নেশ্যনেল ডেস্ক, 19 জুন : বিষাক্ত সুৰাই পুনৰ প্ৰাণ কাঢ়িলে কেবাজনো লোকৰ ৷ অবৈধভাৱে প্ৰস্তুত কৰা সুৰাই প্ৰাণ ল’লে লোক কেইজনৰ ৷ এই ঘটনাত বিষাক্ত সুৰা সেৱন কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰা আন 88 জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
এই কৰুণ তথা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তামিলনাডুৰ কাল্লাকুৰিচিত ৷ তথ্য অনুসৰি মঙলবাৰে নিশা তামিলনাডুৰ কাল্লাকুৰিচি চহৰত অবৈধভাৱে প্ৰস্তুত কৰা বিষাক্ত সুৰা সেৱনৰ পিচত বুধবাৰে 33জন লোকৰ মৃত্যু হয় আৰু 88 জনৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰে 20 জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা হৈছে ৷ আৰক্ষীৰ তথ্য অনুসৰি দৈনিক মজুৰিত কাম কৰা শ্ৰমিকৰ এটা দলে মঙলবাৰে নিশা চহৰৰ সীমাৰ কৰুণাপুৰমত বিষাক্ত সুৰা (আৰাক) সেৱন কৰিছিল ৷
পৰৱৰ্তী সময়ত ঘৰত উপস্থিত হোৱাৰ পিচত, তেওঁলোকৰ বেছিভাগেই মূৰ ঘূৰোৱা, মূৰৰ বিষ, বমি, ওকালি অহা, পেটৰ বিষ আৰু চকু জ্বলা-পোৰাত আক্ৰান্ত হোৱাৰ অভিযোগ কৰিছিল ৷ লগে লগে তেওঁলোকক পৰিয়ালৰ সদস্যসকলে এখন ব্যক্তিগত চিকিৎসালয় আৰু কাল্লাকুৰিচি চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যায়, য'ত চিকিৎসা প্ৰদান কৰা স্বত্বেও 33 জনৰ মৃত্যু হয় ৷ ইফালে কেইবাজনো লোকক চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় আৰু আন কেইবাজনো লোকক উন্নত চিকিৎসাৰ বাবে পুডুচেৰীৰ জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয় ৷