অসম

assam

ETV Bharat / bharat

খহি পৰিল ভাৰতৰ উদ্যোগ জগতৰ এটা উজ্জ্বল নক্ষত্ৰ; অন্তিম শয়নত ৰতন টাটা - TATA GROUP

Ratan Tata Passed Away : মৃত্যুৰ শীতল কোলাত চিৰনিদ্ৰা গ'ল দেশৰ ঔদ্যোগিক খণ্ডৰ ঘাইখুঁটা স্বৰূপ ৰতন টাটা । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ

Ratan Tata Passed Away
অন্তিম শয়নত ৰতন টাটা (Etv Bharat)

By ETV Bharat Assamese Team

Published : Oct 10, 2024, 6:42 AM IST

নিউজ ডেস্ক, ১০ অক্টোবৰ :দুৰ্গাপূজাৰ আনন্দ-উলাহৰ মাজতে সপ্তমীৰ শুভ প্ৰভাতত বিষাদে আৱৰি গৈছে সমগ্ৰ দেশ । কিয়নো দেশৰ ঔদ্যোগিক খণ্ডৰ এক বিশিষ্ট স্তম্ভ, আৰ্থ-সামাজিক ক্ষেত্ৰৰ এগৰাকী কৰ্ণধাৰ আৰু আধুনিক ভাৰতৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা ৰতন টাটাই এই ধৰাৰ মায়া এৰি চিৰবিদায় মাগিছে ।

মৃত্যুৰ শীতল কোলাত এতিয়া চিৰনিদ্ৰাত মগ্ন বিখ্যাত উদ্যোগপতি ৰতন টাটা । ৮৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । নিশ্চিতভাৱে ৰতন টাটাৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি ।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ৰতন টাটা মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । তেওঁৰ বয়সজনিত বহু ৰোগৰ সমস্যাই দেখা দিছিল । টাটা গ্ৰুপক আকাশ স্পৰ্শৰ দিশে লৈ যোৱা ৰতন টাটাই ভাৰতীয় ঔদ্যোগিক খণ্ডকো এক নতুন উচ্চতা প্ৰদান কৰি গৈছে । যাৰ বাবে তেওঁক বহু দিন ধৰি দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদানৰ দাবী উত্থাপিত হৈ আহিছে । অৱশ্যে জীৱিত অৱস্থাত তেওঁ সেই সন্মান নাপালেও দেশৰ প্ৰায় প্ৰতিগৰাকী লোকৰ মনে-প্ৰাণে সোমাই আছে ৰতন টাটাৰ মহানুভৱতা ।

দেশৰ বাবে এক অপূৰণীয় ক্ষতি

টাটা ছন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰে ৰতন টাটাৰ মৃত্যু সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছে । তাত তেওঁ কয়, "ৰতন নৱল টাটাক অন্তিম বিদায় জনাই আমি গভীৰভাৱে দুখিত । ই নিশ্চিতভাৱে এক অপূৰণীয় ক্ষতি । এগৰাকী অসাধাৰণ নেতা, যাৰ অপৰিসীম অৱদানে কেৱল টাটা গ্ৰুপক গঢ় দিয়াই নহয়, আমাৰ দেশৰ আন্তঃগাঁথনিতো অৰিহণা যোগাইছে । টাটা গ্ৰুপৰ বাবে ৰতন টাটা অধ্যক্ষতকৈও বহু ওপৰত আছিল । মোৰ বাবে তেওঁ এগৰাকী গুৰু, পথপ্ৰদৰ্শক আৰু বন্ধু আছিল ।"

কৰ্মৰে অমৰ হৈ থাকিব ৰতন টাটা

ৰতন টাটাৰ নেতৃত্বত টাটা গ্ৰুপে উদ্ভাৱন আৰু অখণ্ডতাৰ সৈতে সাম্ৰাজ্য বিস্তাৰ কৰিছে । ৰতন টাটা আছিল এগৰাকী পৰোপকাৰী আৰু সমাজৰ হিত আৰু বিকাশৰ প্ৰতি সমৰ্পিত এক ব্যক্তিত্ব । যাৰ বাবে তেওঁ সৰ্বত্ৰে সমাদৃত আৰু প্ৰশংসিত । যুৱ প্ৰজন্ম তথা দেশৰ প্ৰতি ৰতন টাটাৰ হৃদয়ৰ টানৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে লাখ লাখ লোকৰ জীৱন গঢ় দিছে । শিক্ষাৰ পৰা স্বাস্থ্য সেৱালৈ তেওঁ আমূল পৰিৱৰ্তন সাধন কৰিছে । ৰতন টাটাই কেৱল বৰ্তমানৰ বাবেই নহয়, পৰৱৰ্তী প্ৰজন্মৰ বাবেও যথেষ্টখিনি অৱদান আগবঢ়াই থৈ গৈছে । যাৰ বাবে তেওঁ কৰ্মৰ দ্বাৰা অমৰ হৈ থাকিব ।

