অসম

assam

ETV Bharat / bharat

মুকলি হোৱাৰ পথত ভাৰতৰ নতুন অভিযান্ত্ৰিক চমৎকাৰ 'পাম্বান সেতু' - PAMBAN BRIDGE TO OPEN

নতুন দলংখন যান-বাহনৰ বাবে মুকলি কৰাৰ পিছত ১১১ বছৰ পুৰণি পাম্বান দলংখন ধ্বংস কৰা হ'বনে নহয় তাৰ সিদ্ধান্ত ৰে'লৱেই ল'ব ।

Pamban Bridge to open
পাম্বান দলং (ANI)

By ETV Bharat Assamese Team

Published : Feb 18, 2025, 1:52 PM IST

মাদুৰাই :চলিত মাহৰ শেষৰ ফালে মুকলি হ'ব তামিলনাডুৰ পাম্বানত নৱনিৰ্মিত ৰে'লৱে দলং । ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতিমূলক কাম চলি আছে । ৰে'লৱেৰ সূত্ৰত এই কথা প্ৰকাশ ।

৫৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ২.০৫ কিলোমিটাৰ দৈৰ্ঘৰ নতুন পাম্বান দলংখন মুকলি হ'লে ভাৰতৰ মূল ভূখণ্ড আৰু তামিলনাডুৰ ৰামেশ্বৰম দ্বীপৰ মাজৰ সমুদ্ৰ অতিক্ৰম কৰিবলৈ ৫ মিনিটতকৈও কম সময় লাগিব । পূৰ্বৰ যিখন দলং আছে তাতকৈ ইয়াৰ সময় ২৫-৩০ মিনিটতকৈ অধিক কম হ'ব ।

ইতিমধ্যে নতুন দলংখনৰ পৰীক্ষণ সম্পূৰ্ণ হৈছে আৰু সুৰক্ষাৰ প্ৰমাণ-পত্ৰ লাভ কৰা হৈছে । "ৰে'ল সুৰক্ষা আয়ুক্তই উলম্ব লিফ্ট অংশৰ বাহিৰে দলংখনত প্ৰতিঘণ্টাত সৰ্বাধিক ৭৫ কিলোমিটাৰ গতিবেগৰ অনুমোদন জনাইছে । নতুন দলংখন ৮০ কিলোমিটাৰ প্ৰতিঘণ্টা বেগৰ ডিজাইনেৰে নিৰ্মাণ কৰা হৈছে । অৱশ্যে এটা ভাঁজৰ বক্ৰৰ বাবে চি আৰ এছে গতিবেগ প্ৰতিঘণ্টাত 75 কিলোমিটাৰত সীমাবদ্ধ ৰাখিছে । কেৱল লিফ্ট অংশত প্ৰতিঘণ্টাত 50 কিলোমিটাৰ গতিবেগত অনুমতি দিছে ।" দলংখনৰ কাৰ্যকৰী সংস্থা ৰে'ল বিকাশ নিগম লিমিটেডৰ (আৰ ভি এন এল) জ্যেষ্ঠ উপ মহাপ্ৰবন্ধক এন শ্ৰীনিবাসনে কয় ।

আনহাতে, নতুন পাম্বান দলংখন এছিয়াৰ প্ৰথম উলম্ব লিফ্ট দলং (vertical lift bridge) বুলিও তেওঁ জনায় । অৱশ্যে নতুন দলংখন যান-বাহনৰ বাবে মুকলি কৰাৰ পিছত ১১১ বছৰ পুৰণি পাম্বান দলংখন ধ্বংস কৰা হ'বনে নহয় সেই বিষয়ে ৰে'লৱেই সিদ্ধান্ত ল'ব বুলিও বিষয়াজনে কয় ।

উল্লেখ্য যে পুৰণি দলংখন ১৯১৪ চনৰ পৰা ১৯৮৮ চনলৈকে তীৰ্থস্থান ৰামেশ্বৰম আৰু ধনুষকোডিৰ জনপ্ৰিয় পৰ্যটনস্থলীৰ মাজৰ একমাত্ৰ সংযোগ ব্যৱস্থা । পিছত ইয়াৰ কাষেৰে এখন পথ দলঙৰ কাম আৰম্ভ কৰা হৈছিল ।

আনহাতে, 1988 চনত পথ দলংখন নিৰ্মাণ নোহোৱালৈকে মান্নাৰ উপসাগৰত অৱস্থিত মন্দপাম আৰু ৰামেশ্বৰম দ্বীপৰ মাজত ৰে'ল সেৱাই আছিল একমাত্ৰ সংযোগ ব্যৱস্থা ।

ইফালে পুৰণি পাম্বান দলংখন বন্ধ হোৱাৰ পিছত বিগত দুবছৰ ধৰি ইয়াত ৰে'ল চলাচল বন্ধ হৈ আছে আৰু ৰামেশ্বৰম ৰে'ল ষ্টেচনৰ পৰা 17 কিলোমিটাৰ দূৰৈত মূল ভূখণ্ডৰ মন্দাপামৰ পৰা ৰে'ল সেৱা আৰম্ভ হৈছে । এই নতুন দলংখনেৰে সামুদ্ৰিক যাতায়াত সক্ষম কৰিবলৈ ইলেক্ট্ৰ'মেকানিকেল ব্যৱস্থাৰে পৰিচালিত হ'ব আৰু দলংখন উত্তোলন কৰিবলৈ কেৱল ৫ মিনিট সময় লাগিব আৰু মাত্ৰ এজন ব্যক্তিয়েই এই কাম কৰিব পাৰিব বুলি বিষয়াজনে কয় ।

ৰে'ল বিষয়াসকলে লগতে কয় যে সাধাৰণতে যেতিয়া বতাহৰ গতিবেগ প্ৰতিঘণ্টাত 58 কিলোমিটাৰ বা ততোধিক হয়, বিশেষকৈ অক্টোবৰ আৰু ফেব্ৰুৱাৰীৰ মাহত, তেতিয়া উত্তোলন ব্যৱস্থাটো চলাব নোৱাৰি । ৰে'লৱেই নতুন দলং নিৰ্মাণৰ ক্ষেত্ৰত ষ্টেইনলেছ ষ্টীল, যৌগিক শ্লিপাৰ আৰু দীৰ্ঘদিন ধৰি চলা পেইণ্টিং ব্যৱস্থাকে ধৰি অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা বুলি বিষয়াজনে কয় ।

উল্লেখ্য যে ২০১৯ চনৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নতুন দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল । ইয়াৰ পিছত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত আৰ ভি এন এলৰ অধীনত ইয়াৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল । প্ৰথমতে এই দলং নিৰ্মাণৰ সময়সীমা ২০২১ চনৰ ডিচেম্বৰ মাহ নিৰ্ধাৰিত কৰা হৈছিল । কিন্তু কোভিড-১৯ মহামাৰীৰ বাবে ইয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছিল বুলি বিষয়াসকলে কয় ।

লগতে পঢ়ক :অশালীন মন্তব্যৰ বাবে গৰিহণা; ৰণবীৰ এলাহাবাদিয়াক অন্তৱৰ্তীকালীন সকাহ ছুপ্ৰিম কোৰ্টৰ - SC ON ALLAHBADIA CASE
লগতে পঢ়ক :জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি - GYANESH KUMAR APPOINTED CEC

ABOUT THE AUTHOR

...view details