অসম

assam

ETV Bharat / bharat

ভয়ংকৰ দুৰ্ঘটনা: অৰ্ধশতাধিক যাত্ৰীসহ দ খাৱৈত বাগৰিল বাছ; কমেও ৩৬ জনৰ মৃত্যু

পুৱাই প্ৰায় ৫০ গৰাকী যাত্ৰী লৈ বাছখন আহি আছিল গন্তব্য স্থান অভিমুখে ৷ কিন্তু আদবাটতেই ঘটিল অঘটন ৷ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল বাছখন ৷

TRAGIC BUS ACCIDENT
যাত্ৰীসহ দ খাৱৈত বাগৰিল বাছ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 4, 2024, 12:10 PM IST

আলমোৰা: উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । জিলাখনৰ ছল্ট তহচিলৰ মাৰ্চুলাৰ কুপি গাঁৱৰ সমীপত এখন বাছ নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাত কমেও ৩৬ গৰাকী যাত্ৰীৰ মৃত্যু হয় । জানিব পৰা মতে বাছখনত ৫০ জনতকৈও অধিক যাত্ৰী আছিল ।

আলমোৰা জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিষয়া বিনীত পালে নিশ্চিত কৰিছিল যে বৰ্তমানলৈকে ২০ জন লোকৰ মৃত্যু হৈছে । কিন্তু শেহতীয়া খবৰ মতে ৩৬ গৰাকী যাত্ৰীৰ মৃত্য়ু ঘটিছে ৷ বাছখন গড়োৱাল মটৰ অ’নাৰ্ছ ইউনিয়ন লিমিটেডৰ বুলি জানিব পৰা গৈছে ।

ইফালে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহতসকলক চিকিৎসাৰ বাবে বিমানযোগে লৈ যাবলৈও নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ধামীয়ে ।

এক্সত এক শোকবাৰ্তাত তেওঁ কয়, "আলমোৰা জিলাৰ মাৰ্চুলাত সংঘটিত হোৱা দুৰ্ভাগ্যজনক বাছ দুৰ্ঘটনাত যাত্ৰীসকলৰ হতাহতৰ অতি দুখজনক খবৰ পাইছো । জিলা প্ৰশাসনক সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে চলাবলৈ নিৰ্দেশ দিয়া হৈছে ।"

তেওঁ কয়, "স্থানীয় প্ৰশাসন আৰু এছ ডি আৰ এফৰ দলে আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাৰ বাবে দ্ৰুতগতিত কাম কৰি আছে । প্ৰয়োজন হ'লে গুৰুতৰভাৱে আহত যাত্ৰীসকলক বিমানেৰে লৈ যোৱাৰ নিৰ্দেশনাও দিয়া হৈছে ।"

দুৰ্যোগ ব্যৱস্থাপনা বিষয়া বিনীত পালে কয় যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে । যাত্ৰীসকলক লৈ বাছখন গোলিখালৰ পৰা ৰামনগৰলৈ আহিছিল । পুৱা প্ৰায় ৮.৩০ বজাত কুপি অঞ্চলৰ সমীপৰ দ খাৱৈত বাছখন বাগৰি পৰে । এই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে ছল্টৰ মহকুমা দণ্ডাধীশ সঞ্জয় কুমাৰে । দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে ওচৰৰ মানুহ আৰু আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ উদ্ধাৰৰ কামত নিয়োজিত হৈ পৰে । খাৱৈৰ পৰা উদ্ধাৰ কৰা হৈছে আহতসকলক ।

আলমোৰাৰ বাছ দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । লগতে মৃতকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখকৈ টকা আৰু আহতসকলক ৫০ হাজাৰকৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰে ।

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মৃতকৰ পৰিয়ালক ৪ লাখকৈ আৰু আহতক ১ লাখকৈ টকাৰ এককালীন সাহায্য প্ৰদানৰ নিৰ্দেশ দিছে । লগতে কুমাওনৰ উপায়ুক্তক এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰিবলৈও নিৰ্দেশ দিছে ।

আলমোৰাৰ এছ এছ পি দেৱেন্দ্ৰ পিঞ্চাই কয় যে দুৰ্ঘটনাটোৰ তদন্ত চলি আছে । তেওঁ কয় যে থিতাতে মৃত্যু হোৱা লোকৰ সংখ্যা ২৮ জন, আনহাতে আহত ৩০ জন লোকক চিকিৎসাৰ বাবে ৰামনগৰ যুটীয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, ইয়াৰে ৮ জন লোকৰ চিকিৎসালয়ত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইয়াকে লৈ মুঠ মৃতকৰ সংখ্যা হৈছেগৈ ৩৬ গৰাকী ৷

স্থানীয় লোকে জনোৱা মতে, দীপাৱলী উদযাপনৰ বাবে নিজ গাঁৱত উপস্থিত হোৱা বহু প্ৰব্ৰজনকাৰী কৰ্মচাৰী নিজৰ কৰ্মস্থলীলৈ উভতি আহিবলৈ আৰম্ভ কৰিছে ৷ যাৰ বাবে এইকেইদিন পাহাৰীয়া অঞ্চলটোৰ কেব-বাছ সকলোবিলাক যাত্ৰীৰে ভৰি পৰিছে ।

লগতে পঢ়ক:পথ দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা

নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা মাৰিলে তীব্ৰবেগী বাছে: নিহত ১২

ABOUT THE AUTHOR

...view details