নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ:আকৰ্ষণীয় হৈ পৰিছে পৰ্যটনস্থলী ছিমলা ৷হিমাচল প্ৰদেশৰ কিছু অংশত সতেজ বৰফ পৰাৰ পিছত উত্তৰ ভাৰতৰ পৰা পৰ্যটকৰ ভিৰ আৰম্ভ হৈছে জনপ্ৰিয় পাহাৰীয়া স্থান ছিমলালৈ ।
পাহাৰীয়া কুফ্ৰিত থকা পঞ্জাৱৰ পৰ্যটক অতুল জৈনে তুষাৰপাতৰ অভিজ্ঞতা লাভ কৰিবলৈ ছিমলালৈ আহে ৷ তেওঁ কয়," মই সকলোকে অনুৰোধ কৰিম যে ইয়ালৈ আহি ইয়াৰ সুন্দৰ বতৰৰ আমেজ লওঁক ।"
প্ৰথমবাৰৰ বাবে বৰফ পৰাৰ অভিজ্ঞতা লাভ কৰা দিল্লীৰ জিনুৱে কয়, "মোৰ সপোন বাস্তৱায়িত হ'ল । ই এক সুন্দৰ দৃশ্য । বৰফ দেখি মই অতি আনন্দিত অনুভৱ কৰিছো । সকলোৱে ইয়ালৈ আহি নতুন অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰা উচিত ।"
তুষাৰপাতে স্থানীয় হোটেল মালিকসকলকো উল্লাসিত কৰি তুলিছে, ইয়াৰ ফলত তেওঁলোকৰ পৰ্যটন উদ্যোগত অগ্ৰগতিৰ আশা পুনৰ সজীৱ হৈ উঠিছে । এনে বতৰৰ বাবে পাহাৰীয়া ৰাজ্যখনে যোৱা সময়ছোৱাত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে ৷ কাৰণ অঞ্চলটোত প্ৰচণ্ড বৰফ পৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি কেইবাটাও পথ অৱৰোধ হৈ পৰিছে ।