নেশ্যনেল ডেস্ক,২২ ফেব্ৰুৱাৰী :ভাৰতীয় ছাত্ৰী জাহ্নৱী কান্দুলাৰ হত্যাকাৰী কোনো অভিযোগৰ সন্মুখীন নহ'ব ! আমেৰিকাৰ ছিয়েটল আৰক্ষীয়ে এই কথা স্পষ্ট কৰিছে । উল্লেখ্য যে আমেৰিকাত এক দুৰ্ঘটনাত নিহত হৈছিল ভাৰতীয় ছাত্ৰীগৰাকী । জৰুৰীকালীন অৱস্থাত কৰ্তব্যৰত অৱস্থাত এগৰাকী আৰক্ষী বিষয়াৰ বাহনৰ খুন্দাত নিহত হৈছিল ছাত্ৰীগৰাকী । কিন্তু পৰ্যাপ্ত প্ৰমাণৰ অভাৱৰ বাবে ছিয়েটল আৰক্ষী বিষয়াগৰাকী কোনো অপৰাধমূলক অভিযোগৰ সন্মুখীন নহ'ব বুলি বিষয়াসকলে উল্লেখ কৰিছে ।
কিং কাউণ্টি প্ৰচিকিউটৰৰ কাৰ্যালয়ে কয় যে তেওঁলোকে ছিয়েটল আৰক্ষী বিষয়া কেভিন ডেভৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগৰ বাবে আগবাঢ়িব নোৱাৰে । বুধবাৰে প্ৰকাশিত এক বিবৃতিত কিং কাউণ্টি প্ৰচিকিউটিং এটৰ্ণিয়ে কয় যে কান্দুলাৰ মৃত্যু হৃদয় বিদাৰক আৰু ই কিং কাউণ্টি আৰু সমগ্ৰ বিশ্বৰ সম্প্ৰদায়সমূহক প্ৰভাৱিত কৰিছে ।
বিগত বছৰ ২৩ জানুৱাৰীত ছিয়েটলত ৰাস্তা পাৰ হৈ যোৱাৰ সময়তে ২৩ বছৰীয়া কান্দুলাক আৰক্ষীৰ বাহনে খুন্দা মাৰিছিল । বিষয়া ডেভে সেই বাহনখন চলাই আছিল । কোৱা হৈছে যে আৰক্ষী বিষয়াগৰাকীয়ে এক জৰুৰীকালীন ফোন কল পাইছিল যাৰ অধীনত তেওঁ অত্যধিক ড্ৰাগছ সেৱন কৰা এজন ব্যক্তিক উদ্ধাৰ কৰিব লগা হৈছিল । তেওঁ ৭৪ মাইল প্ৰতি ঘণ্টাত বাহনখন চলাই আছিল । দ্ৰুতবেগী আৰক্ষীৰ তহলদাৰী বাহনৰ খুন্দাত কান্দুলা ১০০ ফুট দূৰত গৈ পৰিছিল ।
ছিয়েটল আৰক্ষী বিভাগে মুকলি কৰা বডীকেম ফুটেজত দেখা গৈছে যে ডেনিয়েল অৰ্ডাৰ নামৰ এজন আৰক্ষী বিষয়াই মাৰাত্মক দুৰ্ঘটনাৰ পিচত ডেভৰ দোষ আছিল বা অপৰাধমূলক তদন্তৰ প্ৰয়োজনীয়তাৰ সম্ভাৱনাৰ কথা কৈছিল ।