অসম

assam

ETV Bharat / bharat

ভাৰতীয় সেনাই নিজৰ অস্ত্ৰভাণ্ডাৰত অন্তৰ্ভুক্ত কৰিলে নাগঅস্ত্ৰ-১ ছুইচাইড ড্ৰোন - Indian Army - INDIAN ARMY

NAGASTRA 1 : উন্নত দেশৰ ড্ৰ’নতকৈ উন্নত বৈশিষ্ট্যৰে ভাৰতীয় সেনাৰ অস্ত্ৰ ভাণ্ডাৰত সংযোজন হ’ল নাগঅস্ত্ৰ-১ ৷ ই শত্ৰুৰ লক্ষ্যত নিখুঁতভাৱে আঘাত কৰিবলৈ সক্ষম। ৰাডাৰত ধৰা নপৰাকৈ ই আক্ৰমণ কৰিব পাৰে।

INDIAN ARMY INDUCTS SUICIDE DRONE
ভাৰতীয় সেনাৰ অস্ত্ৰ ভাণ্ডাৰত সংযোজন হ’ল নাগঅস্ত্ৰ-১ (ETV BHARAT)

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 10:57 PM IST

নেশ্যনেল ডেস্ক, 15 জুন : শত্ৰুৰ বুকুত কঁপনি তুলি ভাৰতীয় সেনাই নিজৰ অস্ত্ৰভাণ্ডাৰত সংযোজন কৰিলে আন এক নতুন অস্ত্ৰ ৷ মহাৰাষ্ট্ৰৰ নাগপুৰত ছ’লাৰ ইণ্ডাষ্ট্ৰীজে নিৰ্মাণ কৰা নাগঅস্ত্ৰ-1 ভাৰতীয় সেনাক গতাই দিয়া হৈছে ৷ মুঠ 480 খন নাগঅস্ত্ৰ সেনাবাহিনীয়ে অৰ্ডাৰ দিছিল, ইয়াৰে 120 খন নাগঅস্ত্ৰ আৰ্মী অৰ্ডনেন্স ডিপোত উপস্থিত হয় ৷ এই নাগঅস্ত্ৰ-1 বিমান আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয় ৷ এই অস্ত্ৰই ইউ এ ভি ভিত্তিক ব্যৱস্থাৰ সৈতে কাম কৰে ৷ ই শত্ৰুৰ যিকোনো লক্ষ্যত আঘাত হানিব পাৰে ৷ জি পি এছ ভিত্তিক নাগঅস্ত্ৰ-1 দুই মিটাৰ সঠিকতাৰে উৎক্ষেপণ কৰিব পৰা যাব ৷ ইয়াক আত্মঘাতী ড্ৰোন বুলিও জনা যায় ৷

নাগঅস্ত্ৰই এঘণ্টা উৰা মাৰিব পাৰে-

9 কেজি ওজনৰ এই ড্ৰ’নে প্ৰায় 4,500 মিটাৰ উচ্চতালৈকে উৰিব পাৰে ৷ ৰাডাৰত ধৰা নপৰাকৈ ই আক্ৰমণ কৰিব পাৰে ৷ ই আত্মঘাতী ড্ৰোন হিচাপেও কাম কৰে ৷ ইয়াৰ উৰণ ক্ষমতা 60 মিনিট ৷ ইয়াৰ ৰেঞ্জ মেইন লুপত 15 কিলোমিটাৰ আৰু অটোন’মাছ মোডত 30 কিলোমিটাৰ ৷

লগতে পঢ়ক :NCC ৰ ADG আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বৈঠক - Gagan Deep meets Mizoram CM

উন্নত দেশৰ ড্ৰোনতকৈ ভাল-

নাগঅস্ত্ৰৰ নিৰীক্ষণ কেমেৰা আছে যিয়ে দিনে নিশাই কাম কৰে ৷ উন্নত দেশৰ ড্ৰ’নতকৈ ইয়াৰ ডিজাইন ভাল ৷ নাগঅস্ত্ৰত বিৰতি, পুনৰুদ্ধাৰ আৰু পুনৰ ব্যৱহাৰৰ দৰে বৈশিষ্ট্য আছে ৷ লক্ষ্য দুৰ্গম হ’লে বা মাজভাগত মিছন বাতিল হ’লে নাগঅস্ত্ৰক পুনৰ আহ্বান অথবা ঘূৰাই আনিব পাৰি ৷ ইয়াৰ উপৰিও ইয়াত কোমল অৱতৰণ বা ছফ্ট লেণ্ডিঙৰ বাবে পেৰাচুটৰ সুবিধাও আছে ৷ মন কৰিবলগীয়া যে ইয়াক ঘৰুৱাভাৱে উন্নত বৈশিষ্ট্যৰে ডিজাইন কৰা হৈছে ৷

লগতে পঢ়ক :ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ অভিযানত ৮ নক্সালবাদী নিহত: শ্বহীদ ১ জন - Encounter in Chhattisgarh

ABOUT THE AUTHOR

...view details