNED SINE DIE

লোকসভা স্থগিত ৰখাৰ পূৰ্বে আইন মন্ত্ৰী মেঘৱালে 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' সম্পৰ্কীয় বিধেয়ক দুখন সদনৰ যুটীয়া সমিতিলৈ প্ৰেৰণৰ বাবে এক প্ৰস্তাৱ উত্থাপন কৰে ।

Lok sabha adjourned sine die
কংগ্ৰেছ সাংসদ কে সুৰেশ (ANI)

By ANI

Published : 12 hours ago

নতুন দিল্লী :সাংসদসকলৰ হতাহতিৰ ঘটনাৰ এদিন পিছত শুকুৰবাৰে দিনটোৰ কাৰ্যক্ৰম আৰম্ভ কৰাৰ কিছু পিছতে অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হয় লোকসভাৰ অধিবেশন । আনহাতে, ৰাজ্যসভাও দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয় ।

লোকসভা স্থগিত ৰখাৰ পূৰ্বে আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' সম্পৰ্কীয় দুখন বিধেয়ক দুয়োখন সদনৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰাৰ বাবে এক প্ৰস্তাৱ উত্থাপন কৰে । লোকসভাৰ ২৭ গৰাকী সদস্যৰ নাম থকা এই প্ৰস্তাৱটো সদনত তীব্ৰ হুলস্থূলৰ মাজতে অনুমোদিত হয় ।

সমিতিখনত ৰাজ্যসভাৰ ১২ গৰাকী সদস্য থাকিব । এই সমিতিখনে পৰৱৰ্তী অধিবেশনৰ অন্তিম সপ্তাহৰ প্ৰথম দিনটোৰ ভিতৰত লোকসভাত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব । আনহাতে, অধ্যক্ষ ওম বিৰলাই কয় যে সংসদৰ মৰ্যাদা বজাই ৰখাটো সামূহিক দায়িত্ব ।

তেওঁ লোকসভাত কয় যে সংসদৰ মজিয়া কেতিয়াও কোনো যুদ্ধক্ষেত্ৰৰ দৰে প্ৰতিবাদ স্থান হোৱা উচিত নহয় । এনেধৰণৰ প্ৰতিবাদ উপযুক্ত নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে নিয়ম উলংঘনৰ ক্ষেত্ৰত সংসদেই উপযুক্ত ব্যৱস্থা ল'ব লাগিব ।

উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা সংসদৰ বাহিৰত শাসক-বিৰোধী দুয়ো শিবিৰৰ সমান্তৰাল প্ৰতিবাদ সংসদত প্ৰত্যক্ষ কৰা হয় । শাসনাধিষ্ঠিত বিজেপি সাংসদসকলে বাবাচাহেব আম্বেদকাৰক 'অপমান' কৰাৰ বাবে কংগ্ৰেছ দলৰ বিৰুদ্ধে সংসদৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে, ৰাহুল গান্ধীৰ নেতৃত্বত ইণ্ডিয়া ব্লকৰ সাংসদসকলেও সংসদ চৌহদত এক প্ৰতিবাদ সাব্যস্ত কৰে আৰু বাবাচাহেব আম্বেদকাৰৰ ওপৰত কৰা মন্তব্যৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰে ।

তাৰ মাজতে দুয়োপক্ষৰ নেতাসকলে ইজনে সিজনক ঠেলা-ঠেলি আৰু গঁতিওৱাৰ অভিযোগ উত্থাপন কৰে । আনহাতে, বিজেপিৰ দুগৰাকী সাংসদ প্ৰতাপ সাৰংগী আৰু মুকেশ ৰাজপুত আঘাতপ্ৰাপ্ত হোৱাত ততাতৈয়াকৈ দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাহুল গান্ধীক 'গুণ্ডা'ৰ দৰে আচৰণ কৰা আৰু সংসদৰ মকৰ দ্বাৰত বিজেপি সাংসদসকলৰ প্ৰতিবাদৰ সময়ত ইচ্ছাকৃতভাৱে ব্যাঘাত সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে । যাৰ ফলত শাসকীয় মিত্ৰজোঁট আৰু বিৰোধীৰ মাজত হতাহতিৰ সৃষ্টি হয় ৷

বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি চৌহানে কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীক সমালোচনা কৰি দাবী কৰে যে তেওঁলোকৰ কাৰ্যকলাপে দায়বদ্ধতা আৰু সন্মানৰ অভাৱ দেখুৱাইছে ।

