নেশ্যনেল ডেস্ক,৭ মাৰ্চ :জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিচত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে শ্ৰীনগৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ বাবে শ্ৰীনগৰক আটকধুনীয়াকৈ সজাই তোলা হৈছে । লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ এই গুৰুত্বপূৰ্ণ ভ্ৰমণৰ মুখ্য আকৰ্ষণ হ'ব বক্সী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 'বিকশিত ভাৰত বিকশিত জম্মু কাশ্মীৰ' অনুষ্ঠান ।
প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ পূৰ্বে জ্যেষ্ঠ বিজেপি নেতা তৰুণ চুগে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰক 'সন্ত্ৰাসবাদৰ ৰাজধানী'ৰ পৰা ভাৰতৰ 'পৰ্যটন ৰাজধানী'লৈ ৰূপান্তৰিত কৰিছে । তেওঁ বক্সী ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী মোদীৰ ৰাজহুৱা ৰেলীৰ প্ৰস্তুতি তদাৰক কৰিবলৈ শ্ৰীনগৰত উপস্থিত হৈ এই মন্তব্য কৰে । তেওঁ লগতে কয় যে জম্মু-কাশ্মীৰত এতিয়া সৰ্বাংগীন উন্নয়ন হৈছে ।
অনুষ্ঠানটোত তেওঁ কেন্দ্ৰীয় শাসিত অঞ্চলত কৃষি-অৰ্থনীতি বৃদ্ধিৰ বাবে ৫,০০০ কোটি টকাৰ 'সামগ্ৰিক কৃষি উন্নয়ন প্ৰকল্প' মুকলি কৰিব । ইয়াৰ উপৰিও তেওঁ শ্ৰীনগৰত 'হজৰতবল শ্ৰাইনৰ একত্ৰিত উন্নয়ন'কে ধৰি পৰ্যটন খণ্ডত ১,৪০০ কোটিতকৈও অধিক মূল্যৰ প্ৰকল্প আৰম্ভ কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'বিকশিত ভাৰত বিকশিত জম্মু কাশ্মীৰ' অনুষ্ঠানৰ ভ্ৰমণৰ পূৰ্বে শ্ৰীনগৰৰ বক্সী ষ্টেডিয়াম ৰাষ্ট্ৰীয় পতাকাৰে সজাই তোলা হৈছে ।