অসম

assam

ETV Bharat / bharat

৫০০ বছৰৰ মূৰত উভতি আহিছে এই মুহূৰ্ত: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত অযোধ্যাত প্ৰথমটো দেৱালী

ৰাম মন্দিৰ ধ্বংসৰ ৫০০ বছৰ পিচত অযোধ্যাত চাকি জ্বলাই পালন কৰা দীপোৎসৱক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

Diwali in Ayodhya Ram Temple
দীপাৱলীৰ আলোকসজ্জাৰে সজ্জিত অযোধ্যাৰ ৰাম মন্দিৰত (ETV Bharat)

By ETV Bharat Assamese Team

Published : 5 hours ago

নতুন দিল্লী : সমগ্ৰ দেশজুৰি উদযাপন হৈছে পোহৰৰ উৎসৱ দীপাৱলী বা দীপান্বিতা । এইবাৰ দীপাৱলী উদযাপনৰ প্ৰাকক্ষণত বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অযোধ্যাৰ মন্দিৰত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পিচত প্ৰথম দীপাৱলী উদযাপন হৈছে এক শুভ মুহূৰ্ত । এই মুহূৰ্তটো ৫০০ বছৰৰ মূৰত 'ৰাম ভক্তসকলৰ অগণন ত্যাগ আৰু তপস্যা'ৰ বলত আহিছে ।

"ঐশ্বৰিক অযোধ্যা ! পুণ্যৰ প্ৰতীক ভগৱান শ্ৰীৰামৰ এই পৰম উৎকৃষ্ট মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিচত এইটো হৈছে প্ৰথম দীপাৱলী । অযোধ্যাত ৰামলালাৰ মন্দিৰৰ অনন্য সৌন্দৰ্যই সকলোকে অভিভূত কৰিব ।" প্ৰধানমন্ত্ৰী মোডীয়ে এক্সত শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ এটা পোষ্ট টেগ কৰি কয় ।

দীপোৎসৱৰ আলোকেৰে উদ্ভাসিত ৰাম মন্দিৰ (ETV Bharat)

"৫০০ বছৰৰ মূৰত এই পৱিত্ৰ মুহূৰ্তটো ৰাম ভক্তসকলৰ অগণন ত্যাগ আৰু তপস্যাৰ বলত আহিছে । এই ঐতিহাসিক অনুষ্ঠানটোৰ সাক্ষী হোৱাটো আমাৰ বাবে সৌভাগ্য ।" তেওঁ কয় ।

তেওঁ লগতে কয়, "মই নিশ্চিত যে ভগৱান শ্ৰীৰামৰ জীৱন আৰু তেওঁৰ আদৰ্শ উন্নত ভাৰতৰ সংকল্পত উপনীত হোৱাৰ ক্ষেত্ৰত দেশৰ জনসাধাৰণৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব ।"

আনহাতে, শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰই নিজৰ এক্স পোষ্টত পোহৰেৰে আলোকিত মন্দিৰটোৰ ফটো শ্বেয়াৰ কৰি দীপাৱলীৰ প্ৰাকমুহূৰ্তত কয়, "ৰাম মন্দিৰটো এক ঐশ্বৰিক উজ্জ্বলতাৰে জিলিকি উঠিছে ।"

হিন্দীত দিয়া এক্সৰ আন এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাত চাকি জ্বলাই পালন কৰা দীপোৎসৱক প্ৰশংসা কৰে । "আশ্চৰ্যজনক, অতুলনীয় আৰু অকল্পনীয় ! মহান আৰু ঐশ্বৰিক দীপোৎসৱৰ বাবে অযোধ্যাৰ জনসাধাৰণক অশেষ অভিনন্দন ! লাখ লাখ প্ৰদীপেৰে আলোকিত ৰামলালাৰ পবিত্ৰ জন্মস্থানত থকা এই 'জ্যোতিপৰ্ব'ই সকলোকে আৱেগিক কৰি তুলিব ।" তেওঁ কয় ।

"অযোধ্যা ধামৰ পৰা নিৰ্গত এই পোহৰৰ ৰশ্মিয়ে সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকলক নতুন উৎসাহ আৰু নতুন শক্তিৰে জীপাল কৰি তুলিব । মই আশাকৰোঁ যে ভগৱান শ্ৰীৰামে দেশৰ সকলো লোককে সুখ, সমৃদ্ধি আৰু জীৱনৰ সফলতাৰ বাবে আশীৰ্বাদ দিয়ক ।" প্ৰধানমন্ত্ৰীয়ে কয় ।

উল্লেখ্য যে চলিত বছৰৰ জানুৱাৰী মাহত অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল । ইয়াৰ নেতৃত্ব গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ উক্ত অনুষ্ঠানত ইয়াক এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে অভিহিত কৰি কৈছিল, "পৰৱৰ্তী 1,000 বছৰৰ এক 'শক্তিশালী, সক্ষম আৰু ঐশ্বৰিক' ভাৰতৰ ভেটি গঢ়ি তুলিবলৈ এই বিশাল মন্দিৰৰ পৰাই আগবাঢ়িব লাগিব ।"

লগতে পঢ়ক :কলি যুগত ত্ৰেতা যুগৰ পৰিৱেশ সৃষ্টিৰ প্ৰয়াস; ২৮ লাখ বন্তি প্ৰজ্বলেনেৰে নতুন অভিলেখৰ দিশে অযোধ্যা
লগতে পঢ়ক :যাদু চাকি: তেল অবিহনে জ্বলিব 24 ঘণ্টা, ক'ত পাব ?

ABOUT THE AUTHOR

...view details