নেশ্যনেল ডেস্ক, 17 মে’ : হাৰিয়ানাৰ গুৰুগ্ৰামত এক শিহৰণকাৰী ঘটনা পোহৰলৈ আহিছে ৷ সাধাৰণতে মাতৃক মমতাময়ী বুলি কোৱা হয় ৷ কিন্তু এইবাৰ মমতাময়ী মাতৃয়ে ঘাতকৰ ৰূপ লোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ এই ঘটনাই আপোনাৰো কলিজা কঁপাই তুলিব ৷ গুৰুগ্ৰামৰ ছেক্টৰ 18 ৰ আৰক্ষী থানাৰ অঞ্চলত এগৰাকী মাতৃয়ে আঠ বছৰীয়া পুত্ৰক শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।
শিশুটোৰ দোষ আছিল যে যেতিয়া তেওঁ স্কুলৰ পৰা উভতি আহিছিল, তেওঁৰ পোছাকযোৰ মলিয়ন হৈ আছিল ৷ ইয়াৰ লগতে শিশুটোৱে বিদ্যালয়ত কিতাপ পাহৰি এৰি থৈ আহিছিল ৷ যাৰ শাস্তিস্বৰূপে খঙাল মাতৃয়ে আঠ বছৰীয়া শিশুটিক নিৰ্মমভাৱে প্ৰহাৰ কৰি শৰীৰৰ কাপোৰ খুলি ঘৰৰ বাহিৰত থিয় কৰাই থৈছিল । তাৰ কিছু সময়ৰ পিচতে শিশুটিয়ে কিবা এটা সামগ্ৰী বিচাৰি জেদ ধৰাত মাতৃয়ে স্বাসৰুদ্ধ কৰি হত্যা কৰে শিশুটিক ৷
মাতৃয়ে পুত্ৰক হত্যা কৰিছিল: যেতিয়া মহিলাগৰাকীৰ স্বামী সন্ধিয়া ঘৰলৈ উভতি আহে তেতিয়া তেওঁ দেখে যে, তেওঁৰ পুত্ৰৰ অচেতন অৱস্থাত পৰি আছিল । তেওঁ লগে লগে পুত্ৰক কোলাত তুলি চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় ৷ কিন্তু চিকিৎসকে তেতিয়ালৈ শিশুটিক মৃত বুলি ঘোষণা কৰে ৷
এই খবৰ লাভ কৰাৰ লগে লগে ছেক্টৰ 18 আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰে ৷ আৰক্ষীয়ে অভিযোগৰ ভিত্তিত অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি অভিযুক্ত মহিলাগৰাকীক সোধ-পোছ কৰি থকা হৈছে ৷ গুৰুগ্ৰাম আৰক্ষীৰ মতে, মহিলাগৰাকীকে তেওঁৰ পুত্ৰক হত্যা কৰাৰ পিচতো তেওঁৰ কোনো অনুশোচনা হোৱা নাছিল ৷