জীৱিতকালতেই ভাৰতৰত্নৰ দাবী উঠিছিল

ৰতন টাটাক ২০০০ চনত ভাৰত চৰকাৰে তেওঁৰ সামাজিক অৱদানৰ বাবে পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছিল । এগৰাকী ব্যৱসায়ী হোৱা সত্ত্বেও তেওঁৰ সামাজিক কাম আছিল যথেষ্ট মহান । যাৰ বাবে ২০০৮ চনত ভাৰত চৰকাৰে তেওঁক পুনৰ পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰে । অৱশ্যে তেওঁৰ মূল্যৱান সামাজিক অৱদানৰ বাবে জীৱিত অৱস্থাতেই বিভিন্ন পক্ষই বিভিন্ন ক্ষেত্ৰৰ পৰা তেওঁক ভাৰতৰত্ন প্ৰদানৰ দাবী জনাইছিল যদিও সেয়া আধৰুৱা হৈ ৰ'ল । ৰতন টাটাৰ জীৱনত হয়তো সেয়াই যেন একপ্ৰকাৰ আধৰুৱা প্ৰাপ্তি হৈ থাকিল ।

ষ্টাৰ্ট-আপৰ পথিকৃত ৰতন টাটা

ৰতন টাটাৰ মৃত্যুৰ লগে লগে দেশৰ যুৱ উদ্যোগীসকলে এক শক্তিশালী ভেটি হেৰুৱালে । কিয়নো তেওঁ আছিল যুৱ উদ্যোগীৰ বাবে এক চিন্তাৰ দাপোণ । তেওঁ দেশৰ কোটি কোটি যুৱ উদ্যোগীৰ কৰ্মসংস্থাপনৰ কথা চিন্তা কৰি ব্যক্তিগত সক্ষমতা অনুসৰি কেইবাটাও ষ্টাৰ্ট-আপত বিনিয়োগ কৰিছিল । তেওঁ লেন্সকাৰ্ট, আৰ্বান কোম্পানী, ফাৰ্ষ্ট ক্ৰাই, অ'লা, অ'লা ইলেক্ট্ৰিক, আপষ্টক্স, কাৰ দেখোৰ দৰে 45 টা ষ্টাৰ্ট-আপত বিনিয়োগ কৰিছিল । ৰতন টাটাৰ যুৱ উদ্যোগীসকলক উৎসাহিত কৰাৰ এই অভ্যাসৰ বাবেই বহু যুৱক-যুৱতীয়ে তেওঁলোকৰ উদ্ভাৱনী ধাৰণাৰে উদ্যোগটোত প্ৰৱেশ কৰিছিল ।

ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । এক্সত পোষ্ট কৰা শোকবাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয়, "শ্ৰী ৰতন টাটাৰ দুখজনক মৃত্যুত ভাৰতে এগৰাকী কিংম্বদন্তীক হেৰুৱাইছে, যিয়ে কৰ্প'ৰেট বিকাশক ৰাষ্ট্ৰ নিৰ্মাণৰ সৈতে মিশ্ৰণ কৰিছে, লগতে নৈতিকতাৰ সৈতে উৎকৃষ্টতা । পদ্মবিভূষণ আৰু পদ্মভূষণ প্ৰাপকগৰাকীয়ে মহান টাটা সাম্ৰাজ্যক আগুৱাই লৈ গৈছিল আৰু ইয়াক বিশ্বৰ বুকুত শ্ৰেষ্ঠতা প্ৰদান কৰিছিল । তেওঁ একেদৰে অভিজ্ঞ পেছাদাৰী আৰু যুৱ শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰিছিল । পৰোপকাৰ আৰু দানৰ ক্ষেত্ৰত তেওঁৰ অৱদান অমূল্য । মই তেওঁৰ পৰিয়াল, টাটা গ্ৰুপৰ সমগ্ৰ দল আৰু সমগ্ৰ বিশ্বতে থকা তেওঁৰ গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰিছোঁ ।"

