অসম

assam

ETV Bharat / bharat

অৰুণাচলৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনাৰ পূৰ্বী প্ৰহৰ অনুশীলন

ভাৰতীয় স্থলসেনা, নৌসেনা আৰু বায়ুসেনাই যৌথভাৱে অৰুণাচলৰ এল এ চিৰ ওচৰত এই কৌশলগত সামৰিক অনুশীলন চলাই আছে ।

Poorvi Prahar exercise
অৰুণাচলৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনাৰ 'পূৰ্বী প্ৰহৰ' অনুশীলন (X@IndianArmy)

By ETV Bharat Assamese Team

Published : 5 hours ago

তেজপুৰ : ভাৰতীয় সেনাৰ বিশেষ সামৰিক অনুশীলন অৰুণাচলত । অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত চলি আছে ত্ৰি-সেৱা অনুশীলন ‘‘পূৰ্বী প্ৰহৰ’’ (Poorvi Prahar) । এই অনুশীলনত ভাৰতীয় সেনাৰ স্থলসেনা, বায়ুসেনা আৰু নৌসেনাৰ বৃহৎ পৰিসৰৰ, সংহত অনুশীলনৰ জৰিয়তে সশস্ত্ৰ বাহিনীৰ শক্তি প্ৰদৰ্শন কৰা হৈছে ।

প্ৰতিৰক্ষা বিভাগে ফালৰ পৰা জানিব পৰা মতে, এই অনুশীলনত পৰৱৰ্তী প্ৰজন্মৰ আৰ্টিলাৰী, উন্নত কৌশল আৰু সংহত অভিযানৰ বৈশিষ্ট্য আছে । এই অভিযানৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ অত্যাধুনিক অস্ত্ৰৰ অনুশীলন সেনাৰ তিনিওটা বাহিনীৰ দলে ব্যৱহাৰ কৰিছে । সেনাবাহিনীৰ অতিৰিক্ত সঞ্চালক আৰু প্ৰতিৰক্ষা মুখপাত্ৰই সামাজিক মাধ্যম এক্সত ইয়াৰ ভিডিঅ' আৰু তথ্য প্ৰকাশ কৰিছে ।

ভিডিঅ'সমূহৰ পৰা দেখা গৈছে যে বায়ুসেনা বিভাগৰ বিভিন্ন প্ৰকাৰৰ হেলিকপ্টাৰৰ জৰিয়তে সেনাৰ জোৱানসকলে আকাশৰ পৰা স্থলভাগৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ দৃশ্য দেখুওৱা হৈছে । আনহাতে, মানৱবিহীন যন্ত্ৰ আৰু ড্ৰোণৰ প্রয়োগেৰে সীমান্তৰ একেবাৰে কাষত অনুশীলন কৰা হৈছে । স্থানীয় অঞ্চল আঞ্জাওত চৰকাৰী বিদ্যালয়ত সেনাৰ বৃহৎ শিবিৰ স্থাপন কৰা হৈছে ।

স্থলসেনাৰ অনুশীলন (X@IndianArmy)

সীমান্তৰ তিনিটা উপত্যকা অন্দ্ৰেলা, মালিনী আৰু জাৰুৰ পৰা নামনি অংশত এই অনুশীলন চলি থকা বুলি জানিব পৰা গৈছে । এই তিনিটা উপত্যকা সীমান্তৰ একেবাৰে কাষতে অৱস্থিত । সেনাৰ এক্সত উল্লেখ কৰিছে যে ‘‘পূৰ্বী প্ৰহৰ’’ হৈছে সেনাৰ তিনিওটা বাহিনীৰ এক বিশেষ শক্তি আৰু যৌথভাৱে কাম কৰাৰ এক বিশেষ অনুশীলন ।

বায়ুসেনাৰ অনুশীলন (X@IndianArmy)

ইতিমধ্যে এই অনুশীলন অৰুণাচল প্ৰদেশৰ সীমান্তত চলি আছে । অৱশ্যে কিমান দিন ধৰি এই অনুশীলন চলিব সেই বিষয়ে কোনো তথ্য উল্লেখ কৰা নাই ।

লগতে পঢ়ক :ঝান্সী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ড; ১০টা নৱজাতকৰ মৃত্যু
লগতে পঢ়ক :অসম-মণিপুৰ সীমান্তত মেইটেই সম্প্ৰদায়ৰ ২ শিশু আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details