নেশ্যনেল ডেস্ক, ২ ফেব্ৰুৱাৰী :যোৱা কেইবা দশক ধৰি ভাৰতে প্ৰতিদ্বন্দী পাকিস্তান আৰু চীনৰ সৈতে স্থল সীমাত প্ৰতিৰক্ষা নীতি প্ৰস্তুত কৰাত জড়িত হৈ আছে । এতিয়া ভাৰতৰ বিশ্বব্যাপী উচ্চাকাংক্ষা বিস্তাৰিত হোৱাৰ লগে লগে আন্তৰ্জাতিক জলসীমাত নৌ শক্তি বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে । তাৰ ভিতৰত আছে জলদস্যু বিৰোধী তহল আৰু হামাছৰ সৈতে ইজৰাইলৰ যুদ্ধৰ সময়ত জাহাজবোৰক আক্ৰমণৰ পৰা সুৰক্ষিত কৰাত সহায় কৰাৰ বাবে লোহিত সাগৰৰ ওচৰত ব্যাপকভাৱে নিয়োজিত হোৱা ।
য়েমেন ভিত্তিক হুথি বিদ্ৰোহীসকলে যেতিয়া জাহাজসমূহক লক্ষ্য হিচাপে ল'বলৈ আৰম্ভ কৰিছিল, তেতিয়া ভাৰতে সেই অঞ্চললৈ যুদ্ধজাহাজ প্ৰেৰণ কৰিছিল । জানিব পৰা মতে, ভাৰতে নৱেম্বৰত তিনিখন মিছাইল ধ্বংসকাৰী আৰু পুনৰীক্ষণ জাহাজ প্ৰেৰণ কৰিছিল ।
২০২১ চনত ভাৰতৰ দক্ষিণ নৌ সেনা কমাণ্ডৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰা উপ-এড মিঃ অনিল কুমাৰ চাওলাই এই সন্দৰ্ভত কয় যে এই পদক্ষেপে দেশখনক আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক স্থিৰতাৰ ক্ষেত্ৰত এক সক্ৰিয় অৱদানকাৰী হিচাপে আলোকপাত কৰিছে ।
তেওঁ উল্লেখ কৰা মতে, ভাৰতে এয়া কেৱল আনৰ সহায়ৰ বাবে কৰা নাই । প্ৰাক্তন বিষয়াগৰাকীৰ মতে যেতিয়ালৈকে আপুনি সামুদ্ৰিক শক্তি হ'ব নোৱাৰে তেতিয়ালৈকে আপুনি কেতিয়াও বিশ্ব শক্তি হোৱাৰ আকাংক্ষা কৰিব নোৱাৰে । তেওঁ কয় যে ইতিমধ্যে এক আঞ্চলিক শক্তি হিচাপে ভাৰতে নিজকে এক গোলকীয় খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিছে, যি হৈছে আগন্তুক বিশ্ব শক্তিৰ ইংগিত ।
ভাৰতে লোহিত সাগৰৰ শেহতীয়া নিযুক্তি সম্পৰ্কে ব্যাপকভাৱে প্ৰচাৰ কৰি আছে । ইয়াৰ লগে লগে ভাৰতে বিশ্বৰ বাবে সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত এক বহল দায়িত্ব লোৱাৰ আকাংক্ষা আৰু আঞ্চলিক প্ৰতিদ্বন্দী চীনৰ প্ৰতি ইয়াৰ বৰ্ধিত সামুদ্ৰিক উচ্চাকাংক্ষাৰ সংকেত দিছে ।
চাওলাৰ মতে এয়া চীনৰ বাবে এটা বাৰ্তা হ'ব । ভাৰতে দেখুৱাব বিচাৰিছে যে দেশখনে ডাঙৰ বাহিনী মোতায়েন কৰিব পৰা সামৰ্থ্য আছে । সম্ভৱতঃ আটাইতকৈ সক্ষম আৰু দায়িত্বশীল নৌ শক্তি হিচাপেও ভাৰতে দেখুৱাব বিচাৰে ।
শেহতীয়াকৈ ভাৰতীয় নৌসেনাই কমেও ৪ খন জাহাজক সহায় কৰিছে । তাৰ ৩ খনত হুথি বিদ্ৰোহীয়ে আক্ৰমণ কৰিছিল আৰু আনখন ইৰাণৰ বুলি আমেৰিকাই দাবী কৰিছে । লগতে ভাৰতে কেইবাটাও জলদস্যু বিৰোধী অভিযানো পৰিচালনা কৰিছে ।