নিউজ ডেস্ক, ১৬ মাৰ্চ :আগন্তুক দিনত দেশত পৰিৱৰ্তন অনাৰ প্ৰতিশ্ৰুতিৰে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া ব্লকে দেওবাৰে মুম্বাইৰ পৰা লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাব । ভাৰতৰ নিৰ্বাচন আয়োগে শনিবাৰে পৰৱৰ্তী লোকসভালৈ ৫৪৩ গৰাকী সদস্য নিৰ্বাচিত কৰাৰ সময়সূচী ঘোষণা কৰাৰ এদিন পিচতে বিৰোধী মিত্ৰজোঁটে এই শক্তি প্ৰদৰ্শন কৰিব ।
উল্লেখ্য যে অহা এপ্ৰিল আৰু মে' মাহত কেইবাটাও পৰ্যায়ত নিৰ্বাচনৰ সময়সূচী চলাৰ সম্ভাৱনা আছে । আনহাতে, ফলাফল মে' মাহৰ তৃতীয় সপ্তাহমানত ওলাব পাৰে ।
আনহাতে, কংগ্ৰেছৰ আভ্যন্তৰীণ সূত্ৰ মতে, আগন্তুক নিৰ্বাচনী যুঁজৰ বাবে দেশৰ সবাতোকৈ পুৰণি দলটোৰ মূল শ্লোগান হ'ব 'হাথ বদলেগা হালাত' অৰ্থাৎ হাতে (কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক) দেশত পৰিৱৰ্তন আনিব ।
যিহেতু ইণ্ডিয়া ব্লকৰ বেছিভাগে উক্ত পৰিৱৰ্তন প্ৰক্ৰিয়াৰ অংশ হ'বলৈ প্ৰতিশ্ৰুতিবদ্ধ, সেয়ে এই অনুষ্ঠানত এনচিপিৰ শৰদ পাৱাৰ, শিৱসেনা ইউবিটিৰ উদ্ধৱ থাকৰে, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, ৰাষ্ট্ৰীয় জনতা দলৰ তেজস্বী যাদৱ, ডিএমকেৰ এম কে ষ্টেলিন, আম আদমি পাৰ্টীৰ সৌৰভ ভৰদ্বাজ, চিপিআই-এমএল আৰু ফাৰুক আব্দুল্লাৰ নেচনেল কনফাৰেন্স উপস্থিত থাকিব বুলি আশা কৰা হৈছে । এই কাৰ্যসূচীয়ে ৰাহুল গান্ধীৰ দেশজোৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সমাপ্তি ঘোষণা কৰিব ।