অসম

assam

ETV Bharat / bharat

পাকিস্তানী স্বামীৰ নিৰ্যাতনৰ বলি হায়দৰাবাদৰ মহিলা

Hyderabadi woman tortured: প্ৰথমগৰাকী স্বামীয়ে এৰি যোৱাৰ পিচত চৌদি আৰবত কৰ্মৰত আলী হুছেইনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল হায়দৰাবাদৰ মহিলাগৰাকী । ৩ গৰাকী সন্তানৰ মাতৃগৰাকীক নিৰন্তৰ নিৰ্যাতন চলাই আছিল । অৱশেষত পলায়ন কৰি ভুক্তভোগী মহিলাগৰাকীয়ে হোটেলত আশ্ৰয় লয় । মহিলাগৰাকীৰ পিতৃ পৰিয়ালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিছে ।

Hyderabadi woman tortured
পাকিস্তানী স্বামীৰ নিৰ্যাতনৰ বলি হায়দৰাবাদৰ মহিলা

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 7:31 PM IST

নেশ্যনেল ডেস্ক,১০ মাৰ্চ :চৌদি আৰবত নিৰ্যাতনৰ বলি হায়দৰাবাদৰ এগৰাকী মহিলা । স্বামীৰ নিৰ্যাতনৰ বলি মহিলাগৰাকী ৩ সন্তানৰ সৈতে পলাই গৈ এখন হোটেলত আশ্ৰয় লয় । ইফালে মহিলাগৰাকীয়ে ফোনযোগে ভাৰতত থকা মাতৃক নিৰ্যাতনৰ কথা অৱগত কৰিছে । লগে লগে মাতৃয়ে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক তেওঁৰ কন্যা আৰু সন্তানক হায়দৰাবাদলৈ ঘূৰাই আনিবলৈ অনুৰোধ জনাই এখন পত্ৰ লিখিছে । ইফালে হায়দৰাবাদৰ এমবিটি দলৰ প্ৰতিনিধি আমজাদুল্লা খানে এই বিষয়ে এক্সত পোষ্ট কৰিছে ।

হায়দৰাবাদৰ ৰাজেন্দ্ৰ নগৰৰ পৰিয়ালটোৰ মহিলাগৰাকীক প্ৰথমগৰাকী স্বামীয়ে যৌতুকৰ সমস্যা দেখুৱাই এৰি গৈছিল । ইয়াৰ পিচতে পিতৃ-মাতৃয়ে তেওঁলোকৰ পৰিচিতসকলক কন্যাৰ বাবে আন এখন বিবাহৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল । চৌদি আৰবৰ মক্কাত চালক হিচাপে কাম কৰা মুখতাদিৰে পৰিয়ালটোক এজন লোকৰ সৈতে চিনাকী কৰাই দিছিল । পৰিয়ালটোক পাকিস্তানী আলী হুছেইন আজিজ উল ৰেহমানৰ বিষয়ে কৈছিল । তাৰ পিচত তেওঁলোকে কথা পাতিছিল আৰু ২০১৪ চনৰ ফেব্ৰুৱাৰীত পাকিস্তানৰ আলী হুছেইনৰ সৈতে মহিলাগৰাকীৰ পুনৰ বিবাহপাশত আবদ্ধ হৈছিল । তেওঁলোকৰ দুগৰাকী কন্যা আৰু এটা পুত্ৰ সন্তান আছে ।

কিছু বছৰৰ পিচতে আলী হুছেইনে মহিলাগৰাকীক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে । শেহতীয়াকৈ, আলী হুছেইনে বাংলাদেশৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীক ২০ হাজাৰ ৰিয়েলৰ বিনিময়ত ক্ৰয় কৰি আৰু বিয়া পাতে । তেওঁ কিশোৰীগৰাকীক ৩ মাহৰ ভিছাত চৌদি আৰবলৈ লৈ গৈছিল আৰু কিশোৰীগৰাকীকো অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল । আলী হুছেইনে দুগৰাকী পত্নী আৰু সন্তানক ঘৰতে বন্দী কৰি ৰাখিছিল ।

জানিব পৰা মতে দুদিন পূৰ্বে ভাৰতৰ মহিলাগৰাকীক আলী হুছেইনে প্ৰহাৰ কৰিছিল । এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি মহিলাগৰাকীয়ে ৩ সন্তান আৰু আলী হুছেইনৰ আন এগৰাকী পত্নীৰ সৈতে পলাই যাবলৈ সক্ষম হয় । পিচত মহিলাগৰাকীয়ে হায়দৰাবাদত থকা পিতৃৰ পৰিয়ালক ফোনযোগ সকলো কথা অৱগত কৰে । কন্যাৰ এনে দুৰ্দশাৰ কথা পৰিয়ালটোৱে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক অৱগত কৰিছে আৰু ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে । ভাৰতীয় দূতাবাসৰ বিষয়াসকলেও ভুক্তভোগী মহিলাগৰাকীৰ সৈতে যোগাযোগ কৰিছে ।

লগতে পঢ়ক :কেৱল গাজা নহয়, পশ্চিম পাৰো ক্ষতিগ্ৰস্ত : চাৰি পুত্ৰৰ মৃত্যুৰ পিচতো ক্ষতিৰ সৈতে মোকাবিলা কৰাৰ চেষ্টা মাতৃৰ

ABOUT THE AUTHOR

...view details