অসম

assam

ETV Bharat / bharat

বাজেটত বিমুখ: নীতি আয়োগৰ বৈঠক বৰ্জনৰ সিদ্ধান্ত 4 মুখ্যমন্ত্ৰীৰ - India Budget 2024 - INDIA BUDGET 2024

NITI Aayog meeting boycott: 27 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব নীতি আয়োগৰ বৈঠক ৷ এই বৈঠক বৰ্জনৰ সিদ্ধান্ত লৈছে কংগ্ৰেছকে ধৰি কেইবাজনো বিৰোধী মুখ্যমন্ত্ৰীয়ে ৷ কেন্দ্ৰীয় বাজেটক বৈষম্যমূলক আখ্যা ৷

Karnataka to boycott NITI Aayog meeting chaired by PM, over neglect of state in budget: CM
মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া (ANI)

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 9:36 AM IST

নেশ্যনেল ডেস্ক, 24 জুন:মঙলবাৰে সদনত দাখিল কৰা হয় কেন্দ্ৰীয় বাজেট 2024-25 ৷কেন্দ্ৰীয় বাজেটত কৰ্ণাটক, তেলেংগানা, তামিলনাডু আৰু হিমাচল প্ৰদেশৰ দাবীক অৱহেলা কৰাৰ প্ৰতিবাদৰ চিনস্বৰূপে 27 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া নীতি আয়োগৰ বৈঠক বৰ্জনৰ সিদ্ধান্ত লৈছে চাৰিওখন ৰাজ্যই ।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই এই সন্দৰ্ভত কয়, "নীতি আয়োগৰ সভাত উপস্থিত থাকি লাভ নাই, কিয়নো কানাড়াসকলৰ দাবী চৰকাৰে শুনা নাই । নতুন দিল্লীত সৰ্বদলীয় বৈঠকত কৰ্ণাটকৰ অত্যাৱশ্যকীয় প্ৰয়োজনীয়তাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনোৱাৰ মোৰ আন্তৰিক প্ৰচেষ্টা সত্ত্বেও কেন্দ্ৰীয় বাজেটে আমাৰ ৰাজ্যৰ দাবীক অৱহেলা কৰিছে ।"

সিদ্ধাৰমাইয়াই পুনৰ কয়, "বৈঠকত অংশগ্ৰহণ কৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও কৰ্ণাটকৰ জনসাধাৰণৰ উদ্বেগক আওকাণ কৰিছে । আমি নীতি আয়োগৰ সভাত উপস্থিত থাকি লাভ নাই । আমি 27 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া নীতি আয়োগৰ বৈঠকক প্ৰতিবাদৰ চিন স্বৰূপে বৰ্জন কৰাৰ সিদ্ধান্ত লৈছো ।"

X ৰ পোষ্টটোত মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই কয়, "আনকি আমাৰ কৃষকসকলে মেকেদাতু আৰু মহাদয়ীক অনুমোদন দিয়াৰ দাবীক আওকাণ কৰা হৈছে । আমাৰ ৰাজ্যলৈ বিভিন্ন শ্ৰেণীৰ অধীনত পুঁজি হ্ৰাস কৰা কাৰ্যৰ শুধৰণিৰ কোনো চেষ্টা কৰা হোৱা নাছিল । মেট্ৰ’ আৰু অন্যান্য আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ধন এতিয়াও দূৰৈৰ সপোন । প্ৰধানমন্ত্ৰীৰ চকীখনৰ ওপৰতেই চকু নিৱদ্ধ থকাৰ বাবে নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ বাহিৰে আন ৰাজ্যলৈ চাব পৰা নাই । ৰাইজৰ সন্মুখত তেওঁৰ এজেণ্ডা উদঙাই দিয়া হৈছে । আমি আশা কৰো আমাৰ ৰাজ্যৰ জনসাধাৰণে আমাৰ ন্যায়ৰ যুঁজত আমাৰ লগত থিয় দিব ।"

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে মঙলবাৰৰ সন্ধিয়া এখন সংবাদমেলযোগে নীতি আয়োগৰ বৈঠক বৰ্জনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে । মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ প্ৰতি সমৰ্থন জনাই কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে নিশা X যোগে বাজেটখনক ‘অত্যন্ত বৈষম্যমূলক আৰু বিপজ্জনক’ বুলি গৰিহণা দিয়ে ।

বাজেটত তামিলনাডুক সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছে বুলি কয় এম কে ষ্টালিনে ৷ বেনুগোপালে উল্লেখ কৰে যে হিমাচল প্ৰদেশৰ সুখবিন্দৰ সিং সুখু, তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী, কৰ্ণাটকৰ সিদ্ধাৰমাইয়াকে ধৰি কংগ্ৰেছৰ 4 মুখ্যমন্ত্ৰীয়ে নীতি আয়োগৰ বৈঠক বৰ্জন কৰিব । কেন্দ্ৰীয় বাজেটৰ বৈষম্যমূলক স্থিতিৰ বিৰুদ্ধে 24 জুলাইত দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিব ডি এম কেৰ সাংসদসকলে ।

লগতে পঢ়ক:বিষয় বাজেট: প্ৰধানমন্ত্ৰী-বিত্তমন্ত্ৰীক ধন্যবাদ জনাই ড৹ শৰ্মাই ক’লে- দ্ৰুতগতিত বিকাশ হ’ব ভাৰতৰ - INDIA BUDGET 2024

কেন্দ্ৰীয় বাজেটত অসমক চূড়ান্তভাৱে অৱহেলা কৰা হৈছে: ৰিপুণ বৰা - INDIA BUDGET 2024

কেন্দ্ৰৰ বাজেটত অসমৰ বাবে আছে কি ? বিৰোধীৰ সৰৱ প্ৰতিক্ৰিয়া - INDIA BUDGET 2024

ABOUT THE AUTHOR

...view details