নেশ্যনেল ডেস্ক, 1 মে’:বিগত বৰ্ষৰ 4 মে’ৰ দিনা অশান্ত মণিপুৰত সংঘটিত হৈছিল মানৱতাক ভুলুণ্ঠিত কৰা এক ঘটনা ৷ জাতিগত হিংসাৰ ফলত অশান্ত হৈ পৰা উঃপূৱৰ ৰাজ্যখনত দুগৰাকীকৈ মহিলাক উলংগ কৰি সমদল কৰোৱা হৈছিল ৷ এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল চিবিআইক ৷ ঘটনা সন্দৰ্ভত চিবিআইৰ অভিযোগনামাত উল্লেখ কৰা হৈছে যে মণিপুৰ আৰক্ষীৰ জোৱানে তেওঁলোকৰ চৰকাৰী বাহনত আশ্ৰয় লোৱা কুকি-জোমি সম্প্ৰদায়ৰ ভুক্তভোগী মহিলা দুগৰাকীক কাংপকপি জিলাত প্ৰায় 1000 মেইটি লোক থকা এটা ভিৰলৈ খেদি পঠিয়াইছিল ।
আনকি মহিলা দুগৰাকীক উলংগ কৰি পেৰেড কৰাৰ পূৰ্বে যৌন নিৰ্যাতন চলোৱা হৈছিল বুলিও অভিযোগনামাত উল্লেখ আছে । মহিলাকেইগৰাকীৰ এগৰাকী কাৰ্গিল যুদ্ধৰ সৈনিকৰ পত্নী ৷ মহিলা দুগৰাকীক নিৰাপদ স্থানলৈ লৈ যাবলৈ আৰক্ষীক আহ্বান জনোৱা হৈছিল যদিও অভিযোগ অনুসৰি আৰক্ষীয়ে তেওঁলোকে "চাবি নাই" (বাহনখনৰ) বুলি উল্লেখ কৰাৰ লগতে কোনো সহায়ও আগবঢ়োৱা নাছিল বুলি অভিযোগনামাৰ সবিশেষ দি বিষয়াসকলে কয় ।
ৰাজ্যখনত জাতিগত হিংসা আৰম্ভ হোৱাৰ 2 মাহৰ পাচতে এই বৰ্বৰ ঘটনাটো সংঘটিত হৈছিল আৰু সমগ্ৰ বিশ্বজুৰি এই ঘটনাৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷
বিগত বৰ্ষৰ 16 অক্টোবৰত চিবিআইয়ে গুৱাহাটীস্থিত চিবিআই আদালতৰ বিশেষ ন্যায়াধীশৰ সন্মুখত ছয়জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা আৰু এজন কিশোৰৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰে । ইয়াত অভিযোগ কৰা হৈছে এ কে ৰাইফল, এছ এল আৰ, ইনছাছ আৰু .303 ৰাইফলৰ দৰে অত্যাধুনিক অস্ত্ৰ লৈ থকা প্ৰায় 900-1000 লোকৰ এটা গোটৰ পৰা মহিলা দুগৰাকী পলাইছিল ।
ছৈকুল আৰক্ষী থানাৰ পৰা প্ৰায় 68 কিলোমিটাৰ দক্ষিণে থকা কাংপকপি জিলাৰ নিজৰ গাঁৱত বলপূৰ্বকভাৱে প্ৰৱেশ কৰিছিল এই দলটোৱে । আন আন ভুক্তভোগীৰ লগতে মহিলাকেইগৰাকীয়ে ভিৰৰ পৰা পলায়নৰ বাবে হাবিলৈ দৌৰি যায় যদিও সংঘৰ্ষকাৰী গোটটোৱে দেখা পায় ।
সংঘৰ্ষকাৰী গোটটোৰ একাংশ সদস্যই মহিলাসকলক সহায় বিচাৰি পথৰ কাষত ৰখাই থোৱা আৰক্ষীৰ বাহনখনৰ ওচৰলৈ যাবলৈ কয় বুলি জনায় বিষয়াসকলে । মহিলা দুগৰাকী কোনোমতে গাড়ীখনৰ ভিতৰলৈ সোমাই যায়, য’ত দুজন আৰক্ষী জোৱান আৰু চালকজন বহি আছিল । গাড়ীখনৰ বাহিৰত আছিল তিনিৰ পৰা চাৰিজন জোৱান ।