অসম

assam

ETV Bharat / bharat

প্ৰতিবাদী কৃষকৰ বিৰুদ্ধে NSA আৰোপৰ সিদ্ধান্ত প্ৰত্য়াহাৰ - Shambhu border protest

Farmers protest updates: চৰকাৰৰ বিৰুদ্ধে অব্যাহত আছে কৃষকৰ প্ৰতিবাদ ৷ পঞ্জাব-হাৰিয়ানা সীমান্তত তীব্ৰ ৰূপ লোৱা এই প্ৰতিবাদৰ মাজতে হাৰিয়ানা আৰক্ষীয়ে প্ৰতিবাদী কৃষকৰ বিৰুদ্ধে NSA ৰ অধীনত গোচৰ ৰুজুৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ অৱশ্য়ে শুকুৰবাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হয় ৷

NSA On Protesting Farmers
Farmers protest updates

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 5:35 PM IST

নিউজ ডেস্ক, 23 ফেব্ৰুৱাৰী: শুকুৰবাৰে হাৰিয়ানা আৰক্ষীয়ে পঞ্জাৱ-হাৰিয়ানা সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰা একাংশ কৃষক নেতাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA)ৰ অধীনত ব্যৱস্থা গ্ৰহণৰ পূৰ্বৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে । কৃষক নেতা আৰু ইউনিয়নৰ বিৰুদ্ধে NSA আৰোপ কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে আৰক্ষী বিভাগে । আম্বালা ৰেঞ্জৰ মহাপৰিদৰ্শক ছিবাছ কবিৰাজে কয় যে NSAৰ বিধান অনুসৰি কৃষক নেতাসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় । প্ৰতিবাদকাৰী কৃষকৰ বিৰুদ্ধে NSA ৰ অধীনত ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰি ছ’চিয়েল মিডিয়াত তেওঁৰ পূৰ্বে দিয়া পোষ্টটোও ডিলিট কৰা হৈছে ।

শুকুৰবাৰে পুৱা হাৰিয়ানা আৰক্ষীয়ে জাৰি কৰা এক বিবৃতিত কবিৰাজে স্পষ্ট কৰি দিয়ে যে NSA ৰ বিধান আৰোপ কৰাৰ সিদ্ধান্তক “পুনৰ বিবেচনা” কৰা হৈছে আৰু NSA প্ৰয়োগ কৰা নহ’ব বুলি সিদ্ধান্ত লোৱা হৈছে । লগতে তেওঁ কৃষকসকলক আইন-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে ।

বৃহস্পতিবাৰে আম্বালা আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে আইন-শৃংখলা বজাই ৰাখিবলৈ আৰু অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰিবলৈ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ৰ ২(৩) ধাৰাত প্ৰতিবাদকাৰী কৃষক সংগঠনৰ বিষয়ববীয়াক আটক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ।

‘দিল্লী চালো’ পদযাত্ৰা ৰোধৰ বাবে ১৩ ফেব্ৰুৱাৰীৰ পৰা শম্ভূ সীমান্তত স্থাপন কৰা বেৰিকেড ভাঙিবলৈ প্ৰতিবাদকাৰীসকলে নিৰন্তৰ চেষ্টা চলাই থকা বুলি আৰক্ষীয়ে অভিযোগ উত্থাপন কৰিছে ।

আৰক্ষী জোৱানৰ ওপৰত শিলগুটি নিক্ষেপ কৰি শম্ভূ সীমান্তত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰি আইন-শৃংখলা বিঘ্নিত কৰাৰ চেষ্টা চলাইছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । প্ৰতিবাদৰ সময়ত একাংশই চৰকাৰী আৰু ব্যক্তিগত সম্পত্তি ভাঙি পেলোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । এই সংগাতত দুজন আৰক্ষীৰ মৃত্যু হোৱাৰ লগতে ৩০ জন আহত হয়, য’ত এজনৰ মগজুৰ পৰা ৰক্তক্ষৰণ হয় ।

আৰক্ষীয়ে লগতে কয় যে প্ৰতিবাদকাৰীসকলে ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, টেলিগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি সামাজিক সম্প্ৰীতি বিঘ্নিত কৰা পোষ্ট শ্বেয়াৰ কৰিছিল । সামাজিক সম্প্ৰীতি বিঘ্নিত কৰিবলৈ ছ’চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে পোষ্ট কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি আৰক্ষীয়ে লগতে কয় যে প্ৰশাসনিক বিষয়া আৰু চৰকাৰৰ বিৰুদ্ধে ভুল শব্দ ব্যৱহাৰ কৰা হৈছে ।

ইয়াৰ পূৰ্বে আৰক্ষীয়ে চৰকাৰী সা-সম্পত্তিৰ ক্ষতিৰ ফলত হোৱা লোকচানৰ ক্ষতিপূৰণ দিবলৈ প্ৰতিবাদকাৰী কৃষকসকলৰ সম্পত্তি সংলগ্ন কৰাৰ লগতে বেংক একাউণ্ট জব্দ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ।

লগতে পঢ়ক:খানৌৰী সীমান্তত নিহত কৃষকৰ পৰিয়াললৈ পাঞ্জাব চৰকাৰৰ বৃহৎ ক্ষতিপূৰণ

ABOUT THE AUTHOR

...view details