প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । নিজৰ এক্স হেণ্ডেলত এটা পোষ্টত তেওঁ ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়, "ৰতন টাটাজী এজন দূৰদৰ্শী ব্যৱসায়ী, এক দয়ালু আত্মা আৰু এগৰাকী অসাধাৰণ মানুহ আছিল । তেওঁ ভাৰতৰ আটাইতকৈ পুৰণি আৰু সন্মানীয় ব্যৱসায়িক পৰিয়ালক স্থিৰ নেতৃত্ব প্ৰদান কৰিছিল । তেওঁৰ অৱদান কেৱল নিৰ্দিষ্ট ক্ষেত্ৰত সীমাবদ্ধ থকাৰ বিপৰীতে দিগন্ত প্ৰসাৰি গৈছে । সমাজৰ উন্নতিৰ প্ৰতি তেওঁৰ নম্ৰতা, দয়া আৰু অটল প্ৰতিশ্ৰুতিৰ বাবে ৰতন টাটাক মানুহে ভাল পাইছিল ।"

প্ৰধানমন্ত্ৰীয়ে লগতে লিখিছে, "ৰতন টাটাৰ আটাইতকৈ অনন্য কথাটো হ'ল যে তেওঁ ডাঙৰ সপোন দেখিবলৈ ভাল পাইছিল । তেওঁ শিক্ষা, স্বাস্থ্য সেৱা, অনাময়ৰ দৰে কিছুমান সেৱা উন্নত কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছিল । মোৰ মনোজগত ৰতন টাটাৰ সৈতে হোৱা অগণন কথোপকথনৰ স্মৃতিৰে ভৰি আছে । মই গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁক প্ৰায়ে লগ পাইছিলোঁ । আমি আমাৰ ধাৰণাবোৰ বিনিময় কৰিছিলোঁ আৰু বিভিন্ন বিষয়ত আলোচনা কৰিছিলোঁ । মই তেওঁলোকৰ দৃষ্টিভংগী বহু সমৃদ্ধ পাইছিলোঁ । মই দিল্লীলৈ অহাৰ পিচতো এই আলোচনা অব্যাহত আছিল । তেওঁৰ মৃত্যু অতি দুখজনক । এই দুখৰ সময়ত তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুৰাগীসকল তেওঁৰ সৈতে আছে । ওম শান্তি ।"

গৃহমন্ত্ৰী অমিত শ্বাহৰ শোক প্ৰকাশ

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, নীতিন গাডকাৰী আৰু পীয়ুষ গোৱেলেও ৰতন টাটাৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে । এক্সৰ এটা পোষ্টত অমিত শ্বাহে কয়, "কিংবদন্তী উদ্যোগপতি তথা প্ৰকৃত জাতীয়তাবাদী শ্ৰী ৰতন টাটাজীৰ মৃত্যুত গভীৰভাৱে দুখিত ।"

লগতে লিখিছে, "তেওঁ নিঃস্বাৰ্থভাৱে আমাৰ দেশৰ বিকাশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল । যেতিয়াই মই তেওঁক লগ পাইছিলোঁ, ভাৰত আৰু ভাৰতবাসীৰ উন্নতিৰ প্ৰতি তেওঁৰ উৎসাহ আৰু প্ৰতিশ্ৰুতিয়ে মোক আচৰিত কৰিছিল । আমাৰ দেশ আৰু ইয়াৰ জনসাধাৰণৰ কল্যাণৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ ফলত লাখ লাখ সপোন ফুলি উঠিছিল । সময়ে ৰতন টাটাজীক তেওঁৰ প্ৰিয় ৰাষ্ট্ৰৰ পৰা কাঢ়ি নিব নোৱাৰে । তেওঁ আমাৰ হৃদয়ত জীয়াই থাকিব । টাটা গ্ৰুপ আৰু তেওঁৰ অগণন গুণমুগ্ধৰ প্ৰতি মোৰ সমবেদনা । ওম শান্তি শান্তি শান্তি ।"

জে পি নাড্ডাৰ শোক প্ৰকাশ

বিজেপি সভাপতি জে পি নাড্ডাই কয় যে 'ভাৰতীয় উদ্যোগৰ টাইটান' ৰতন টাটাৰ মৃত্যুত তেওঁ গভীৰভাৱে দুখিত । তেওঁ হৈছে পৰোপকাৰৰ এক প্ৰতিবিম্ব ।

