অসম

assam

ETV Bharat / bharat

নীট পৰীক্ষাৰ ফলাফল ঘোষণা : সাধাৰণ পৰীক্ষাৰ্থীৰ কাট অব ২৭ পইণ্টলৈ বৃদ্ধি - NTA RELEASED RESULT OF NEET UG 2024 - NTA RELEASED RESULT OF NEET UG 2024

NEET UG 2024 Score card released: নীট ইউ জি ২০২৪ পৰীক্ষাৰ প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইটৰ পৰা তেওঁলোকৰ স্কোৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব । ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ফলাফল ঘোষণাৰ পিচতেই স্কোৰ কাৰ্ড মুকলি ।

NEET UG 2024 SCORE CARD RELEASED
নীট ইউজি ২০২৪ পৰীক্ষা (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 10:08 PM IST

নেশ্য়নেল ডেস্ক, ৪ জুন: ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই দেশৰ সৰ্ববৃহৎ চিকিৎসা প্ৰৱেশ পৰীক্ষা ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ (নীটইউজি ২০২৪) ফলাফল ঘোষণা কৰিছে । লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে দেশত চিকিৎসা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা ২৪ লাখতকৈও অধিক প্ৰাৰ্থীয়ে লাভ কৰিলে ফলাফল । ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই সোমবাৰে নিশা এই ফলাফল ঘোষণা কৰে ।

সোমবাৰে নিশা এই ফলাফল ঘোষণা কৰাৰ পিচত স্কোৰ কাৰ্ডসমূহো মুকলি কৰা হৈছে । এইবাৰ সাধাৰণ প্ৰাৰ্থীৰ কাট-অব যোৱা বছৰৰ তুলনাত 27 পইণ্ট বৃদ্ধি পাইছে । এই পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত, 13,16,268 জনক কাউন্সেলিঙৰ বাবে যোগ্য বুলি ঘোষণা কৰা হৈছে । প্ৰাৰ্থীসকলে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ অফিচিয়েল ৱেবছাইটৰ পৰা তেওঁলোকৰ স্কোৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব । ইযাৰ বাবে তেওঁলোকে আবেদন নম্বৰ আৰু জন্মৰ তাৰিখ উপলব্ধ কৰিব লাগিব ।

শিক্ষা বিশেষজ্ঞ দেৱ শৰ্মাই এই সন্দৰ্ভত কয় যে এইবাৰ জেনেৰেল আৰু ই ডব্লিউ এছৰ বাবে কাট-অব 164 নম্বৰলৈকে হৈছে । আনহাতে, অ' বি চি, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে কাট অব হৈছে 129 নম্বৰ । একেদৰে, সাধাৰণ আৰু ই ডব্লিউ এছ পৃথকভাৱে সক্ষম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে কাট-অব হৈছে 146 নম্বৰ । অ' বি চি, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি শ্ৰেণীৰ বিভিন্নভাৱে সক্ষম শিক্ষাৰ্থীৰ বাবে 129 নম্বৰ । যোৱা বছৰ জেনেৰেল আৰু ই ডব্লিউ এছৰ বাবে কাট-অব আছিল 137 নম্বৰ । এইবাৰ ২৭ পইণ্ট বৃদ্ধি পাইছে । অ 'বি চি,অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে কাট-অব শতাংশ আছিল 107 আৰু এইবাৰ ২২ পইণ্ট বৃদ্ধি হৈছে ।

লগতে পঢ়ক:নীট পৰীক্ষা, পৰীক্ষা গৃহত প্ৰৱেশৰ অনুমতি পাবলৈ মনত ৰাখক এইকেইটা কথা - NEET UG EXAM 2024

এন ই ই টি ইউ জি ২০২৪ৰ আবেদনৰ অন্তিম তাৰিখ ১৬ মাৰ্চলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details