নিউজ ডেস্ক, 29 ফেব্ৰুৱাৰী : বৰ্তমান ভাৰত ভ্ৰমণত আছে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছ ৷ বুধবাৰে তেওঁ নাগপুৰৰ বিখ্যাত ডলী চাইৱালাক সাক্ষাৎ কৰে ৷ কেৱল এয়াই নহয়, তেওঁ এই সাক্ষাতৰ এটা ভিডিঅ’ নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে ৷ চাহ আৰু চাইৱালা এই দুয়োটা শব্দই বিগত কেইবছৰমানৰ পৰা আমাৰ দেশত মাজে মাজে শুনা যায় ৷ একেদৰে নাগপুৰৰ বিখ্যাত চাইৱালা ডলীৰ জনপ্ৰিয়তাও ছ’চিয়েল মিডিয়াত দিনক দিনে বৃদ্ধি পাইছে ৷ ডলীৰ চাহৰ সোৱাদ যিমানেই ভাল, তাতোতকৈও ভাল তেওঁৰ চাহ পৰিৱেশনৰ শৈলী ৷ ডলী বৰ্তমান নাগপুৰৰ এগৰাকী চেলিব্ৰিটি ৷ তেওঁৰ ফেন লিষ্টত শ শ নাম আছে ৷
ডলীৰ ফেন লিষ্টত শেহতীয়াকৈ আন এটা নাম সংযোগ হৈছে ৷ সেইজনেই হৈছে বিখ্যাত বিল গেটছ ৷ ডলী আৰু বিল গেটছৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ বিল গেটছে এই ভিডিঅ’টো নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে ৷ সেইবাবে আজি ডলী পুনৰ লাইমলাইটত আছে ৷ ডলীৰ প্ৰকৃত নাম সুনীল মাৰুতি পাটিল ৷ অৱশ্যে তেওঁৰ বিশেষ শৈলীৰ বাবে তেওঁক জনপ্ৰিয়ভাৱে ডলী নামেৰে জনা যায় ৷ অঞ্চলটোৰ পুৰণি ভি চি এ খেলপথাৰৰ ওচৰত চাহ বিক্ৰী কৰে তেওঁ ৷ ‘ডলী কি তাপৰি’ নামেৰে তেওঁৰ চাহ সমগ্ৰ দেশতে বিখ্যাত হৈ পৰিছে ৷