"উদ্যোগ আৰু সমাজলৈ তেওঁৰ উল্লেখযোগ্য অৱদানে আমাৰ দেশ আৰু বিশ্বৰ ওপৰত এক পৰিষ্কাৰ চাপ পেলাইছে । তেওঁ কেৱল ব্যৱসায়িক আইকনে নহয়, নম্ৰতা, সততা আৰু সহানুভূতিৰ প্ৰতীক আছিল । গভীৰ ক্ষতিৰ এই মুহূৰ্তত আমি তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ । তেওঁৰ ব্যক্তিত্বই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব । ওম শান্তি !" নাড্ডাই এক্সৰ এটা পোষ্টত কয় ।

নীতিন গাডকাৰীৰ শোক প্ৰকাশ

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে এই বাতৰিয়ে তেওঁৰ হৃদয় ভাঙিছে । লগতে কয় যে তেওঁৰ সৈতে গভীৰ ব্যক্তিগত সম্পৰ্ক থকাৰ বাবে তেওঁ অতি দুখিত ।

"ৰাষ্ট্ৰৰ গৌৰৱান্বিত পুত্ৰ ৰতন টাটাজীৰ মৃত্যুৰ কথা শুনি মোৰ হৃদয় ভাগি পৰিছে । তিনি দশক ধৰি মই তেওঁৰ সৈতে এক গভীৰ ব্যক্তিগত আৰু ঘনিষ্ঠ পাৰিবাৰিক সম্পৰ্ক গঢ়ি তুলি নিজকে সৌভাগ্যৱান মানিছোঁ । মই তেওঁৰ নম্ৰতা, সৰলতা আৰু নিজৰ স্থিতি নিৰ্বিশেষে সকলোৰে প্ৰতি প্ৰকৃত সন্মান প্ৰত্যক্ষ কৰিছিলোঁ । মই তেওঁৰ পৰা শিকা শিক্ষাবোৰ মোৰ জীৱনত চিৰদিনৰ বাবে প্ৰতিধ্বনিত হ'ব । তেওঁৰ এই বিয়োগ আমাৰ দেশৰ বাবে এক অপৰিসীম দুখ, কিয়নো আমি এজন দূৰদৰ্শী আৰু সহানুভূতিশীল পথপ্ৰদৰ্শক হেৰুৱাইছোঁ । ওম শান্তি ।" গাডকাৰীয়ে কয় ।

উল্লেখ্য যে ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত মুম্বাইত জন্মগ্ৰহণ কৰা ৰতন টাটা হৈছে ৰতন টাটা ট্ৰাষ্ট আৰু ডোৰাবজী টাটা ট্ৰাষ্টৰ অধ্যক্ষ । এইটো হৈছে ভাৰতৰ দুটা সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ দ্বাৰা পৰিচালিত জনহিতকৰ ন্যাস । তেওঁ 1991 চনৰ পৰা 2012 চনত অৱসৰলৈকে টাটা গ্ৰুপৰ হ'ল্ডিং কোম্পানী টাটা ছন্সৰ অধ্যক্ষ আছিল । পিছত তেওঁক টাটা ছন্সৰ অধ্যক্ষ এমিৰিটাছ হিচাপে নিযুক্ত কৰা হৈছিল ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ

ৰতন টাটাৰ বিয়োগত শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এক্সৰ শোকবাৰ্তাত সৰ্বানন্দ সোণোৱালে লিখিছে, "ৰতন টাটাজী বিশ্বব্যাপী ঔদ্যোগিক জগতৰ এক বিশাল ব্যক্তিত্ব আছিল, যিয়ে আমাৰ দেশৰ নাম গৌৰৱময় উচ্চতালৈ লৈ গৈছিল । তেওঁ মানৱতাবাদী আৰু অৰ্থনৈতিক দুয়োটা ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে, যিয়ে আমাৰ নাগৰিকসকলক সহায় কৰি আছে । ভাৰতে তেওঁৰ মৃত্যুত এগৰাকী প্ৰতিষ্ঠিত পুত্ৰক হেৰুৱাইছে । টাটা পৰিয়াল আৰু তেওঁৰ সকলো শুভাকাংক্ষীলৈ মোৰ গভীৰ সমবেদনা ।"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

