নিউজ ডেস্ক, 11 আগষ্ট: থলুৱা যুঁজাৰু বিমান নিৰ্মাণৰ ক্ষেত্ৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে ৷ ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ৪.৫ প্ৰজন্মৰ প্লাছ LCA Mark 2 যুঁজাৰু বিমানে উৰণ আৰম্ভ কৰিব আৰু ২০২৯ চনৰ ভিতৰত ইয়াৰ বহুল উৎপাদন আৰম্ভ হ’ব । ইয়াৰ উপৰিও ভাৰতীয় পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্টৰ বহুল উৎপাদন ২০৩৫ চনৰ ভিতৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰতিৰক্ষা বিষয়াসকলে এএনআইক জনায় ।
কিছুদিন পূৰ্বে ডি আৰ ডি অ’ৰ অধ্যক্ষ ড৹ সমীৰ ভি কামাত আৰু ভাৰতীয় বায়ুসেনাৰ উপ-মুখ্য এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতৰ নেতৃত্বত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত থলুৱা যুদ্ধ বিমান কাৰ্যসূচীৰ সময়সীমাৰ বিষয়ে আলোচনা কৰা হৈছিল ।
ড৹ কামাত আৰু এয়াৰ মাৰ্শ্বাল দীক্ষিতে ডি আৰ ডি অ’ ভৱনত এৰ’নটিকেল ডেভেলপমেণ্ট এজেন্সীৰ LCA Mark 2 ডেভেলপমেণ্ট কাৰ্যসূচীৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ।
প্ৰ’ট’টাইপৰ উৰণ পৰীক্ষণৰ লগতে চিষ্টেম আৰু উপ-চিষ্টেমৰ বিকাশৰ সৈতে জড়িত সকলো ডি আৰ ডি অ’ লেব আৰু ক্লাষ্টাৰৰ সঞ্চালক প্ৰধানে প্ৰথম উৰণৰ যোগ্যতাক বাস্তৱায়িত কৰাৰ দিশত উন্নয়নৰ অৱস্থা, বিপদ আৰু প্ৰশমন পৰিকল্পনাত অংশগ্ৰহণ কৰিছিল আৰু প্ৰট’টাইপ উপস্থাপন কৰিছিল বুলি ডি আৰ ডি অ’ৰ বিষয়াসকলে জনায় ।
বৈঠকৰ সময়ত LCA Mark 2 কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা হয় । যদিও এতিয়া এই কাৰ্যসূচীত প্ৰায় এবছৰ পলম হ’ব, তথাপিও ইয়াৰ পূৰ্বে ২০২৫ চনৰ আৰম্ভণিতে প্ৰ’ট’টাইপটো সাজু হোৱাৰ কথা আছিল । অনুমোদিত ধন মুকলি কৰাত পলম হোৱাৰ বাবেই টাইমলাইন পিছুৱাব লগা হৈছে, কিয়নো ই পৰৱৰ্তী থলুৱা যুঁজাৰু বিমানৰ ইঞ্জিনৰ চুক্তি স্বাক্ষৰৰ সৈতে জড়িত আছিল ।
LCA ৰ সকলো বিমান আমেৰিকাৰ জি ই ইঞ্জিনেৰে চালিত হ’ব । LCA Mark 1 আৰু Mark 1 A জিই-৪০৪ ৰ দ্বাৰা চালিত হ’ব যদিও LCA Mark 2 জিই-৪১৪ৰ দ্বাৰা চালিত হ’ব, যিটো ভাৰতত আমেৰিকান প্ৰতিষ্ঠানটোৱে থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰিব ।