অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / bharat

ত্ৰিপুৰাত ৫৮৪ এন এল এফ টি আৰু এ টি টি এফ উগ্ৰবাদীৰ অস্ত্ৰ সম্বৰণ - NLFT Cadres Surrendered in Tripura

NLFT and ATTF Cadres Surrendered : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এন এল এফ টি আৰু এ টি টি এফৰ সৈতে ত্ৰিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছিল । এই চুক্তি অনুসৰিয়ে দুয়োটা উগ্ৰবাদী গোটৰ ৫ শতাধিক কেডাৰে সমূহীয়াভাৱে অস্ত্ৰ সম্বৰণ কৰে । আনহাতে, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এন এল এফ টি আৰু এ টি টি এফৰ কেডাৰৰ পুনৰ সংস্থাপনৰ বাবে ২৫০ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছে ।

NLFT and ATTF Cadres Surrendered
ত্ৰিপুৰাত ৫৮৪ এন এল এফ টি আৰু এ টি টি এফ উগ্ৰবাদীৰ অস্ত্ৰ সম্বৰণ (X@ManikSaha2)

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ :স্থায়ী শান্তিৰ দিশে আৰু এখোজ আগবাঢ়িছে অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা । ত্ৰিপুৰালৈ স্থায়ী শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ উদ্দেশ্যৰে মঙলবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাৰ সন্মুখত অস্ত্ৰ সম্বৰণ কৰে দুই সশস্ত্ৰ সংগঠন নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অব ত্ৰিপুৰা (এন এল এফ টি) আৰু অল ত্ৰিপুৰা টাইগাৰ ফ'ৰ্চৰ (এ টি টি এফ) ৫৮৪ জন কেডাৰে।

এই উপলক্ষে চেপাহিজালা জিলাৰ জামপুইজালাত ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ সপ্তম বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হয় এক বিশাল অস্ত্ৰ সম্বৰণ অনুষ্ঠানৰ । যোৱা ৪ ছেপ্টেম্বৰত ত্ৰিপুৰা চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে উগ্ৰপন্থী সংগঠন দুটাই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ হাতত অস্ত্ৰ সমৰ্পণৰ এক মুহূৰ্ত (X@ManikSaha2)

এই বুজাবুজি চুক্তি স্বাক্ষৰৰ পিছতেই মঙলবাৰে অস্ত্ৰ সমৰ্পণ অনুষ্ঠানটি আয়োজন কৰা হয় । উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এন এল এফ টি আৰু এ টি টি এফৰ সৈতে ত্ৰিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছিল । ইয়াৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে এন এল এফ টি আৰু এ টি টি এফৰ কেডাৰৰ পুনৰ সংস্থাপনৰ বাবে ২৫০ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছিল ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ হাতত অস্ত্ৰ সমৰ্পণৰ এক মুহূৰ্ত (X@ManikSaha2)

মঙলবাৰে এই অনুষ্ঠানত আগবঢ়োৱা ভাষণত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই সন্তুষ্টি প্ৰকাশ কৰি কয়, "মঙলবাৰে অস্ত্ৰ সমৰ্পণৰ পিছত ত্ৰিপুৰা সম্পূৰ্ণ বিদ্ৰোহমুক্ত এক ৰাজ্যত পৰিণত হৈছে ।" নিজৰ বক্তব্যত ড০ সাহাই লগতে কয় যে এই অস্ত্ৰ সমৰ্পণ অনুষ্ঠানটো শান্তি চুক্তিৰ ফল, যিটো ত্ৰিপুৰাৰ শান্তিৰ স্থাপনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ হাতত অস্ত্ৰ সমৰ্পণৰ এক মুহূৰ্ত (X@ManikSaha2)

"নৰেন্দ্ৰ মোদীয়ে যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়া তেওঁ ধাৰাবাহিকভাৱে গুৰুত্ব আৰোপ কৰি কৈছিল যে উত্তৰ-পূবৰ উন্নয়ন অবিহনে দেশৰ উন্নয়ন অসম্ভৱ ৷" এইদৰে উল্লেখ কৰি মাণিক সাহাই কয় যে উত্তৰ-পূবৰ প্ৰায়বোৰ উগ্ৰবাদী সংগঠনকেই এতিয়া আলোচনাৰ মেজলৈ অনা হৈছে ।

"আমি দেখিবলৈ পাওঁ যে এসময়ত সন্ত্ৰাসবাদৰ সৈতে যুঁজি থকা উত্তৰ-পূব এতিয়া ইয়াৰ পৰা প্ৰায় মুক্ত হৈছে । উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহীৰ সৈতে প্ৰায় ১২ খন শান্তি চুক্তি স্বাক্ষৰিত হৈছে।" অনুষ্ঠানত মাণিক সাহাই এনেদৰে কয় । তেওঁ লগতে কয়, "আজিৰে পৰা আমি ক’ব পাৰো যে ত্ৰিপুৰা এতিয়া সন্ত্ৰাসবাদৰ পৰা মুক্ত । ৰাজ্য আৰু কেন্দ্ৰীয় দুয়োখন চৰকাৰে ৰাজ্যখনৰ জনজাতিসকলৰ উন্নয়নৰ বাবে ধাৰাবাহিকভাৱে এলানি আঁচনি ৰূপায়ণ কৰিছে।’’

অস্ত্ৰ সম্বৰণ কৰা উগ্ৰপন্থীসকলৰ একাংশ (X@ManikSaha2)

উল্লেখ্য যে মঙলবাৰৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠানত এন এল এফ টি (বি এম)ৰ সভাপতি বিশ্ব মোহন দেৱবাৰ্মা, এন এল এফ টিৰ সভাপতি পৰিমল দেৱবাৰ্মা, এন এল এফ টিৰ সভাপতি প্ৰসেনজিৎ দেৱবাৰ্মা আৰু এ টি টি এফৰ সভাপতি অলিন্দ্ৰ দেৱবাৰ্মাই মুখ্যমন্ত্ৰীৰ সন্মুখত এ কে ছিৰিজ ৰাইফলৰ সৈতে আত্মসমৰ্পণ কৰে ।

আনহাতে, অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি অহাসকলক উদ্দেশ্যি মাণিক সাহাই কয়, "হিংসা আৰু অস্ত্ৰ-শস্ত্ৰৰ জৰিয়তে সমস্যা সমাধান কৰিব নোৱাৰি । যিসকলে কঠিন জীৱন যাপন কৰি এতিয়া মূলসুঁতিত যোগদান কৰিছে, তেওঁলোকক মই উষ্ম আদৰণি জনাইছো ।"

উক্ত অনুষ্ঠানত ত্ৰিপুৰাৰ ডি জি পি অমিতাভ ৰঞ্জন, ডি জি পি (চোৰাংচোৱা) অনুৰাগ, মুখ্য সচিব জে কে সিনহা, গৃহ সচিব পি কে চক্ৰৱৰ্তী, চেপাহিজালা জিলাৰ দণ্ডাধীশ সিদ্ধাৰ্থ শিৱ জয়ছোৱালকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ড : অপৰাধৰ পুনৰ দৃশ্যায়নত পত্নীসহ দুই অভিযুক্ত - Chabua Murder Case
লগতে পঢ়ক :জোনমণি ৰাভাৰ মৃত্যু: চি বি আইৰ তদন্তত কি কি বিস্ফোৰক তথ্য - SI Junmoni Rabha Accident Case

ABOUT THE AUTHOR

...view details