ৰতন টাটাৰ মৃত্যুত অসম তথা অসমবাসীৰ বাবে তেওঁৰ অৱদানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে । অসমৰ প্ৰতি তেওঁৰ অনবদ্য অৱদানৰ কথা উল্লেখ কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰা এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়, "শ্ৰী ৰতন টাটাজীৰ অৱদান হৈছে ভাৰতৰ বিকাশৰ কাহিনীত সহানুভূতি, ৰাজনীতিবিজ্ঞতা আৰু অটল বিশ্বাস । তেওঁৰ জীৱন উদ্যোগী গঢ়া আৰু সমাজক উপহাৰ দিয়াৰ দ্বাৰা সংজ্ঞায়িত কৰা হয় । তেওঁৰ মৃত্যুত অসমৰ জনসাধাৰণে এগৰাকী ডাঙৰ শুভাকাংক্ষীক হেৰুৱাইছে ।"

তেওঁ লগতে লিখিছে, "অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা লাভ কৰা টাটাই অসমৰ জনসাধাৰণৰ হৃদয় আৰু মনত এক বিশেষ স্থান দখল কৰি আছে । তেওঁ অসমৰ কল্যাণৰ বাবে বিশ্বাসৰ এক বিশাল উপহাৰ দিছে ।"

ৰতন টাটাৰ অসমলৈ অৱদানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, "তেওঁ ৰাজ্যখনত স্বাস্থ্যসেৱা উন্নত কৰাৰ বাবে গভীৰভাৱে উৎসাহী আছিল আৰু তেওঁৰ দৃষ্টিভংগীৰে আমি অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ জন্ম দিছিলোঁ । তেওঁ জাগীৰোডত টাটাৰ অৰ্ধপৰিবাহী প্ৰকল্প স্থাপন আৰু আমাৰ যুৱসকলৰ বাবে কেইবাটাও নিযুক্তিৰ সুযোগ সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।"

লগতে লিখিছে, "মোৰ বাবেও এইটো এটা ব্যক্তিগত ক্ষতি । তেওঁৰ সৈতে হোৱা মোৰ প্ৰতিটো বাৰ্তালাপে মোক বুদ্ধিদীপ্ত কৰি তুলিছিল । অতি শেহতীয়াভাৱে মই মুম্বাইলৈ গৈ তেওঁক ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে ধন্যবাদ জনাইছিলোঁ আৰু ঔদ্যোগিক আধাৰ হিচাপে অসমৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ব্যক্ত কৰিছিলোঁ । তেওঁৰ সৰলতা আৰু নম্ৰতা এনেকুৱা এটা বস্তু, যিটো মই কেতিয়াও পাহৰিব নোৱাৰিম ।

তেওঁৰ মৃত্যুৱে এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰিলে, যাক পূৰণ কৰিব নোৱাৰি । মোৰ সমবেদনা আৰু প্ৰাৰ্থনা টাটা পৰিয়াল আৰু দেশৰ প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি, যিয়ে এগৰাকী অনুপ্ৰেৰণাদায়ক নেতাক হেৰুৱাই শোকত ভাগি পৰিছে । ওম শান্তি ।"

ৰাহুল গান্ধীৰ শোক প্ৰকাশ

ৰতন টাটাৰ মৃত্যুত লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শোক প্ৰকাশ কৰি নিজৰ এক্স হেণ্ডেলত লিখিছে, "ৰতন টাটা এগৰাকী লক্ষ্য লৈ আগবঢ়া ব্যক্তি আছিল । তেওঁ ব্যৱসায় আৰু পৰোপকাৰ দুয়োটাতে এক স্থায়ী চিহ্ন ৰাখি থৈ গৈছে । তেওঁৰ পৰিয়াল আৰু টাটা গ্ৰুপৰ সমূহ সগস্যলৈ মোৰ সমবেদনা জনালোঁ ।"

সাংসদ গৌৰৱ গগৈৰ শোক প্ৰকাশ

লোকসভাত বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়েও ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । সামাজিক মাধ্যমত প্ৰকাশ কৰা শোকবাৰ্তাত গৌৰৱ গগৈয়ে লিখিছে, "শ্ৰী ৰতন টাটাজীৰ মৃত্যুৰ কথা শুনি গভীৰ দুখ পাইছোঁ । তেওঁ ভাৰতৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত অৱদানৰ এক অতুলনীয় অৱদান এৰি থৈ গৈছে । সেৱাৰ প্ৰতি তেওঁৰ সহানুভূতি আৰু প্ৰতিশ্ৰুতিয়ে প্ৰজন্মৰ পিচত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব । মোৰ সমবেদনা আৰু প্ৰাৰ্থনা তেওঁৰ পৰিয়াল আৰু অগণন গুণমুগ্ধৰ সৈতে আছে ।"

মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰিব অন্তিম সংস্কাৰ, মহাৰাষ্ট্ৰত শোক দিৱস

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেয়ে বুধবাৰে নিশা কয় যে উদ্যোগপতি ৰতন টাটাৰ অন্তিম সংস্কাৰ সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব । তেওঁ লগতে কয় যে জনসাধাৰণে তেওঁৰ প্ৰতি অন্তিম সন্মান জনোৱাৰ বাবে বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ ৰতন টাটাৰ নশ্বৰদেহ এন চি পি এত ৰখা হ'ব । আনহাতে, তেওঁৰ প্ৰতি শ্ৰদ্ধাৰ চিনস্বৰূপে মহাৰাষ্ট্ৰ চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যিক শোক দিৱস ঘোষণা কৰিছে । এই সময়ছোৱাত সকলো কাৰ্যালয়তে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত থাকিব আৰু সকলো ধৰণৰ মনোৰঞ্জনমূলক অনুষ্ঠান বাতিল কৰা হৈছে ।

উল্লেখ্য যে টাটা ছন্সৰ চেয়াৰমেন এমিৰিটাছ ৰতন টাটাৰ বুধবাৰে নিশা মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত মৃত্যু হয় । এক্সৰ এটা পোষ্টত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শিন্দেয়ে কয় যে 2008 চনৰ মুম্বাই আক্ৰমণৰ পিচত তেওঁ দেখুওৱা সংকল্প সকলোৱে সদায় মনত ৰাখিব ।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

"তেওঁৰ দৃঢ় সিদ্ধান্ত, সাহসী মনোভাব আৰু সামাজিক প্ৰতিশ্ৰুতি সদায় স্মৰণীয় হৈ থাকিব । প্ৰয়াত ৰতনজী টাটাৰ অন্তিম সংস্কাৰ সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব ।" মুখ্যমন্ত্ৰীয়ে কয় । আনহাতে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নভিছে ৰতন টাটাৰ মৃত্যু দেশৰ বাবে ডাঙৰ ক্ষতি বুলি উল্লেখ কৰে ।

"ৰতন টাটা কেৱল এগৰাকী অতি সফল উদ্যোগপতিয়েই নহয়, তেওঁ দেশ আৰু সমাজৰ বাবে যিধৰণে কাম কৰিছিল তাৰ বাবেও এক ডাঙৰ ব্যক্তিত্ব আছিল । তেওঁ কেৱল সফল উদ্যোগ স্থাপন কৰায়ে নহয়, এক ট্ৰাষ্ট স্থাপন কৰিছে, যি হৈছে এক ব্ৰেণ্ড আৰু যিয়ে আমাৰ দেশক এক বিশ্বজনীন প্ৰতিচ্ছবি প্ৰদান কৰিছে । অতি ডাঙৰ হৃদয়ৰ এজন ব্যক্তিয়ে আজি আমাক এৰি গৈছে, এইটো দেশৰ বাবে এক ডাঙৰ ক্ষতি ।" ফাড়নভিছে সাংবাদিকৰ আগত কয় ।

উল্লেখ্য যে উদ্যোগপতি ৰতন টাটাৰ নশ্বৰদেহ বৃহস্পতিবাৰে পুৱতি নিশা কোলাবাত থকা তেওঁৰ বাসগৃহলৈ অনা হয় । আনহাতে, ৰতন টাটাৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাইত বৃহস্পতিবাৰে নিৰ্ধাৰণ কৰা সকলো কাৰ্যসূচী বাতিল কৰে ।

লগতে পঢ়ক :ৰতন টাটাৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক; আই চি ইউত ভৰ্তি বিশিষ্ট উদ্যোগপতিগৰাকীক
লগতে পঢ়ক :অনন্তনাগত সন্ত্ৰাসবাদীৰ দ্বাৰা অপহৃত ভাৰতীয় সেনাৰ টেৰিটৰিয়েল আৰ্মী জোৱান

ABOUT THE AUTHOR

...view details