হায়দৰাবাদ:প্ৰতিবছৰে 26 নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় সংবিধান দিৱস হিচাপে পালন কৰা হয় ৷ আমি জানো যে আমাৰ দেশৰ সংবিধানখন হৈছে বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান ৷ ভাৰতীয় সংবিধান গ্ৰহণৰ স্মৃতিতেই এই দিনটো ৰাষ্ট্ৰীয় সংবিধান দিৱস হিচাপে পালন কৰা হয় ৷ 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীত ইয়াক গৃহীত কৰা হয় ৷ আইন আৰু ন্যায় মন্ত্ৰণালয়ে কয় যে ভাৰতৰ গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু সমতাবাদী কাঠামো সংজ্ঞায়িত কৰা মূল নথি হিচাপে কাম কৰে সংবিধানে ।
বোধ গয়াৰ আই আই এমে সামাজিক মাধ্যম X ত উল্লেখ কৰে- ‘‘সংবিধান দিৱস প্ৰতিবছৰে 26 নৱেম্বৰত পালন কৰা হয় ৷ যিয়ে আমাৰ দেশৰ সংবিধান গ্ৰহণৰ দিনটোক সোঁৱৰাই দিয়ে ৷ এই দিনটোৱে আমাৰ প্ৰতিষ্ঠাপক পিতৃ পুৰুষসকলৰ জ্ঞানক সন্মান জনায় ৷’’
একেদৰে, আইনী সাহায্য কেন্দ্ৰ এল ইউৱে X ত লিখা মতে, ‘‘প্ৰতি বছৰে ২৬ নৱেম্বৰত পালন কৰা ৰাষ্ট্ৰীয় সংবিধান দিৱস উপলক্ষে আইনী সাহায্য কেন্দ্ৰই সাংবিধানিক আইন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ পাই ৰোমাঞ্চিত হৈ পৰিছে ।’’
ইতিহাস:
জনসাধাৰণৰ মাজত সাংবিধানিক প্ৰমূল্য প্ৰচাৰ কৰাৰ উদ্দেশ্যে সামাজিক ন্যায় আৰু কল্যাণ মন্ত্ৰণালয়ে 2015 চনৰ 19 নৱেম্বৰত ঘোষণা কৰিছিল যে চৰকাৰে 26 নৱেম্বৰ দিনটো সংবিধান দিৱস হিচাপে পালনৰ বাবে ঠিৰাং কৰিছে ৷ এই পালনে দেশখনক পথ প্ৰদৰ্শন কৰা গণতান্ত্ৰিক নীতিৰ সোঁৱৰণী হিচাপে কাম কৰে বুলি মন্ত্ৰণালয়ে জনায় ।
আমাৰ সংবিধান আমাৰ সন্মান:
চলিত বৰ্ষৰ 24 জানুৱাৰীত ‘‘আমাৰ সংবিধান আমাৰ সন্মান’’ অভিযান আৰম্ভ কৰা হৈছিল ৷ সংবিধান সন্দৰ্ভত জনসাধাৰণৰ জ্ঞান বিকাশৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছিল এই কাৰ্যসূচী ৷ এই বছৰজোৰা অভিযানে সংবিধানৰ গুৰুত্বৰ প্ৰতি সজাগতা বৃদ্ধি কৰিছে বুলি মন্ত্ৰণালয়ে উল্লেখ কৰিছে ৷