নেশ্যনেল ডেস্ক,২ এপ্ৰিল:বুলেট ৰাণী হিচাপে খ্যাত ৰাজলক্ষ্মী মাণ্ডাই বুলেট লৈ মঙলবাৰে তামিলনাডুৰ মাদুৰাইৰ পৰা বিহাৰত উপস্থিত হয় । নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ স্বাৰ্থত আৰম্ভ অব্যাহত ৰাখিছে এই অভিযান । ৬৫ দিনীয়া ভাৰতযাত্ৰা কালত মঙলবাৰে ৰাজলক্ষ্মী মাণ্ডা উপস্থিত হয় বিহাৰৰ সমস্তিপুৰত । য'ত তেওঁ ৰাইজক বিজেপিক ভোট দিবলৈ আহ্বান জনায় ।
ৰাইজৰ মাজত মোদী ঢৌ অনাৰ প্ৰয়াস কৰি তেওঁ এক শক্তিশালী ভাৰত গঢ়ি তুলিবলৈ, এক সক্ষম ভাৰত গঢ়ি তুলিবলৈ, এজন ভাল দেশপ্ৰেমী নেতা মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰি গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আহ্বান জনায় ।
উল্লেখ্য যে, ৰাজলক্ষ্মী মাণ্ডাই ১২ ফেব্ৰুৱাৰীত তামিলনাডুৰ মাদুৰাইৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল । মাদুৰাইৰ পৰা দিল্লীলৈ ২১,০০০ কিলোমিটাৰ যাত্ৰাত বুলেট ৰাণীয়ে পুডুচেৰী, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, গোৱা, তেলেংগানা, মহাৰাষ্ট্ৰ, ছত্তীশগড়, উৰিষ্যা, ঝাৰখণ্ডৰ মাজেৰে যাত্ৰা কৰি দেওবাৰে বিহাৰ পাবলৈ যায় আৰু সোমবাৰে সমস্তিপুৰ হৈ পৰৱৰ্তী অৱস্থানৰ দিশে ৰাওনা হয় । তেওঁৰ ৬৫ দিনীয়া যাত্ৰা ১৮ এপ্ৰিলত নতুন দিল্লীত সমাপ্ত হ'ব ।