ইফালে শুকুৰবাৰে আৰম্ভণিতে কংগ্ৰেছ সাংসদ কে সুৰেশে প্ৰাক্তন আইন মন্ত্ৰী বি আৰ আম্বেদকাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ওপৰত অভিযোগ অনা বিতৰ্কিত মন্তব্য সন্দৰ্ভত লোকসভাত স্থগিত প্ৰস্তাৱৰ জাননী প্ৰদান কৰে ।

জাননীখনত কোৱা হৈছে, "মই ইয়াৰ দ্বাৰা জৰুৰী আৰু গুৰুত্বপূৰ্ণ এক নিৰ্দিষ্ট বিষয় আলোচনা কৰাৰ উদ্দেশ্যে সদনৰ কাম-কাজ স্থগিত ৰখাৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰিবলৈ জাননী দিছোঁ ।"

জাননীখনত কংগ্ৰেছ সাংসদগৰাকীয়ে কয়, "আমাৰ সংবিধানৰ মুখ্য স্থপতি ড৹ বি আৰ আম্বেদকাৰৰ বিষয়ে দিয়া মন্তব্যসমূহ তেওঁক সৰ্বোচ্চ সন্মান প্ৰদান কৰা লোকসকলৰ বাবে গভীৰভাৱে অসন্মানজনক আৰু ক্ষতিকাৰক আছিল ।" তেওঁ লগতে কয় যে শ্বাহৰ মন্তব্যই আম্বেদকাৰৰ অৱদানক ভেঙুচালি কৰিছে, তেওঁলোকক কেৱল 'ৰাজনৈতিক প্ৰতীকবাদ' বুলি অভিহিত কৰিছে আৰু আম্বেদকাৰে যুঁজ দিয়া ন্যায়, সমতা আৰু মৰ্যাদাৰ মূল্যবোধক হ্ৰাস কৰিছে ।"

তেওঁ লগতে উল্লেখ কৰে, "ড৹ আম্বেদকাৰে আগবঢ়াই যোৱা অৱদান কেৱল কোনো ৰাজনৈতিক দলতে সীমাবদ্ধ নহয়; ই সমগ্ৰ দেশৰ ।" সুৰেশে সদনক এক শক্তিশালী স্থিতি ল'বলৈ আহ্বান জনায় আৰু গৃহ মন্ত্ৰীৰ পৰা তেওঁৰ বক্তব্যৰ বাবে চৰ্তহীন ক্ষমা বিচাৰিবলৈ আহ্বান জনায় । লগতে ৰাষ্ট্ৰীয় নায়কসকলক সন্মান জনোৱাৰ প্ৰতি ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰাটো বিচাৰে ।

কংগ্ৰেছ সাংসদগৰাকীয়ে বৃহস্পতিবাৰেও লোকসভাত সভা স্থগিত প্ৰস্তাৱৰ জাননী দাখিল কৰি প্ৰাক্তন আইন আৰু ন্যায় মন্ত্ৰী বি আৰ আম্বেদকাৰৰ ওপৰত কৰা মন্তব্যৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পৰা চৰ্তহীন ক্ষমা বিচাৰে । তেওঁ ভাৰতীয় সংবিধানৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপনৰ সময়ত অমিত শ্বাহৰ মন্তব্যৰ ওপৰত জৰুৰী আলোচনা বিচাৰে ।

জাননীত সুৰেশে অমিত শ্বাহৰ মন্তব্যৰ ওপৰত 'গভীৰ উদ্বেগ' প্ৰকাশ কৰে । তেওঁ দাবী কৰে যে যিসকলে আম্বেদকাৰক উচ্চ সন্মান দিয়ে তেওঁলোকৰ বাবে ই 'গভীৰ অসন্মানজনক আৰু ক্ষতিকাৰক' । উল্লেখ্য যে অভিযোগ অনুসৰি অমিত শ্বাহে ৰাজ্যসভাত উল্লেখ কৰিছিল, "যদি তেওঁলোকে আম্বেদকাৰৰ সলনি ইমানবাৰ ঈশ্বৰৰ নাম ল'লেহেঁতেন, তেন্তে তেওঁলোকে সাতটা জনমৰ বাবে স্বৰ্গ পালেহেঁতেন ।"

লগতে পঢ়ক :নাগালেণ্ডৰ মহিলা সাংসদক অসৎ আচৰণ ! ড৹ শৰ্মাই ক'লে- ক্ষমা খুজিবই লাগিব ৰাহুল গান্ধীয়ে - ASSAM CM ON RAHUL GANDHI
লগতে পঢ়ক :সংসদত শাসক-বিৰোধীৰ হতাহতি বিতৰ্ক; উভয় পক্ষৰে এজাহাৰ দাখিল - RAHUL GANDHI PARLIAMENT TUSSLE

ABOUT THE AUTHOR

...view details