নেশ্যনেল ডেস্ক,২১ এপ্ৰিল :নিৰ্বাচনী প্ৰচাৰ গীতৰ পৰা 'জয় ভৱানী' আৰু 'হিন্দু' শব্দ আঁতৰোৱাৰ বাবে শিৱসেনা(ইউবিটি) দললৈ নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে । শিৱসেনা (ইউবিটি)ৰ মুৰব্বী উদ্ধৱ ঠাকৰেয়ে দেওবাৰে কয় যে তেওঁৰ দলে নিৰ্বাচন আয়োগৰ পৰা জাননী লাভ কৰিছে । য'ত তেওঁৰ দলটোৰ নতুন প্ৰচাৰ গীতৰ পৰা কিছুমান শব্দ আঁতৰাবলৈ কোৱা হৈছে । কিন্তু ইয়াক মানি লোৱা নহ'ব বুলি ঠাকৰেয়ে ঘোষণা কৰিছে । সংবাদমেল সম্বোধন কৰি ঠাকৰেয়ে কয় যে গীতৰ পৰা 'জয় ভৱানী' আঁতৰাবলৈ কোৱাটো মহাৰাষ্ট্ৰৰ বাবে অপমানজনক ।
ঠাকৰেয়ে লগতে কয় যে তেওঁৰ দলে নতুন নিৰ্বাচনী প্ৰতীক 'মাশ্বাল' (জ্বলন্ত শিখা) জনপ্ৰিয় কৰিবলৈ এটা গীত নিৰ্মাণ কৰিছিল । কিন্তু নিৰ্বাচন আয়োগে গীতটোৰ পৰা কিছুমান শব্দ আঁতৰাবলৈ কৈছে । তেওঁ উল্লেখ কৰা মতে ছত্ৰপতি শিৱাজী মহাৰাজে দেৱী তুলজা ভৱানীৰ আশীৰ্বাদত হিন্দাৱী স্বৰাজ প্ৰতিষ্ঠা কৰিছিল । তেওঁৰ দলে দেৱী বা হিন্দু ধৰ্মৰ নামত ভোট বিচৰা নাই । এইটো এক অপমান আৰু ইয়াক সহ্য কৰা নহ'ব বুলি তেওঁ উল্লেখ কৰে ।
ঠাকৰেৰ মতে তেওঁ ৰাজহুৱা সভাত 'জয় ভৱানী' আৰু 'জয় শিৱাজী' কোৱাৰ প্ৰথা অব্যাহত ৰাখিব । নিৰ্বাচন আয়োগক প্ৰত্যাহ্বান জনাই তেওঁ কয় যে যদি নিৰ্বাচন আয়োগে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লয় তেনেহ'লে বিজেপিৰ ক্ষেত্ৰত আয়োগে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থকা সময়ত লোকসকলক 'জয় বজৰং বলি' বুলি ক'বলৈ আৰু ইভিএমৰ বুটামটো টিপিবলৈ কৈছিল, সেই সময়ত আয়োগে কি কৰি আছিল বুলি তেওঁ প্ৰশ্ন কৰে ।