নেশ্যনেল ডেস্ক, ৪ জুলাই :ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীক পুনৰবাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে নিশা ৯ বজাত প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী আদৱানীক দিল্লীৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।
ডাঃ বিনীত সুৰীৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে ৯৬ বছৰীয়া ৰাজনীতিবিদগৰাকী । সংবাদ সংস্থা ANI য়ে এপ’ল’ হাস্পতালৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি আদৱানীৰ অৱস্থা সুস্থিৰ আৰু তেওঁক পৰ্যবেক্ষণৰ অধীনত আছে ।
লগতে পঢ়ক :ভাৰতৰত্ন লাল কৃষ্ণ আদৱানীক গামোচাৰে সম্ভাষণ সৰ্বানন্দ সোণোৱালৰ
কিছুদিন পূৰ্বে দিল্লী এইমছৰ পৰা ডিচচাৰ্জ হৈছিল :
মাত্ৰ কেইদিনমান পূৰ্বে বিজেপিৰ জ্যেষ্ঠ নেতা আদৱানীক দিল্লী এইমছৰ পৰা ডিচাৰ্জ দিয়া হৈছিল । তাৰ পিছত স্বাস্থ্য়জনিত কাৰণত তেওঁক এইমছত ভৰ্তি কৰা হয় । আদৱানীক এইমছৰ এটা ব্যক্তিগত ৱাৰ্ডত ভৰ্তি কৰা হৈছিল । আদৱানীক জেৰিয়াট্ৰিক বিভাগৰ চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছিল ।