অসম

assam

ৰাজৌৰীত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ: নিহত ৩ সন্ত্ৰাসবাদী - Jammu and Kashmir gunfight

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 12:34 PM IST

Jammu and Kashmir : উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ মচিল আৰু টাংধৰ সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তাৰক্ষীৰ আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ ৷ এই সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদী নিহত হোৱাৰ সন্দেহ ।

Jammu and Kashmir
ৰাজৌৰীত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ: নিহত ৩ সন্ত্ৰাসবাদী (ANI)

নেশ্যনেল ডেস্ক, ২৯ আগষ্ট : উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত নিৰাপত্তাৰক্ষীৰ আৰু সন্ত্ৰাসবাদী মাজত দুটাকৈ পৃথক গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ এই গুলীচালনাত কমেও তিনিটা সন্ত্ৰাসবাদী নিহত হোৱাৰ সন্দেহ কৰা হৈছে ৷ বুধবাৰে নিশা টাংধৰ আৰু কামকাডীত সংঘটিত হয় এই এনকাউণ্টাৰ ঘটনা ।

বৰ্তমান এই স্থানসমূহত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ তালাচী অভিযান । ৰাজৌৰী জিলাৰ লাঠি অঞ্চলত বৃহস্পতিবাৰে পুৱা সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজতো সংঘৰ্ষ হয় । তথ্য অনুসৰি, উক্ত অঞ্চলটোত দুইৰ পৰা তিনি সন্ত্ৰাসবাদী শিৱিৰ আছে ৷ নিৰাপত্তা বাহিনীয়ে উক্ত অঞ্চল ঘেৰাও কৰি তালাচী অভিযান চলাই আছে ।

সংবাদ সংস্থা ANI য়ে উল্লেখ কৰা খবৰ অনুসৰি, আৰক্ষী আৰু সেনাৰ দলে যৌথভাৱে লাঠি অঞ্চলতটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে । এই সময়ছোৱাত সেনাৰ যৌথ দলটোৱে সন্দেহজনক এটা স্থানৰ দিশে আগবাঢ়ি যায় ৷ তেনে সময়ত লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে ।

লগতে পঢ়ক :অৰুণাচলত গভীৰ খাদত পৰিল সেনাৰ গাড়ী: নিহত ৩ সেনা জোৱান - 3 jawan killed in Arunachal

ইয়াৰে প্ৰত্যুত্তৰ দিয়ে নিৰাপত্তা বাহিনীয়েও । এইদৰেই দুয়োপক্ষৰ মাজত গুলীচালনা হয় । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা গুলীচালনাৰ কথা নিশ্চিত কৰিছে । সূত্ৰ অনুসৰি, দুইৰ পৰা তিনিটা সন্ত্ৰাসবাদী উক্ত অঞ্চলত আবদ্ধ হৈ পৰাৰ সম্ভাৱনা আছে ।

  • কুপৱাৰাত নিহত তিনিটা সন্ত্ৰাসবাদী :

কুপৱাৰা জিলাৰ মাছাল খণ্ডৰ কামকাৰী ক্ষেত্ৰৰ পৰা সন্ত্ৰাসবাদীৰ এটা দলে অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ চোৰাংচোৱা তথ্য লাভ কৰাৰ পাচতে ভাৰতীয় সেনাৰ ৫৭ টা ৰাষ্ট্ৰীয় ৰাইফল (আৰ আৰ) আৰু ৫৩ টা পদাতিক ব্ৰিগেডে যুটীয়াভাৱে অভিযান আৰম্ভ কৰে । এজন বিষয়াই জনোৱা মতে, বুধবাৰে নিশা প্ৰায় ৭.৪৫ বজাত জোৱানসকলে সন্দেহজনক কাৰ্যকলাপ লক্ষ্য কৰে ।

আনকি নিৰাপত্তা বাহিনীয়েও সন্দেহজনক লোকক প্ৰত্যক্ষ কৰে । তাৰ পাচত নিৰাপত্তা বাহিনীক বাধা দিয়াৰ উদ্দেশ্যে সন্দেহজনক লোকে গুলীচালনা কৰে ৷ তাৰ পাচত জোৱানসকলেও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ৷

বিষয়াসকলে জনোৱা মতে, মাচিল ছেক্টৰত দুটা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে যদিও তেওঁলোকৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই । এতিয়াও অব্যাহত আছে এই অভিযান । টাংধৰত সংঘটিত এক সুকীয়া ঘটনাত এজন সন্ত্ৰাসবাদীৰ মৃত্যুৰ আশংকা কৰা হৈছে । এই অঞ্চলটোত চলি আছে অনুসন্ধান অভিযান । টাংধৰত এতিয়াও অব্যাহত আছে এই অভিযান ।

লগতে পঢ়ক :ভুৱা নক্সাল সংঘৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হ'ব : ক'লিন গনজালভেছ - Naxal encounter in Bastar

ABOUT THE AUTHOR

...view details