নেশ্যনেল ডেস্ক,৯ মে':মণিপুৰত যোৱা ১ বছৰ ধৰি হিংসাত্মক পৰিস্থিতি অব্যাহত আছে । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে সংঘৰ্ষৰ নতুন নতুন খবৰ পোৱা গৈছে । তাৰ মাজতে উত্তৰ পূৱৰ ৰাজ্যখনত আন এক সংকটে দেখা দিছে । শেহতীয়াকৈ চৰকাৰে কামজং জিলাত ৫,৪৫৭ গৰাকী অনুপ্ৰৱেশকাৰী চিনাক্ত কৰিছে । তেওঁলোকক বিতাড়নৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে অৱগত কৰিছে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে এক্সৰ এটা পোষ্টত কয় যে ইতিমধ্যে ৫,১৭৩ গৰাকী অনুপ্ৰৱেশকাৰীৰ বায়'মেট্ৰিক সংগ্ৰহ কৰা হৈছে । লোকসকল ফাইকোহ, হুইমি থানা/চাংকালোক শৰণাৰ্থী শিবিৰত আছিল বুলি তেওঁ উল্লেখ কৰিছে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ৰাজ্য চৰকাৰে সকলো অনুপ্ৰৱেশকাৰীক মানৱীয় সাহায্য প্ৰদান কৰি আহিছে । তেওঁ কোৱা মতে অতি সংবেদনশীলভাৱে চৰকাৰে এই পৰিস্থিতিটো মোকাবিলা কৰি আছে ।
মুখ্যমন্ত্ৰী সিঙে লগতে কয় যে এই মাহৰ আৰম্ভণিতে ম্যানমাৰৰ পৰা প্ৰায় ৩৮ গৰাকী লোকে মণিপুৰত অবৈধভাৱে প্ৰৱেশ কৰিছিল । পিচত তেওঁলোকক টেংনুপাল জিলাৰ মোৰেহ চহৰৰ মাজেৰে পুনৰ ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছিল । প্ৰথম পৰ্যায়ত এনে ধৰণৰ মুঠ ৭৭ গৰাকী অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে ।
শেহতীয়াকৈ মণিপুৰ চৰকাৰে ম্যানমাৰলৈ অনুপ্ৰৱেশকাৰীৰ বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰক অনুপ্ৰৱেশকাৰী সমস্যা সমাধানৰ ক্ষেত্ৰত সতৰ্ক কৰিও দিছিল । এই সন্দৰ্ভত মণিপুৰ আৰক্ষীকো সম্ভাব্য প্ৰতিক্ৰিয়াৰ বাবে সতৰ্ক কৰি দিয়া হৈছিল ।
ইফালে মণিপুৰত জাতিগত সংঘৰ্ষৰ ফলত এতিয়ালৈ হিংসা সম্পৰ্কীয় এফআইআৰৰ মুঠ সংখ্যা ১১,০০০ ৰ পৰা প্ৰায় ৩,০০০ লৈ হ্ৰাস কৰিছে । এগৰাকী বিষয়াৰ মতে এই সময়ছোৱাত বহুতো নকল গোচৰ পঞ্জীয়ন কৰা হৈছিল । তেওঁ উল্লেখ কৰা মতে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়ত বহুতো জিৰ' এফআইআৰ দাখিল কৰা হৈছিল । পিচত সেইবোৰক অপৰাধ সংঘটিত নিৰ্দিষ্ট আৰক্ষী থানালৈ স্থানান্তৰ কৰা হৈছিল ।
অস্ত্ৰৰ লুণ্ঠন এতিয়াও নিৰাপত্তা সংস্থাসমূহৰ বাবে উদ্বেগৰ কাৰণ হৈ আছে । শেহতীয়া সময়ছোৱাত প্ৰায় ৬,০০০ অস্ত্ৰ-শস্ত্ৰ লুটি লোৱা হৈছিল কিন্তু বিভিন্ন প্ৰচেষ্টাৰ পিচতো মাত্ৰ ১,৮০০ অস্ত্ৰ হে উদ্ধাৰ বা আত্মসমৰ্পণ কৰা হৈছে ।
চৰকাৰী সূত্ৰৰ মতে মণিপুৰৰ হিংসাত প্ৰায় ২২০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । ৫০,০০০ ৰো অধিক লোক গৃহহীন হৈ পৰিছে । নিৰাপত্তাৰক্ষীৰ ওপৰত হোৱা আক্ৰমণো চৰকাৰৰ বাবে উদ্বেগৰ বিষয় । শেহতীয়াকৈ, বিষ্ণুপুৰ জিলাত দুৰ্বৃত্তৰ আক্ৰমণত হেড কনিষ্টবল অৰুণ চাইনী আৰু এএছআই এন সৰকাৰকে ধৰি দুগৰাকী চিআৰপিএফ জোৱান নিহত হৈছে ।
লগতে পঢ়ক :মণিপুৰ গোষ্ঠী সংঘৰ্ষৰ ৩৬৫ দিন : এতিয়াও উমি উমি জ্বলি আছে প্ৰকৃতিৰ ৰম্যভূমি - Manipur Conflicts