অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ২০২৫ : কন্যা সন্তানৰ বিৰুদ্ধে বৈষম্য ৰোধৰ দৃঢ় বাৰ্তা প্ৰধানমন্ত্ৰীৰ - NATIONAL GIRL CHILD DAY 2025

চৰকাৰে শিক্ষা, প্ৰযুক্তি, দক্ষতা আৰু স্বাস্থ্য সেৱাৰ দৰে খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে কন্যা সন্তানক সবলীকৰণত অৰিহণা যোগাইছে । এই মন্তব্য প্ৰধানমন্ত্ৰীৰ ৷

national girl child day 2025
ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ২০২৫ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 12:58 PM IST

নতুন দিল্লী :শুকুৰবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস । এই দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বৰ্তমান সকলো ক্ষেত্ৰতে কন্যা সন্তানসকলৰ সফলতাৰ বাবে দেশ গৌৰৱান্বিত । তেওঁ লগতে দাবী কৰে যে তেওঁৰ চৰকাৰে কন্যা সন্তানৰ বিৰুদ্ধে যাতে কোনো ধৰণৰ বৈষম্য নহয় সেইটো নিশ্চিত কৰিবলৈও সমানে দৃঢ় ।

X-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়, "আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত আমি কন্যা সন্তানসকলক শক্তিশালী কৰি ৰাখিবলৈ আৰু তেওঁলোকৰ বাবে বিভিন্ন ধৰণৰ সুযোগ নিশ্চিত কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰতিশ্ৰুতিৰ পুনৰাবৃত্তি কৰিছো । সকলো ক্ষেত্ৰতে কন্যা সন্তানসকলে বৰ্তমান লাভ কৰা সফলতাৰ বাবে ভাৰত গৌৰৱান্বিত ।"

তেওঁলোকৰ কৃতিত্বই আমাক সকলোকে অনুপ্ৰাণিত কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "আমাৰ চৰকাৰে শিক্ষা, প্ৰযুক্তি, দক্ষতা, স্বাস্থ্য সেৱা আদিৰ দৰে ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে । ই কন্যা সন্তানক সবলীকৰণ কৰাত অৰিহণা যোগাইছে । কন্যা সন্তানৰ বিৰুদ্ধে যাতে কোনো ধৰণৰ বৈষম্য নহয় সেয়া নিশ্চিত কৰিবলৈও আমি সমানে দৃঢ় ।"

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস 2025

প্ৰতিবছৰে 24 জানুৱাৰীত ভাৰতত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয় । ই হৈছে কন্যা সন্তানৰ অধিকাৰ, শিক্ষা আৰু তেওঁলোকৰ কল্যাণৰ ওপৰত আলোকপাত কৰাৰ বাবে উৎসৰ্গিত এক গুৰুত্বপূৰ্ণ দিৱস ।

নাৰী আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ দ্বাৰা 2008 চনত পোন প্ৰথমে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ আয়োজন কৰা হৈছিল । এই দিৱসৰ উদ্দেশ্য হৈছে কন্যা সন্তানসকলক সবলীকৰণৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰা । লগতে এনে এক পৰিৱেশ সৃষ্টি কৰা, য'ত তেওঁলোকে লিংগ বৈষম্যৰ কোনো বাধা অবিহনে যাতে উন্নতি কৰিব পাৰে ।

আনহাতে, এই দিনটো হৈছে কন্যা সন্তানৰ অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ এটা দিন । ইয়াৰ উপৰি তেওঁলোকক লিংগ পক্ষপাতিত্বৰ পৰা মুক্ত কৰি সমান সুযোগ আৰু সমৰ্থন প্ৰদান কৰাটো নিশ্চিত কৰাৰো এক দিন । এই দিনটোত আমাৰ কন্যা সন্তানসকলে সন্মুখীন হৈ অহা বিভিন্ন ধৰণৰ অসমতাৰ ওপৰত আলোকপাত কৰা হয় আৰু তেওঁলোকৰ বাবে শিক্ষাৰ প্ৰয়োজনীয়তাৰ দিশটো প্ৰচাৰ কৰা হয় । লগতে সমাজে যাতে কন্যা সন্তানসকল ল'ৰাৰ দৰেই সমান মূল্য আৰু সন্মান প্ৰদান কৰে তাৰ প্ৰতিও উৎসাহিত কৰা হয় ।

ইয়াৰ উপৰি এই দিৱসটোৰ আন এক গুৰুত্বপূৰ্ণ লক্ষ্য হৈছে কন্যা সন্তানৰ প্ৰতি সামাজিক মনোভাবৰ সলনি কৰা, কন্যা ভ্ৰূণ হত্যাৰ দৰে সমস্যা সমাধান কৰা, লিংগ অনুপাত হ্ৰাস হোৱাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু কন্যা সন্তানৰ বাবে অধিক সামগ্ৰিক আৰু ন্যায়সঙ্গত পৰিৱেশ গঢ়ি তোলা ।

কন্যা সন্তানৰ আন্তৰ্জাতিক দিৱস

আনহাতে, আন্তৰ্জাতিক কন্যা সন্তান দিৱস প্ৰতিবছৰে ১১ অক্টোবৰত উদযাপন কৰা হয় । ৰাষ্ট্ৰসংঘৰ মতে যোৱা বছৰৰ এই আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ বিষয়বস্তু আছিল ‘‘ভৱিষ্যতৰ বাবে কন্যা সন্তানৰ দৃষ্টিভংগী ।’’

1995 চনত বেইজিঙত অনুষ্ঠিত নাৰীৰ ওপৰত বিশ্ব সন্মিলনত অংশগ্ৰহণকাৰী দেশবোৰে সৰ্বসন্মতিক্ৰমে বেইজিং ঘোষণা-পত্ৰ গ্ৰহণ কৰিছিল আৰু ইয়াক কাৰ্যকৰীকৰণৰ বাবে এক মঞ্চ গঠন কৰিছিল । এই মঞ্চ কেৱল নাৰীয়েই নহয়, কন্যা সন্তানসকলৰ অধিকাৰ আগবঢ়োৱাৰ বাবে এতিয়ালৈকে সংগঠিত আটাইতকৈ প্ৰগতিশীল ব্লুপ্ৰিণ্ট । বেইজিং ঘোষণা-পত্ৰ হৈছে বিশেষভাৱে কন্যা সন্তানৰ অধিকাৰৰ বিষয়ে মাত মতা প্ৰথমটো পদক্ষেপ ।

2011 চনৰ 19 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 11 অক্টোবৰক আন্তৰ্জাতিক কন্যা শিশু দিৱস হিচাপে ঘোষণা কৰিবলৈ লগতে কন্যা সন্তানৰ অধিকাৰক স্বীকৃতি দিবলৈ আৰু বিশ্বজুৰি কন্যা সন্তানসকলে সন্মুখীন হোৱা বিশেষ প্ৰত্যাহ্বানবোৰক মোকাবিলা কৰিবৰ বাবে 66/170 প্ৰস্তাৱ গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক :অৰুণাচলত থকা দ্বিতীয় বিশ্বযুদ্ধৰ ঐতিহাসিক স্থানসমূহ হ'ব পৰ্যটনৰ কেন্দ্ৰ : খাণ্ডু - PANGSAU PASS INTERNATIONAL FESTIVAL
লগতে পঢ়ক :২৯ জানুৱাৰীত ত্ৰিপুৰাত উপস্থিত হ’ব ১৬সংখ্যক বিত্ত আয়োগ, প্ৰস্তুতি তুংগত - 16TH FINANCE COMMISSION

ABOUT THE AUTHOR

...view details