অসম

assam

ETV Bharat / bharat

ইউনেস্কোৰ বিশ্ব ঐতিহ্য কেন্দ্ৰলৈ ভাৰতৰ ১০ লাখ ডলাৰৰ বৰঙণি - PM Narendra Modi

46th session of the World Heritage Committee: গ্ল'বেল চাউথৰ দেশসমূহতো ঐতিহ্য সংৰক্ষণৰ বাবে সহায়ক হ’বলৈ ভাৰতে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য কেন্দ্ৰলৈ ১০ লাখ ডলাৰ বৰঙণি আগবঢ়াব ৷ নতুন দিল্লীত মণ্ডপামত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে এই কথা ৷

By ANI

Published : Jul 21, 2024, 10:39 PM IST

PM Narendra Modi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ANI Photos)

নিউজ ডেস্ক, ২১ জুলাই:ভাৰতে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য কেন্দ্ৰলৈ ১০ লাখ ডলাৰ বৰঙণি আগবঢ়াব যাতে দেশসমূহৰ বিশেষকৈ গ্ল’বেল চাউথৰ ঐতিহ্য সংৰক্ষণৰ বাবে সহায়ক হয় । ভাৰতত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি আজি নতুন দিল্লীত মণ্ডপামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিশ্ব ঐতিহ্য সংৰক্ষণক নিজৰ দায়িত্ব বুলি গণ্য কৰে আৰু সেয়েহে, কেৱল ভাৰততে নহয়, গ্ল’বেল চাউথৰ দেশসমূহতো ঐতিহ্য সংৰক্ষণৰ বাবে সহায় আগবঢ়াইছে ।

"ভাৰতে বিশ্ব ঐতিহ্য সংৰক্ষণক নিজৰ দায়িত্ব বুলি গণ্য কৰে আৰু সেয়েহে, আমি কেৱল ভাৰততে নহয়, গ্ল'বেল চাউথৰ দেশসমূহতো ঐতিহ্য সংৰক্ষণৰ বাবে সহায় আগবঢ়াইছো । ভাৰতে কম্বোডিয়াৰ অংকৰ ৱাট, ভিয়েটনামৰ চাম মন্দিৰ, ম্যানমাৰৰ বাগান ষ্টুপা আদি বহু ঐতিহ্য সংৰক্ষণত সহায় কৰি আছে । এই দিশত মই এটা ঘোষণা কৰিছো । ইউনেস্কোৰ বিশ্ব ঐতিহ্য কেন্দ্ৰলৈ ভাৰতে ১০ লাখ ডলাৰ বৰঙণি আগবঢ়াব । এই অনুদান সামৰ্থ্য বিকাশ, কাৰিকৰী সহায়, আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হ’ব ।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।

ভাৰতত যুৱ পেছাদাৰীসকলৰ বাবেও বিশ্ব ঐতিহ্য ব্যৱস্থাপনাৰ এটা প্ৰমাণপত্ৰ কাৰ্যসূচী আৰম্ভ হৈছে । তেওঁ লগতে কয় ।

প্ৰধানমন্ত্ৰীয়ে সকলোকে ইজনে সিজনৰ ঐতিহ্যক আগুৱাই নিবলৈও আহ্বান জনায় ।

"আজি বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশনৰ জৰিয়তে ভাৰতৰ আহ্বান হৈছে ইজনে সিজনৰ ঐতিহ্যক আগুৱাই নিয়াৰ বাবে একত্ৰিত হোৱা । আহক আমি মানৱ কল্যাণমূলক আৱেগ সম্প্ৰসাৰণৰ বাবে একত্ৰিত হওঁ । বিশ্বইও এনে এটা সময় দেখিছে যেতিয়া ঐতিহ্যক আওকাণ কৰা হৈছিল । কিন্তু আজিৰ যুগটো বহুত বেছি সচেতন ।"

তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ দৃষ্টিভংগী উন্নয়ন আৰু ঐতিহ্য দুয়োটা ।"বিগত ১০ বছৰত ভাৰতে আধুনিক উন্নয়নৰ নতুন মাত্ৰা স্পৰ্শ কৰাৰ লগতে নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰাৰ প্ৰতিশ্ৰুতিও দিছে । সেয়া কাশীৰ বিশ্বনাথ কৰিড'ৰ হওক বা অযোধ্যাৰ ৰাম মন্দিৰেই হওক অথবা প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ৰ আধুনিক চৌহদ হওক, সমগ্ৰ দেশতে এনে অসংখ্য কাম চলি আছে ৷ আজি আয়ুৰ্বেদৰ সুফল সমগ্ৰ বিশ্বতে বিয়পি পৰিছে, কিন্তু ই ভাৰতৰ বৈজ্ঞানিক ঐতিহ্য ।"

প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাও আঙুলিয়াই দিয়ে যে ভাৰতৰ ঐতিহ্য কেৱল ইতিহাস নহয়; ই বিজ্ঞানো । ভাৰতৰ ঐতিহ্যত শীৰ্ষ মানৰ অভিযান্ত্ৰিকতাৰ এক গৌৰৱময় যাত্ৰাৰ সাক্ষী হ'ব পাৰি । দিল্লীৰ পৰা মাত্ৰ কেইশ কিলোমিটাৰ দূৰত ৩৫০০ মিটাৰ উচ্চতাত কেদাৰনাথ মন্দিৰ । আজিও সেই ঠাইখন ভৌগোলিকভাৱে ইমানেই প্ৰত্যাহ্বানজনক যে মানুহে বহুত খোজ কাঢ়ি যাবলগীয়া হয় বা হেলিকপ্টাৰেৰে যাব লাগে ।

"পৃথিৱীত ঐতিহ্যৰ বিভিন্ন কেন্দ্ৰ আছে যদিও ভাৰত ইমানেই প্ৰাচীন যে বৰ্তমানৰ প্ৰতিটো বিন্দুই এটা গৌৰৱময় অতীতৰ কাহিনী বৰ্ণনা কৰে । বিশ্বই দিল্লীক ভাৰতৰ ৰাজধানী বুলি জানে যদিও এই চহৰখনো হাজাৰ বছৰীয়া ঐতিহ্যৰ কেন্দ্ৰবিন্দু । ইয়াত প্ৰতিটো খোজতে আপুনি ঐতিহাসিক ঐতিহ্যৰ সাক্ষী হ’ব । ইয়াৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত কেইবা টন ওজনৰ এটা লোহাৰ খুঁটা আছে । ২০০০ বছৰ ধৰি মুকলি ঠাইত থিয় হৈ থকা এটা স্তম্ভ, তথাপিও ইয়াত আজিলৈকে মামৰে ধৰা নাই । ইয়াৰ পৰাই বুজা যায় যে সেই সময়তো ভাৰতৰ ধাতুবিদ্যা কিমান উন্নত আছিল । এইটো স্পষ্ট যে ভাৰতৰ ঐতিহ্য কেৱল ইতিহাসেই নহয়, ই বিজ্ঞানো ।" প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় ।

প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূব ভাৰতৰ এখন ঐতিহাসিক স্থানক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে বুলি সভাত উল্লেখ কৰে । "বিশ্ব ঐতিহ্য সমিতিৰ এই কাৰ্যসূচী ভাৰতৰ বাবে এক গৌৰৱৰ কৃতিত্ব । মোক জনোৱা হৈছে যে উত্তৰ-পূৱ ভাৰতৰ ঐতিহাসিক "মৈদাম"ক ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । এয়া হ’ব ভাৰতৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ঐতিহ্য ক্ষেত্ৰ যিয়ে সাংস্কৃতিক বিশ্ব ঐতিহ্যৰ মৰ্যাদা লাভ কৰিব ।’ এই কথা অৱগত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

লগতে পঢ়ক:ইউনেস্কো বিশ্ব ঐতিহ্য সমিতিৰ সভাত চৰাইদেউ মৈদামক লৈ আলোচনাৰ সম্ভাৱনা - Charaideo Maidam

ABOUT THE AUTHOR

...view details