নেশ্যনেল ডেস্ক, 26 এপ্ৰিল:কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদী সংগঠনৰ মাজত গুলীয়াগুলীৰ ঘটনা ৷ উত্তৰ কাশ্মীৰৰ ছ’প’ৰত বৃহস্পতিবাৰৰ নিশা সন্ত্ৰাসবাদ বিৰোধী এক অভিযান চলায় সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷ আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই জনোৱা মতে, ছ’প’ৰেৰ চেক মহল্লা ন’পোৰাত এই অভিযানৰ পিচতে চলোৱা হয় আন এক অভিযান ৷ এই অভিযানত শুকুৰবাৰৰ পুৱাই দুজন উগ্ৰপন্থী নিহত হয় ।
সংঘৰ্ষত নিহত হোৱা সন্ত্ৰাসবাদী দুজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই । আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি, "দুটা মৃতদেহ মাটিত পৰি আছে আৰু অভিযান চলি থকাৰ বাবে এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই মৃতদেহ দুটা ।" অভিযানৰ সময়ত দুজন জোৱান আৰু এজন সাধাৰণ নাগৰিক গুলীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয় ।
ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাৎক্ষণিক চিকিৎসা গ্ৰহণ কৰি আহতসকলৰ অৱস্থা বৰ্তমান সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে ।