কুলগাম (জম্মু-কাশ্মীৰ) :জম্মু-কাশ্মীৰৰ কুলগাম জিলাত বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ হয় ৷ বিভাগীয় কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, এই সংঘৰ্ষত কমেও পাঁচটা সন্ত্ৰাসবাদী নিহত হৈছে ।
বিভাগীয় কৰ্তৃপক্ষই উল্লেখ কৰা মতে, বৃহস্পতিবাৰে পুৱাৰ ভাগত আৰম্ভ হোৱা এই অভিযানত দুজন নিৰাপত্তা বাহিনীৰ জোৱানো আহত হৈছে ৷ নিৰাপত্তা সংস্থাৰ এগৰাকী শীৰ্ষ বিষয়াৰ মতে, উগ্ৰপন্থীৰ উপস্থিতিৰ সন্দৰ্ভত এক গোপন খবৰৰ তথ্যৰ আলমত চি আৰ পি এফ, সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীকে ধৰি নিৰাপত্তাৰক্ষীৰ যৌথ দলে উক্ত অঞ্চলটো ঘেৰাও কৰি অভিযান চলায় ৷
বিষয়াগৰাকীয়ে লগতে কয়, ‘‘উক্ত অঞ্চলটো পাঁচ সন্ত্ৰাসবাদীৰ মৃতদেহ পৰি আছে যদিও এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷’’ বিষয়াসকলে কয়, ‘‘অভিযানকাৰী দলটোৱে নিৰ্দিষ্ট স্থানটোৰ কাষ চাপি অহাৰ লগে লগে লুকাই থকা উগ্ৰপন্থীয়ে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে, যাৰ প্ৰত্যুত্তৰ দিয়ে বাহিনীয়েও ৷’’
ইতিমধ্যে উগ্ৰপন্থীক নিষ্ক্ৰিয় কৰিবলৈ নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে । সূত্ৰ অনুসৰি, অঞ্চলটোত দুইৰ পৰা তিনিজন উগ্ৰপন্থী আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে । বাতৰি লিখা পৰলৈকে উক্ত অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড গুলীচালনা অব্যাহত আছে ।
কাশ্মীৰ মণ্ডল আৰক্ষীয়ে Xত এটা পোষ্টত কয়, "কুলগাম জিলাৰ কাদ্দেৰ অঞ্চলত এনকাউণ্টাৰ আৰম্ভ হৈছে । আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে নিজৰ দায়িত্ব পালন কৰি আছে । পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰু অধিক তথ্য দিয়া হ’ব ।
ভাৰতীয় সেনাৰ চাইনাৰ কৰ্পছে কয় যে নিৰাপত্তা বাহিনীয়ে প্ৰত্যাহ্বান জনোৱাৰ ফলতে সন্ত্ৰাসবাদীয়ে “আৰু অধিক” গুলীচালনা কৰিবলৈ আৰম্ভ কৰে ।